ETV Bharat / state

ভূটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন

author img

By

Published : Jun 20, 2022, 8:49 PM IST

Updated : Jun 20, 2022, 10:53 PM IST

ভুূটানৰে হোৱা জলবিদ্যুৎ উৎপাদনকেন্দ্ৰিক দ্বিপাক্ষিক চুক্তিত উল্লেখ আছেনে নামনিত থকা অসমবাসীৰ সুৰক্ষাৰ কথা । বান বিধ্বস্ত ৰাইজে আজি তুলিছে সেই প্ৰশ্ন । ভাৰত চৰকাৰে যোৱা প্ৰায় ডেৰটা দশকত ভূটান চৰকাৰক জলবিদ্যুৎ প্ৰকল্প ৰূপায়ন কৰিবলৈ আগবঢ়োৱা আৰ্থিক সাহাৰ্য আৰু তাৰ বাবে কৰা দ্বিপাক্ষিক চুক্তিৰ প্ৰতিটো দফা আৰু চৰ্ত পোহৰলৈ অহাটো বিচাৰিছে নামনি অসমৰ বানপীড়িত ৰাইজে ।

ভুটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন
ভুটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন

গুৱাহাটী, ২০ জুন: নামনি অসমৰ মূলতঃ পাঁচখন জিলাত অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টি কৰা ভূটানৰ পৰা নামি অহা‌ পানীৰ ঢলক লৈ এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই ইতিমধ্যে স্বীকাৰ কৰিছে যে প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী তেওঁলোকে এৰি‌ দিছে (Kurichu Hydropower Project in Bhutan)। কিন্তু কেৱল কুৰিশ্বুৰ দৰে এটা মাত্ৰ ৬০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে নামনিৰ ইমান বৃহৎ অঞ্চলত সংহাৰ চলোৱা নাই বুলি প্ৰতিগৰাকী সচেতন নাগৰিকে ভাবিবলৈ বাধ্য হৈছে আৰু কুৰিশ্বুৰ সমান্তৰালকৈ আন‌ কোনো বান্ধৰ পানীও এৰি দিয়া হৈছে বুলি পতিয়ন গৈছে ।

উল্লেখ্য যে এনে এক পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে যোৱা প্ৰায় ডেৰটা দশকত ভূটান চৰকাৰক জলবিদ্যুৎ প্ৰকল্প ৰূপায়ন কৰিবলৈ আগবঢ়োৱা আৰ্থিক সাহাৰ্য আৰু তাৰ বাবে কৰা দ্বিপাক্ষিক চুক্তিৰ প্ৰতিটো দফা আৰু চৰ্ত পোহৰলৈ অহাটো বিচাৰিছে নামনি অসমৰ বানপীড়িত ৰাইজে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত থকা জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ত বিগত কেইবাটাও দশকজুৰি ভাৰতকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰই মনোযোগ দি আহিছে ।‌ এনে সময়তে ২০০৪ চনত ভূটান চৰকাৰে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰ আৰু আন্তৰাষ্ট্ৰীয় পৰামৰ্শদাতা সংস্থাৰ পৃষ্ঠপোষকতাত এক জলবিদ্যুৎ নীতি প্ৰস্তুত কৰে ।

ভূটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন
ভূটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন

এই নীতিৰ জড়িয়তে আনুষ্ঠানিকভাবে ৰাষ্ট্ৰখনে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে এক বৈদেশিক সাহাৰ্যৰ আহ্বান কৰে ।‌ ইয়াৰ লগে লগে ভাৰত চৰকাৰৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে (Former Prime Minister Dr Manmohan Singh) ভূটানৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আৰ্থিক আৰু প্ৰযুক্তি বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতি দিয়ে । উল্লেখযোগ্য যে ইয়াৰ‌ পিছতে ২০০৬ চনত ১,০২৪ মেগাৱাট জলবিদ্যুৎ উৎপাদনকাৰী তালা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলে ।

