ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ সুৰক্ষিত: ভৱেশ কলিতা

author img

By

Published : Jan 1, 2022, 7:15 PM IST

নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰা ৰাজ্যিক বিজেপিৰ 'সহযোগ নিধি' অভিযান আৰম্ভ (BJP launches Sahyog Nidhi campaign in Assam)। অসমীয়া বিজেপি বার্তাৰ ৬১ সংখ্যক সংস্কৰণ উন্মোচন । 'সহযোগ নিধি'ৰ প্ৰথমটো কুপন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক প্রদান কৰে ।

Sahyog Nidhi campaign
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ সুৰক্ষিত

গুৱাহাটী,১ জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত দলৰ 'সহযোগ নিধি'ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (BJP launches Sahyog Nidhi campaign in Assam)। এই উপলক্ষ্যে আয়োজন কৰা সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশ গ্ৰহণ কৰে । সভাত উপস্থিত সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে ভাৰতীয় জনতা পার্টিৰ লাখ লাখ কাৰ্যকৰ্তাৰ সহযোগত বছৰৰ প্ৰথমটো দিনত 'সহযোগ নিধি'ৰ শুভাৰম্ভ কৰা হৈছে ।

Sahyog Nidhi campaign
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ সুৰক্ষিত

ভাৰতীয় জনতা পার্টিৰ ইতিহাসত এয়া এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব । অনাগত দিনত দলক অধিক শক্তিশালী তথা দলৰ কার্যক্রম অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্য এই কোষ গঠন হৈছে বুলি মত প্রকাশ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে দলৰ প্ৰতিজন নিষ্ঠাবান কার্যকৰ্তাৰ শ্ৰম আৰু বদান্যতাৰ বাবেই আগন্তুক দিনত 'সহযোগ নিধি' সফল হৈ উঠিব বুলি আমি আশাবাদী । উল্লেখ্য যে 'সহযোগ নিধি'ৰ প্ৰথমটো কুপন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক প্রদান কৰে ।

Sahyog Nidhi campaign
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ সুৰক্ষিত

ভাষণ প্রসংগত তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত নতুন বর্ষটোত অসমে সফলতাৰ শিখৰ চুবলৈ সক্ষম হ'ব । তেওঁ কয় যে বছৰৰ শেষ দিনটোত অর্থাৎ ৩১ ডিচেম্বৰ নিশা নতুন বছৰক আদৰাৰ প্ৰাকঃক্ষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উজাগৰে থাকি গুৱাহাটীৰ ৰাজপথত যাতায়ত ব্যৱস্থা নিৰীক্ষণ কৰি অসমবাসীক জ্ঞাত কৰি দিলে যে সমাজৰ জাগ্রত প্ৰহৰী ৰূপত তেখেত সদায় আমাৰ মাজত থাকিব ।

Sahyog Nidhi campaign
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ সুৰক্ষিত

সভাপতি ভৱেশ কলিতাই বছৰৰ আৰম্ভণি দিনটোত গৌৰৱবোধ কৰি কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ শাসনত অসমবাসী সুৰক্ষিত আৰু আশ্বস্ত হ'বলৈ সমৰ্থ হৈছে । একেটা অনুষ্ঠানতে সভাপতি ভৱেশ কলিতাই মাহেকীয়া মুখপত্র 'অসমীয়া বিজেপি বার্তা'ৰ ৬১ সংখ্যক সংস্কৰণ উন্মোচন কৰে (BJP's monthly magazine Asomiya BJP Barta released)। জিতেন শৰ্মাৰ সম্পাদনাত প্রকাশিত ৰাজ্যিক বিজেপিৰ মুখপত্ৰখনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হ'ব বুলি সভাপতিগৰাকীয়ে আশা প্ৰকাশ কৰে ।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু দ্বিপ্লু ৰঞ্জন শর্মা, সাংসদ কুইন ওজা, অসমীয়া বিজেপি বার্তাৰ সম্পাদক জিতেন শর্মাকে আদি কৰি দলৰ কার্যকর্তা সকল উপস্থিত আছিল ।

লগতে পঢ়ক :CM meets journalists: বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ "নতুন দিনৰ আলাপ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.