ETV Bharat / state

মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক

author img

By

Published : Aug 14, 2021, 8:36 PM IST

75th Independence Day Special
মৰণোত্তভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰী বিশেষ সেৱা পদক

স্বাধীনতা দিৱসৰ উপলক্ষে অসম আৰক্ষীৰ 6 গৰাকী বীৰ জোৱানক মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু 5 গৰাকী আৰক্ষী বিষয়া-কৰ্মীলৈ মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ঘোষণা ৷ স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা হ’ব পদকসমূহ ৷

নিউজ ডেস্ক, 14 আগষ্ট : 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মিজো আৰক্ষীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ 6 গৰাকী বীৰ জোৱানক মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক ৷ ইয়াৰ লগতে 5 গৰাকী আৰক্ষী বিষয়া-কৰ্মীলৈ আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ৷ ইতিমধ্যে অসম চৰকাৰৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰা হৈছে ৷

বিবৃতিটোত উল্লেখ কৰা মতে, অসম-মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত দুভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ 6 গৰাকী বীৰ শ্বহীদক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী বিশেষ সেৱা পদক ৷ তেওঁলোক হৈছে- 21 নং অসম আৰক্ষী বেটেলিয়নৰ উপ-পৰিদৰ্শক স্বপন কুমাৰ ৰয়, 6 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান শ্যাম সুন্দৰ দুসাধ, 21 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান ছামচুজ জামান বৰভূঞাঁ, কাচাৰ জিলাৰ আৰক্ষীৰ জোৱান লিটন শুক্লবৈদ্য, মজৰুল হক বৰভূঞাঁ আৰু 6 নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান নজৰুল হুছেইন ৷

ইয়াৰ সমান্তৰালভাৱে 5 গৰাকী অসম আৰক্ষীৰ বিষয়া আৰু কৰ্মীক প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ৷ তেওঁলোক হৈছে IPS বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ পৰিদৰ্শক মুকুল কাকতি, বিশ্বনাথ জিলা আৰক্ষীৰ পৰিদৰ্শক সত্যেন সিং হাজাৰী, কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে কৰ্মৰত উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্ম আৰু কাৰ্বি আংলং আৰক্ষীৰ জোৱান বৰসিং বে' ৷

লগতে পঢ়ক: ৰাজ্যত বৃদ্ধি কৰা হ’ল বাহনৰ গতিবেগৰ সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.