লগতে পঢ়ক: হাহাকাৰ: কেওফালে পানী, পিছে খাবলৈ নাই পানী

তথ্য অনুসৰি, ভূটানে শেহতীয়াকৈ জলবিদ্যুৎ বিকাশৰ কাৰনে যিবোৰ সিন্ধান্ত লৈ আছে তাৰ আধাৰ হৈছে ২০১৯ চনত জাপান ইন্টাৰনেছনেল কো-অপাৰেছন এজেন্সি চমুকৈ 'জাইকা'কে মুখ্য কৰি টকিঅ' ইলেকট্ৰিক কোম্পানী হ'ল্ডিং, ইন্টাৰনেছনেল ইনষ্টিটিউট অফ ইলেকট্ৰিক পাৱাৰ, নিপন কয়েই কোম্পানী লিমিটেড, টকিঅ' ইলেকট্ৰিক পাৱাৰ ছাৰ্ভিছেজ লিমিটেড আদি কৰি কেইবাটাও বিদেশী কোম্পানীয়ে প্ৰস্তুত কৰি দিয়া নীতি আৰু পথ নিৰ্দেশনা । ২০১৯ চনত ভূটানৰ বাবে এই সংস্থাসমূহে প্ৰস্তুত কৰে ' প্ৰজেক্ট অন পাৱাৰ চিষ্টেম মাষ্টাৰ প্লেন ২০৪০ ইন ভূটান' (Project on power system master plan 2040) শীৰ্ষক এক ডিটেইলড প্ৰজেক্ট ৰিপ'ৰ্ট ।

এই পথ‌ নিৰ্দেশনা প্ৰস্তুত কৰাৰ‌ সময়ত ভুটানৰ জলবিদ্যুৎ উৎপাদনৰ পৰিমান আছিল ১,৬০৬ মেগাৱাট । কিন্তু সেই সময়ত নিৰ্মিয়মান অৱস্থাত থকা কেইবাটাও প্ৰকল্পত ভাৰত চৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিনিয়োগ কৰে । উদাহৰণ স্বৰূপে ইতিমধ্যে সম্পূৰ্ণ হোৱা খোৱাংশ্বু নামৰ ৬০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ মুঠ ব্যয় ৪,৭০০ কোটি টকাৰ ৩,৬৫০ কোটি টকাৰ বিনিয়োগ কৰিছে ভাৰত চৰকাৰে ।

ভূটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন
ভূটানত বান্ধ নিৰ্মাণৰ সময়ত কৰা হোৱা নাছিল পৰিবেশ ক্ষতিৰ অধ্যয়ন

বিষয়টোৰ লগত জড়িত এক সূত্ৰৰ মতে এই বিনিয়োগৰ ৭০ শতাংশ ঋন আৰু ৩০ শতাংশ সাহাৰ্য । উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰকল্প ৰূপায়নত ভূটানৰ ড্ৰুক গ্ৰীন পাৱাৰ কৰ্পৰেছনৰ (Druk Green Power Corporation)লগত চুক্তিবদ্ধ হৈছিল ভাৰতৰ হিমাচল প্ৰদেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জে ভি পি ছূটলেজ জলবিদ্যুৎ নিগম (J V P Sutlej Hydropower Limited)। উল্লেখ্য যে ভূটানত ২০১৯ চনত নিৰ্মিয়মান অৱস্থাত থকা কেইবাটাও প্ৰকল্পই ইতিমধ্যে উৎপাদনৰ কাম আৰম্ভ কৰিছে । উদাহৰণ স্বৰূপে চেন্ট্ৰেল ভূটানত নিৰ্মিত কাগজে-পত্ৰে ৭২০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পৰ উৎপাদন ইতিমধ্যে আৰম্ভ হৈছে । বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা আটাইবোৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'লে অহা বছৰৰ বাৰিষাৰ পৰা মুঠ ৫,২৬৪ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যত দেশখন উপনীত হ'ব ।

