ETV Bharat / state

Badruddin Ajmal : ‘‘3 দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হৈ যায়’’; আজমলৰ এই অহংকাৰ কিয় ?

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:59 PM IST

Badruddin Ajmal
বদৰুদ্দিন আজমলৰ মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

সাংসদ বদৰুদ্দিন আজমলে বৰপেটাত কৰা এক মন্তব্যই আকৌ এবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কিয় এআইইউডিএফৰ সভাপতি আজমলে অসমৰ ৰাজনীতিত ইমান গুৰুত্ব বা প্ৰাধান্য পাই আহিছে ?

আজমলৰ অহংকাৰ

গুৱাহাটী, 3 অক্টোবৰ : "মিঞাই তোমাৰ কি খাইছে ? 3 দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হৈ যায় ৷" বদৰুদ্দিন আজমলৰ এয়া অহংকাৰ নে আত্মপ্ৰত্যয় ? কিমান অহংকাৰ আৰু দৃঢ়তা থাকিলে এখন ৰাজ্যৰ কেৱল সংখ্যালঘুৰ ভোটৰ ওপৰত নিৰ্ভৰশীল এজন নেতাই ক’ব পাৰে এনেদৰে ? ''আমাৰ ল’ৰা-ছোৱালীয়ে বিল্ডিঙত কাম কৰে ৷ ঈদৰ তিনিদিন বন্ধ থাকিলে কাম কৰিবলৈ কোনো নাথাকে ৷ সবজীৱালা, ৰিক্সাৱালা নাথাকে... ৷” বৃহস্পতিবাৰে এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে বৰপেটাত কৰা এক মন্তব্যই আকৌ এবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

"৩ দিন মিঞা নাথাকিলে গুৱাহাটী হ’ব কবৰস্থান ৷... 100 বছৰলৈ হিমন্ত বিশ্ব শৰ্মাক মিঞাই ভোট নিদিয়ে ৷.. ভূপেন বৰা লোকসভাত জিৰ’ হ’ব ৷" — বৃহস্পতিবাৰে আজমলে এই মন্তব্য কৰিবলৈহে পালে, লোকসভা নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ অসমৰ ৰাজনীতিৰ পানী ঘোলা হৈ পৰিল আজমলক লৈ ৷ আজমলৰ বিৰুদ্ধে বীৰদৰ্পে গুজৰি উঠিছে শাসক-বিৰোধী দুয়োপক্ষই ৷

কিন্তু প্ৰশ্ন হ’ল কিয় এআইইউডিএফৰ সভাপতি আজমলে অসমৰ ৰাজনীতিত ইমান গুৰুত্ব বা প্ৰাধান্য পাই আহিছে ? অসমৰ ৰাজনীতিত যোৱা দুটা দশক ধৰি কিয় ইমান প্ৰাসংগিক হৈ আছে বদৰুদ্দিন আজমল ? কোনে একালৰ 'হু ইজ বদৰুদ্দিনক’ অসমৰ ৰাজনীতিৰ মধ্যমণিত পৰিণত কৰিলে ? অপ্ৰিয় হ’লেও সত্য অসমৰ ৰাজনীতিত আজিৰ তাৰিখত আজমল হৈ পৰিছে ৰাজনীতিৰ ট্ৰাম্প কাৰ্ড ৷

আজিৰ তাৰিখতো এআইইউডিএফৰ অসম বিধানসভাত 15 জন প্ৰতিনিধি ৷ যিটো সংখ্যা অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সংখ্যাতকৈ সামান্যহে কম ৷ অগপ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি ৰাজনৈতিক দলতকৈ বিধায়িনী সংখ্যাগত দিশত বহু আগবাঢ়ি আছে আজমলৰ দল ৷

অসম বিধানসভাত বিজেপি আৰু কংগ্ৰেছৰ পিছতে তৃতীয় বৃহৎ ৰাজনৈতিক দল হ’ল এআইইউডিএফ ৷ আজিৰ পৰা 18 বছৰৰ পূৰ্বে 2005 চনৰ অক্টোবৰত জন্মলাভ কৰা আজমলৰ দলটোৰ ধাৰাবাহিকতা চাবলৈ প্ৰথমে আপুনি চাব লাগিব দলটোৰ সংসদীয় ৰাজনীতিৰ সাফল্যৰ তালিকা ৷ আত্মপ্ৰকাশ কৰিয়েই 2006 চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে লাভ কৰিছিল ১০ খন আসন ৷ 2011 ৰ বিধানসভা নিৰ্বাচনত লাভ কৰে 18 খনকৈ আসন, 2006 ৰ তুলনাত 8 খন আসন বৃদ্ধি পালে আজমলৰ দলৰ ৷ 2016 ৰ বিধানসভা নিৰ্বাচনত 13 খন আসন আৰু 2021 ত 15 খন আসন লাভ কৰে এআইইউডিএফে ৷

