ETV Bharat / state

কংগ্ৰেছৰ প্ৰতি সমবেদনা জ্ঞাপন সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 4:24 PM IST

bjp mp Pabitra Margherita
চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটা

ৰাজীৱ ভৱনত বিজয় উৎসৱৰ বাবে কংগ্ৰেছে আতচবাজী ক্ৰয় কৰি থৈছিল যদিও সেই সুবিধা লাভ নকৰিলে, কাৰণ 4 ৰাজ্যত তিনিখনতেই মুখ ঠেকেচা খালে ৷ এই সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৷

চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, ৩ ডিচেম্বৰ : দেশৰ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱাৰে পৰা চলি আছে । ৪ খন ৰাজ্যৰ ভিতৰত ইতিমধ্যে তিনিখনত ভাৰতীয় জনতা পাৰ্টীয়ে আগবাঢ়ি আছে । তিনিখন ৰাজ্যৰ অগ্ৰগতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।

গুৱাহাটীৰ বাজপেয়ী ভৱনত উপস্থিত হৈ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘চাৰিখন ৰাজ্যৰ ভিতৰত ইতিমধ্যে তিনিখন আমাৰ বিপুল অগ্ৰগতি দেখা পোৱা গৈছে । কংগ্ৰেছে ইতিমধ্যে বিজয় উল্লাস পালন কৰিবলৈ ফাঁচীবজাৰৰ পৰা ফটকা কিনি থৈছিল । সেই ফটকা এতিয়া তেওঁলোকে কি কৰে সেয়া তেওঁলোকৰ কথা । এই সময়ত তেওঁলোকৰ বিষয়ে কথা কোৱা বা তাচ্ছিল্য কৰা আমাৰ সংস্কৃতি নহয় । কাৰণ তেওঁলোকো আমাৰ দেশৰে নাগৰিক । তেওঁলোকে ভাল কাম কৰি পুনৰ প্ৰতিষ্ঠিত হওক ।’’

মিছা কথা প্ৰচাৰ কৰিলে কি হয় কংগ্ৰেছে এইবাৰ ভালকৈ বুজি পালে বুলি মন্তব্য কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে শ্ৰীকৃষ্ণক লাভ জেহাদি বুলি ক’লে কি হয় সেয়া কংগ্ৰেছে প্ৰমাণ পালে । সৰ্বভাৰতীয় পৰ্যায়ত সনাতনী লোকসকলক, আদিবাসী লোকসকলক তুচ্ছ-তাচ্ছিল্য কৰিলে কি হয় সেয়া আজিৰ ফলাফলৰ পৰা বুজি পোৱা উচিত । ইয়াৰোপৰি সাংসদগৰাকীয়ে কয়, ‘‘কংগ্ৰেছৰ মুখপাত্ৰ হিচাবে কাম কৰি থকা লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক পুনৰ কৈছোঁ, ৮৫৫ জন স্বহীদৰ তেজেৰে ফাকু খেলা কংগ্ৰেছৰ ভৃত্য হৈ নাথাকিব । লাগিলে হাৰকেই, সময় থাকোতেই ওলাই আহক ।’’

আনহাতে এই নিৰ্বাচনক কংগ্ৰেছে ছেমি ফাইনেল আখ্যা দিয়া প্ৰসংগত সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘আমাৰ ক্ষেত্ৰত ছেমি ফাইনেল নহয় । কিয়নো কিছুমান ৰাজ্যত যদিও বিধানসভা বা অন্যান্য নিৰ্বাচনত দুই এখন আসন কমে, তথাপি লোকসভা নিৰ্বাচন ১০০ শতাংশ লাভ কৰোঁ ।’’

উল্লেখযোগ্য যে পুৱাৰে পৰা 4 খন ৰাজ্যৰ ভোট গণনা অনুষ্ঠিত হৈছে । কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে । বিগত মাহত 5 খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও মিজোৰামৰ ভোটগণনা 4 নৱেম্বৰ অৰ্থাৎ সোমবাৰলৈ পিছুৱাই দিয়া হৈছে বুলি নিৰ্বাচন আয়োগে ইতিমধ্যে জনাইছে । আন 4 খন ৰাজ্যৰ ভোটগণনা দেওবাৰৰ পুৱা ৮ বজাৰ পৰা নিৰ্দিষ্ট কেন্দ্ৰসমূহত আৰম্ভ হৈছে ৷ আজি মধ্যপ্ৰদেশৰ 230 খন, ছত্তীশগড়ৰ 90 খন, তেলেংগানাৰ 119 খন আৰু ৰাজস্থানৰ 199 খন আসনৰ বাবে ভোটগণনা চলি আছে ।

লগতে পঢ়ক : হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.