ETV Bharat / state

সৌমিত্ৰ যোগীৰ উপন্যাস 'বেণী' উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 8:36 PM IST

Benee book release in Guwahati Town Club
গুৱাহাটী টাউন ক্লাৱত বেনী গ্ৰন্থ উন্মোচন

New Novel Benee release: উন্মোচন কৰা হ'ল লেখক সৌমিত্ৰ যোগীৰ উপন্যাস 'বেণী' । মঙলবাৰে মহানগৰীৰ টাউন ক্লাৱত উন্মোচন কৰা হয় এই গ্ৰন্থখন । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা ঔপন্যাসিক ড৹ ধ্ৰৱজ্যোতি বৰাই ।

গুৱাহাটী টাউন ক্লাৱত বেনী গ্ৰন্থ উন্মোচন

গুৱাহাটী, 02 জানুৱাৰী : মঙলবাৰে মহানগৰীৰ টাউন ক্লাৱত উন্মোচন কৰা হয় লেখক সৌমিত্ৰ যোগীৰ 'বেণী' নামৰ গ্ৰন্থখন । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা ঔপন্যাসিক ড৹ ধ্ৰৱজ্যোতি বৰাই । ড৹ ধ্ৰৱজ্যোতি বৰাৰ লগতে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমালোচক ড৹ পৰী হিলৈদাৰী, বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট লেখক ঔপন্যাসিক ব্ৰজেন ডেকা, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট লেখক তথা ঔপন্যাসিক মইনা গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ।

বেণী গ্ৰন্থখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি লেখক সৌমিত্ৰ যোগীয়ে কয়, ‘‘বেণী উপন্যাসখনৰ বিষয়বস্তু হ’ল - ধৰ্ষণ কিয় হয় ৷ কেৱল ধৰ্ষণ বুলিয়ে নহয়, আমাৰ এই পুৰুষতান্ত্ৰিক সমাজখনত মহিলাৰ কেনে অৱস্থা হয় বা মহিলাসকলক মানুহে কেনেদৰে গ্ৰহণ কৰে সেই সন্দৰ্ভতো মই উপন্যাসখনত লিখিছো’’ ৷

লেখক যোগীয়ে আৰু কয়, ‘‘এইখন এখন চকুৰ পানীৰে লিখা উপন্যাস বুলি ক’লেও ভুল কোৱা নহ’ব ৷ মহিলাৰ ওপৰত হোৱা এনে ঘটনাবোৰৰ উত্তৰ বিচাৰি বিচাৰি যি পাইছো সেয়া মই উপন্যাসখনত লিখিছো’’ ।

লগতে লেখক সৌমিত্ৰ যোগীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ধৰ্ষণ কেৱল মহিলাৰ লগতে নহয় ৷ মহিলাৰ সমানে পুৰুষসকলৰ লগতো ধৰ্ষণ হয় ৷ বিশেষকৈ এনে ধৰণৰ ঘটনাসমূহ সদায় দুৰ্বলীবোৰৰ লগত বেছি হয় । সমাজৰ এনে ঘটনাসমূহকে কাহিনীৰ আধাৰ হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে’’ ।

‘‘সমাজত বৰ্তমান এনে বহু লোক আছে ৷ যিয়ে বিভিন্ন কাৰণত মানসিকভাৱে ভাগি পৰিছে ৷ তেনে লোকসকল এই কিতাপখনে সাধাৰণ জীৱন-যাপন কৰাত সহায় কৰিব ৷ মানসিক হতাশা বা ট্ৰ'মাৰ পৰা বাহিৰ উলিয়াই অনাত এই কিতাপখনে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি ৷’’ লেখক সৌমিত্ৰ যোগীয়ে কয় ৷

লগতে পঢ়ক : অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে প্ৰকাশকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.