এইবাৰ লক্ষ্য কৰক বিধানসভাৰ নিৰ্বাচনৰ ভোট শ্বেয়াৰ ৷ 2011 চনত 13 শতাংশ, 2016ত 13 শতাংশ আৰু 2021ত 9.3 শতাংশ ভোট শ্বেয়াৰ এআইইউডিএফৰ ৷ অৰ্থাৎ 2021ত ভোটৰ শতাংশ হ্ৰাস পায় আজমলৰ দলৰ ৷ আনহাতে লোকসভা নিৰ্বাচনত 2009 চনত 16.3 শতাংশ ভোট লাভেৰে মাত্ৰ এখন আসন, 2014 ত 14.8 শতাংশ ভোট লাভেৰে 3 খন আসন লাভ কৰিছিল এআইইউডিএফ দলে ৷ আনহাতে 2019ত লোকসভাত আজমলৰ দলে 7.8 শতাংশ ভোট শ্বেয়াৰেৰে এখন আসন, আজমলৰ ধুবুৰীৰ আসনখন লাভ কৰে ৷ 2014 ৰ 14.8 শতাংশৰ পৰা একেকোবে 7.4 শতাংশলৈ নামে এআইইউডিএফৰ ভোট শ্বেয়াৰ ৷

লোকসভা আৰু বিধানসভা দুয়োটা নিৰ্বাচনৰে ফলাফল আৰু ভোট শ্বেয়াৰ লক্ষ্য কৰিলে দেখা যায় যে ভোটৰ পথাৰত উত্থান হোৱা নাই, বৰঞ্চ কমি গৈ আছে এআইইউডিএফৰ ভোটৰৰ সংখ্যা ৷ তাৰ পিছতো কিন্তু অসমৰ ৰাজনীতিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰো আজমল হৈ পৰিছে বিতৰ্কৰ মধ্যমণি ৷ অৰ্থাৎ আজিও অসমৰ ৰাজনীতিত আজমল প্ৰাসংগিক ৷ আনকি লোকসভা নিৰ্বাচনক লৈ দলীয় সভাত ব্যস্ত হৈ পৰা আজমলে মুকলিকৈ ঘোষণা কৰিলে, "3 দিন মিঞা নাথাকিলে গুৱাহাটী হ’ব কবৰস্থান ৷"

2021ৰ বাদে শেহতীয়াভাৱে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে কৰি আহিছে বিতৰ্কিত মন্তব্য ৷ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই ব্যস্ত হৈ পৰে আজমলক গালি পৰাত ৷ দুয়োটা দলৰ মাজত যেন প্ৰতিযোগিতা চলে কোনে কিমান বেয়াকৈ ক’ব পাৰে আজমলক, কোনে জনমানসত প্ৰতিষ্ঠা কৰিব পাৰে যে ইটো দলহে আজমলৰ ঘনিষ্ঠ আৰু ধূসৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যায় নিৰ্বাচন ৷

অপ্ৰিয় হ’লেও সত্য যে ৰাজ্যৰ ভোটৰ বজাৰত আজি আজমল এক ট্ৰাম্প কাৰ্ড ৷ ক্ৰমাগতভাৱে ভোট শ্বেয়াৰ কমি গৈ আছে যদিও আজমলে নিজৰ দলটোক ৰাজনৈতিক ধামখুমীয়াৰ ফাকে ফাকে আগবঢ়াই লৈ গৈ আছে ৷ যেন কিংমেকাৰ হোৱাৰ উপক্ৰম হৈছে আজমলৰ ৷ আত্মপ্ৰত্যয় বাঢ়ি গৈ আছে ৷ আজমলৰ বিতৰ্কিত ভাষ্যই ৰাজনৈতিকভাৱে উপকৃত কৰে কাক ?

প্ৰশ্ন উঠিছে আজমলক এইদৰে ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰিবলৈ ধাৰাবাহিকভাৱে সুবিধা দিছে কোনে ? এইবাৰো একাধিক বিতৰ্কিত মন্তব্য কৰিছে আজমলে ৷ নিৰ্বাচনত হিট হোৱা নাই এটাও মন্তব্য ৷ সেয়েহে বাস্তৱত প্ৰায় সত্য এটা উক্তিৰে এইবাৰ লোকসভা নিৰ্বাচনত বিতৰ্কত সবল আত্মপ্ৰকাশ কৰিছে আজমলে ৷ "3 দিন মিঞা নাথাকিলে গুৱাহাটী হ’ব কবৰস্থান ৷" আপুনি নিশ্চয় ক’ব পাৰে এয়া আজমলৰ অহংকাৰৰ লগত আত্মপ্ৰত্যয়ো ৷

লগতে পঢ়ক : Assam TMC President Ripun Bora : চি বি আই-ইডিক ব্যৱহাৰ বিৰোধী দলক নিয়ন্ত্ৰণ কৰাত ! বিৰোধী ঐক্যমঞ্চৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.