ETV Bharat / state

LIC IPO: এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

author img

By

Published : Feb 2, 2022, 5:48 PM IST

কেন্দ্ৰীয় চৰকাৰে জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Initial public offering of LIC)৷ মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা প্ৰকাশ কৰাৰ পিছতেই ভিন্ন মহলত চৰ্চা লাভ কৰিছে বিষয়টোৱে ৷ উল্লেখ্য, বাজেট ঘোষণাৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, এল আই চিৰ শ্বেয়াৰ সোনকালেই বিক্ৰী কৰা হ'ব । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ ভাৰত বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন উপ-সভাপতি শতঞ্জীৱ দাসে (budget proposal on lic ipo slammed) ৷

LIC IPO
এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: এইবৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত এল আই চি’ৰ শ্বেয়াৰ বিক্ৰী কৰি তাৰ জৰিয়তে ১ লাখ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে । মঙলবাৰে সংসদত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (budget proposal on lic ipo slammed)। এই বিষয় সম্পৰ্কে ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত সদৌ ভাৰত বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমৰ আহ্বায়ক শতঞ্জীৱ দাসে কয় যে, এল আই চিৰ শ্বেয়াৰ বিক্ৰী কৰা(LIC share sell) মানেই বেচৰকাৰীকৰণৰ প্ৰথম ধাপ ।

এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

চৰকাৰৰ এই পদক্ষেপ এল আই চি, এল আই চিৰ কৰ্মচাৰী, বীমা গ্ৰাহক বিৰোধীয়েই নহয়, ই জাতীয় স্বাৰ্থৰ বিৰোধী । তেওঁ কয় যে, ১৯৫৬ চনত যেতিয়া ৰাষ্ট্ৰীয়কৃত এল আই চি’য়ে যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া ওৱাৰ্কিং কেপিটেল হিচাপে কেন্দ্ৰীয় চৰকাৰে ‌আগবঢ়াইছিল মাত্ৰ ৫ কোটি টকা । ইয়াৰ পিছত আৰু এক পইচাও আগবঢ়োৱা নাই । কিন্তু সেই ৫ কোটি টকাৰ বিনিময়ত কেৱল মাত্ৰ লভ্যাংশ হিচাপে আজিলৈকে এল আই চি’য়ে চৰকাৰলৈ আগবঢ়াইছে ২৮,০০০ কোটিৰো অধিক টকা । ২০১৯-২০ চনৰ এটা বছৰতেই আগবঢ়াইছে ২৬৯৭.৭৪ কোটি টকা । সেই বছৰটোত বিভিন্ন কৰৰ বাবদ এল আই চি’য়ে চৰকাৰক দিছে ১০২২৫.২৪ কোটি টকা ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ চিকিউৰিটিত এল আই চি-য়ে ২০২১ৰ ৩১ মাৰ্চলৈকে বিনিয়োগ কৰিছে ২৩ লাখ‌ ৭৫ হেজাৰ ৩৬৫ কোটি টকা । দেশৰ আন্তঃগাঁথনিমূলক ক্ষেত্ৰত বিনিয়োগ কৰিছে ৩ লাখ ১১ হেজাৰ ১৬২ কোটি টকা(৩১মাৰ্চ,২০২১) । যি সংস্থাটোৱে ৫ কোটি টকা পুজিৰে যাত্ৰা আৰম্ভ কৰিছিল আজি সেই সংস্থাৰ সম্পদৰ পৰিমাণ‌ হৈছে ৩৮ লাখ ৪ হেজাৰ ৬১০.১ কোটি টকা । এই সমগ্ৰ সম্পদ এল আই চি’য়ে আভ্যন্তৰীণভাৱে সৃষ্টি কৰিছে । ইয়াত যিসকলৰ অৰিহণা আটাইতকৈ বেছি তেওঁলোক হৈছে এল আই চি’ৰ ৪০ কোটি বীমাগ্ৰাহক ।

চৰকাৰে ‌এই অত্যন্ত সফল আৰু লাভজনক ৰাষ্ট্ৰীয়কৃত সংস্থাটোক বিলগ্নীকৰণ আৰু বেচৰকাৰীকৰণ কৰিবলৈ আগবঢ়াতো জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰে শতঞ্জীৱ দাসে ৷

লগতে পঢ়ক: Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.