CM meets journalists: বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ "নতুন দিনৰ আলাপ"

author img

By

Published : Jan 1, 2022, 5:16 PM IST

Updated : Jan 1, 2022, 5:43 PM IST

CM interaction with senior journalists

2022 বৰ্ষৰ পহিলা দিনটোতে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma interactes with Editors and senior journalists) ৷ কইনাধৰা পাহাৰৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত "নতুন দিনৰ আলাপ" শীৰ্ষক এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

গুৱাহাটী, ১ জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে প্ৰায় দুঘন্টা এক বাৰ্তালাপত মিলিত হয় (Himanta Biswa Sarma interactes with Editors and senior journalists) ৷ এই বাৰ্তালাপতে বহুকেইটা নতুন ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । কইনাধৰা পাহাৰৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত "নতুন দিনৰ আলাপ" শীৰ্ষক এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, আগন্তুক পাঁচ বছৰৰ বাবে যি লক্ষ্য আগত লৈ চৰকাৰ আগবাঢ়িছে, সেই লক্ষপ্ৰাপ্তি নিশ্চিত ভাবে হ’ব ।

কেন্দ্ৰীয় চৰকাৰে মূলধনী আন্তঃগাঠনি ব্যয় ১৩ হাজাৰ কোটি টকা হ’ব লাগে বুলি লক্ষ্য ধৰি দিছে । কিন্তু অসমত এই পৰ্যন্ত এই ব্যয়ে ২০ হাজাৰ কোটিৰ ঘৰ স্পৰ্শ কৰিছে, যি এক ইতিবাচক দিশ । বিশ্ব বেংকে অসম চৰকাৰক সৰু সৰু দলং নিৰ্মাণৰ বাবেচাৰি হাজাৰ কোটি টকা আগবঢ়াইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে তেওঁ কয় যে, প্ৰায় ছয় হাজাৰ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাৰ ওপৰেৰে এলিভেটৰ নিৰ্মাণ কৰা হ’ব (Elevated corridor at Kaziranga) ।

মাইক্ৰ'ফাইনাঞ্চৰ ঋণ ৰেহাইৰ বাবে এইবাৰ ১১ লাখ মহিলাক চৰকাৰে সাহাৰ্য আগবঢ়াইছে আৰু নতুন এই বছৰটোত আৰু ১০ লাখ মহিলাক চৰকাৰে এই সাহাৰ্য আগবঢ়াব । ২০২৬ ত মাজুলীৰ দুয়োখন দলঙৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে শুৱালকুছি-পলাশবাৰী দলঙৰ নিৰ্মাণ কাৰ্য দুই তিনি মাহৰ ভিতৰত আৰম্ভ হ’ব । একেদৰে মঙলদৈ আৰু মৰিগাঁৱৰ মাজত নিৰ্মাণ কৰা হ’ব আৰু এখন নতুন দলং ।

এইখন চৰকাৰৰ কাৰ্যকালত মুঠ ৬৭২ টা গৰু সৰবৰাহৰ গোচৰ ৰুজু হোৱাৰ লগতে ৫,৩৮০ টা গৰু জব্দ কৰা হৈছে । অবৈধ কয়লা সৰবৰাহৰ ১০৫ টা আৰু বাৰ্মিজ চুপাৰি সৰবৰাহৰ ১০৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । অসম আৰক্ষী এতিয়া ৰাইজৰ বন্ধুলৈ ৰূপান্তৰিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷

আনহাতে, অসম লোকসেৱা আয়োগত অসমীয়া ভাষা প্ৰৱৰ্তন বা প্ৰত্যাহাৰৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা ব্যৱহাৰৰ কোনো আইন পূৰ্বতে নাছিলেই (Withdrawl of assamese language paper from APSC)। বিজেপি চৰকাৰেহে সেই নিয়ম আৰম্ভ কৰিছিল । কিন্তু একাংশ অসমীয়া শিক্ষাৰ্থীয়েই ইয়াৰ বিৰুদ্ধাচৰণ কৰি ন্যায়ালয়ৰ কাষ চাপিল ।

বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে কয় যে, চাকৰিমুখী মানসিকতাৰ পৰা জাতিটোক আঁতৰাই নিব লাগিব । তেহে জাতিটো আগুৱাই যাব । তেওঁ লগতে আৰু কয় যে, এতিয়াৰে পৰা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰবেশ পৰীক্ষা অসমীয়া ভাষাতো দিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে ।

লগতে পঢ়ক : New year wishes: নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰ্বানন্দ সোণোৱালে অসমবাসীক দিলে বহুকেইটা ভাল খবৰ

Last Updated :Jan 1, 2022, 5:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.