ETV Bharat / state

বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যক ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছন হিচাপে নিযুক্তি

author img

By

Published : Jun 5, 2021, 9:59 PM IST

ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছন (Chief Of The Mission) হিচাপে নিযুক্তি দিয়া হৈছে সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যক । টকিঅ' অলিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলক নেতৃত্ব দিব অসমৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় অলিম্পিক সন্থাৰ(Indian Olympic Association) উপ-সভাপতিগৰাকীয়ে ।

Birendra Prasad Baishya appointed as chief of Indian Olympic Team
ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছন হিচাপে নিযুক্ত হ'ল সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য

গুৱাহাটী, ৫ জুন: অসমবাসীৰ বাবে, বিশেষকৈ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ভাল খবৰ । ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছন (Chief Of The Mission) হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যক । টকিঅ' অলিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলক নেতৃত্ব দিব ভাৰতীয় অলিম্পিক সন্থাৰ (Indian Olympic Association) উপ-সভাপতিগৰাকীয়ে ।

বিগত বৰ্ষত এই অলিম্পিক অনুষ্ঠিত হােৱাৰ কথা আছিল যদিও ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বহু আলােচনাৰ অন্তত অলিম্পিক পিছুৱাই দিয়া হৈছিল । কিন্তু এইবাৰ জাপানৰ টকিঅ'ত ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক অনুষ্ঠিত হ'ব ।

Birendra Prasad Baishya appointed as chief of Indian Olympic Team
ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছন হিচাপে নিযুক্ত হ'ল সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য

এই সৰ্ববৃহৎ ক্ৰীড়া প্রতিযােগিতাত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ পৰা যাবলগীয়া প্রায় ১২০ জনীয়া খেলুৱৈৰ দলটোৰ নেতৃত্বত ল'ব সাংসদ বৈশ্যই । প্ৰাক্তন সাংসদ তথা ভাৰতীয় অলিম্পিক সন্থাৰ উপ-সভাপতি বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যই হৈছে প্ৰথমগৰাকী অসমীয়া যাক ভাৰতীয় অলিম্পিক দলৰ চীফ অৱ দ্য মিছনৰ সন্মানীয় আৰু গুৰু দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে, সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য ভাৰতীয় ভাৰােত্তোলন ফেডাৰেছনৰ সভাপতি হােৱাৰ লগতে এছিয়ান ভাৰোত্তোলনৰাে উপ-সভাপতি । তদুপৰি তেওঁ বিশ্ব ভাৰােত্তোলন সংস্থা (world wrestling federation) ৰ কাৰ্যবাহী পৰিষদৰ এগৰাকী অন্যতম সদস্য ।

লগতে পঢ়ক:মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃক্ষৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.