ETV Bharat / state

নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ঘাইপথত অৱৰোধ আছুৰ

author img

By

Published : Dec 14, 2020, 7:56 PM IST

সমাগত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত ৩২নং ডিগাৰু সমষ্টিত তিৱা জনজাতি নথকা চন্দ্ৰপুৰ অঞ্চলৰ গাঁও সমূহ অন্তৰ্ভুক্ত কৰোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাইজে ৷

chandrapur-aasu-protest
নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ঘাইপথত অৱৰোধ আছুৰ

গুৱাহাটী, 14 ডিচেম্বৰ : সোমবাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ঘাইপথত অৱৰোধ কৰে ৰাইজে ৷ এই পথ অৱৰোধ কাৰ্যসূচীত অংশ ল‘লে শতাধিক ছাত্র কৰ্মীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ সমাগত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত ৩২নং ডিগাৰু সমষ্টিত তিৱা জনজাতি নথকা চন্দ্ৰপুৰ অঞ্চলৰ গাঁও সমূহ অন্তৰ্ভুক্ত কৰোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাইজে ৷

chandrapur-aasu-protest
নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ঘাইপথত অৱৰোধ আছুৰ

উল্লেখ্য যে, চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে কোনো কাৰণতে এই নিৰ্বাচন মানি নলয় বুলি মন্তব্য কৰে ৷ শীঘ্ৰেই তিৱা জনজাতি নথকা গাঁও সমূহক কৰ্তন কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক: বন্যহস্তীক সুৰক্ষা দিয়াত বিফল হৈছে নেকি বন বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.