ETV Bharat / state

Lakshya Konwar slams Bhupen Borah: ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি লক্ষ্য কোঁৱৰৰ

author img

By

Published : May 27, 2023, 6:20 PM IST

"মেধাসম্পন্ন, নিষ্ঠাৰে যিসকলে অধ্যয়ন কৰিছে, চৰকাৰৰ ওপৰত আস্থা ৰাখি যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে চাকৰি লাভ কৰিছে ৷ ভূপেন বৰাই কিহৰ ভিত্তিত এই কথা ক’লে যে পইচা নিদিলে চাকৰি নাপাই (Assam Direct Recruitment)৷ কেতিয়াও সুস্থ মানসিকতাৰ এজন ৰাজনীতিকে এই মন্তব্য ৰাখিব নোৱাৰে ৷" ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰে (Lakshya Konwar slams Bhupen Borah)৷

Lakshya Konwar slams Bhupen Borah
ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি লক্ষ্য কোঁৱৰৰ

ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি লক্ষ্য কোঁৱৰৰ

গুৱাহাটী, 27 মে’: "মেধাসম্পন্ন, নিষ্ঠাৰে যিসকলে অধ্যয়ন কৰিছে, চৰকাৰৰ ওপৰত আস্থা ৰাখি যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে চাকৰি লাভ কৰিছে ৷ ভূপেন বৰাই কিহৰ ভিত্তিত এই কথা ক’লে যে পইচা নিদিলে চাকৰি নাপাই (Assam Direct Recruitment)৷ কেতিয়াও সুস্থ মানসিকতাৰ এজন ৰাজনীতিকে এই মন্তব্য ৰাখিব নোৱাৰে ৷ আমি ভূপেন বৰাক প্ৰত্যাহ্বান জনাইছো যে এনেকুৱা এজন চাকৰি পোৱা প্ৰাৰ্থী উলিয়াই দিয়ক যিয়ে ধনৰ বিনিময়ত চাকৰি লাভ কৰিছে (Bhupen Borah on AGDR) ৷ এইখনেই একমাত্ৰ চৰকাৰ যিখন চৰকাৰে চাকৰিৰ বিনিময়ত দুৰ্নীতি কৰা নাই ৷ এইখন চৰকাৰে শাসক দলৰ সৈতে সম্পৰ্ক ৰখা বাঘা বাঘা বিষয়াকো দুৰ্নীতি কৰিলে ৰেহাই দিয়া নাই ৷ গতিকে আমি ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়াই দিছো ৷" শনিবাৰে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰে (Lakshya Konwar slams Bhupen Borah)৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰে বিজেপিৰ মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰ আৰু দেৱজিৎ মহন্তই (BJP spokesperson Lakshya Konwar press meet) ।

সংবাদমেলখনত বিজেপিৰ মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক ৰাইজে আশীৰ্বাদ দিছে । কংগ্ৰেছৰ দিনত নিযুক্তি পত্ৰ দিয়াৰ লগে লগে ধন দিব লগা হৈছিল। কিন্তু আজি বিজেপি চৰকাৰৰ দিনত মেধাৰ ভিত্তিত নিযুক্তি বাস্তৱত ৰূপায়িত হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াত কংগ্ৰেছৰ একাংশ কৰ্মচাৰীয়েও নিযুক্তি পাইছে।

ইফালে কৃত্ৰিম GDP দেখুৱাই শাসকীয় চৰকাৰে ঋণ লোৱাক লৈ কৰা মন্তব্য প্ৰকাশ কৰি লক্ষ্য কোঁৱৰে কয় যে, ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহা দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ অপেক্ষা কৰিব নালাগে। আজিৰ তাৰিখত আয় বাঢ়িছে। উদাহৰণস্বৰূপে গ্ৰাম্য অৰ্থনীতি বাঢ়িছে। কংগ্ৰেছৰ নেতৃত্বাধীন আন আন ৰাজ্য চৰকাৰসমূহতকৈ অসমৰ ঋণ কম। অসমৰ ঋণৰ মূল্য ১লাখ ১০ হাজাৰ কোটি টকা। স্বাধীনতাৰ পিচত ৰাজ্য চৰকাৰে নোপোৱা তৈল ৰাজহ বিজেপি চৰকাৰৰ দিনত মুকলাই দিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ কৈছিল যে, মুখ্যমন্ত্ৰীয়ে 2021 চনৰ 13 জুলাইত বিধানসভাত দিয়া তথ্য মতে অসমত চৰকাৰী বিভাগত 1 লাখ 49 হাজাৰ খালী পদ আছে (Bhupen Bora criticizes BJP Govt)। গতিকে বিজেপি চৰকাৰে এতিয়ালৈকে কোনো নতুন চাকৰি সৃষ্টি কৰিব পৰা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন এতিয়া 1 লাখ 33 হাজাৰ কোটি টকাৰ ঋণত ভাৰাক্ৰান্ত । তাৰ পিচতো চৰকাৰে 25 হাজাৰ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে । জি ডি পি বৃদ্ধিৰ হাৰ কম হোৱাৰ বাবে ঋণ লোৱাৰ সক্ষমতা অসম চৰকাৰে হেৰুৱাইছে । যাৰ বাবে চৰকাৰে কৃত্ৰিমভাবে জি ডি পি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলিও ভূপেন বৰাই উল্লেখ কৰে ৷

লগতে পঢ়ক: Bhupen Bora criticizes BJP Govt: অসমীয়াৰ আবেগক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.