লগতে পঢ়ক: বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

মনকৰিবলগীয়া যে ভূটানৰ নিজৰ বাবে বিদ্যুতৰ প্ৰয়োজন আজিৰ তাৰিখত যিহেতু মাত্ৰ ৪০০ মেগাৱাট, সেয়ে তেওঁলোকে সৰহ পৰিমানৰ বিদ্যুৎ বিক্ৰী কৰিব পাৰিব ভাৰত নাইবা বাংলাদেশ আৰু নেপালৰ ওচৰত । ভাৰতে 'ক্ৰছ বৰ্ডাৰ ট্ৰেড অৱ ইলেট্ৰিচিটি' নীতিৰ ২০১৬ চনত কৰা সংশোধনৰ দ্বাৰা প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৪.২১ টকা দাম দিয়াৰ সিদ্ধান্ত লয় । মনকৰিবলগীয়া যে জলবিদ্যুৎ উৎপাদন আৰু ব্যবসায়ক লৈ ভাৰত আৰু ভূটানৰ সম্পৰ্ক অতি ওচৰ চপা আৰু গাঢ় যদিও এই বৃহৎ প্ৰকল্পসমুহে ভাৰতৰ বিশেষকৈ অসমৰ নামনি অংশত সৃষ্টি কৰিব পৰা ধ্বংসলীলা সন্দৰ্ভত দুয়োখন চৰকাৰ কিমান সচেতন সেয়া আজিও ৰহস্যৰ আবৰ্তত ।

অভিযোগ অনুসৰি ভূটানত নিৰ্মাণ হোৱা বা প্ৰস্তাৱিত সৰু -বৰ কোনো প্ৰকল্পৰ বিপৰীতে কোনো জন-শুনানী (public hearing) আৰু পৰিবেশৰ ক্ষতিশংকা অধ্যয়ন (Environment Impact Assessment) হোৱা নাই । সকলো ধৰনৰ আন্তঃৰাষ্ট্ৰীয় নীতি-ব্যৱস্থা ( protocols) ই উল্লিখিত ব্যৱস্থা বাধ্যতামূলক বুলি গন্য কৰি আহিছে যদিও তেনেক্ষেত্ৰত ভূটানৰ বিৰুদ্ধে সচেতনজনে অভিযোগৰ আঙুলি টোৱাই আহিছে । শেহতীয়াকৈ অসমত সৃষ্টি হোৱা বানৰ ধ্বংসলীলাৰ সময়তো এই একেটা প্ৰশ্ন উত্থাপিত হৈছে । ভূটানে যিহেতু কোনো তথ্য কাৰো লগতে বিনিময় নকৰে সেয়ে তাত থকা প্ৰকল্পৰ বাৰিষা হঠাতে এৰি দিয়া পানীয়ে পৰৱৰ্তী সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰি থাকে তাকে লৈ সচেতন জনতা আজি সন্দিহান ।

অনুমান কৰা হৈছে যে কেৱল কুৰিশ্বু প্ৰকল্পৰে নহয়, মাগডেশ্বুৰ দৰে বৃহৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত জমা হোৱা বৃহৎ পৰিমাণৰ পানীও ভূটানে এৰি দিছে । কিন্তু লক্ষনীয় ভাবে এইক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে । অভিযোগ অনুসৰি ভূটানৰে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত নামনি অংশৰ মানুহৰ সুৰক্ষাৰ কোনো কথাই উল্লেখ বা চৰ্ত আৰোপ কৰা হোৱা নাই । ফলত ভূটানৰ প্ৰকল্প কৰ্তৃপক্ষসমুহে বাধাহীনভাৱে পানী এৰি অসমৰ প্ৰায় চল্লিশ লাখ মানুহৰ জীৱন আৰু জীৱিকাক ধ্বংসৰ মুখলৈ ঠেলি দিছে ।

লগতে পঢ়ক: ক্ৰমাৎ বাঢ়িছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

Last Updated : Jun 20, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.