ETV Bharat / state

Assam TMC President Ripun Bora : চি বি আই-ইডিক ব্যৱহাৰ বিৰোধী দলক নিয়ন্ত্ৰণ কৰাত ! বিৰোধী ঐক্যমঞ্চৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:03 PM IST

বিজেপিৰ দিনত ভয়-ভাবুকি প্ৰদৰ্শন কৰি বিৰোধী দলক নিয়ন্ত্ৰণ কৰাটোহে চি বি আই আৰু ইডিৰ দায়িত্ব হৈ পৰিছে । এন ডি এ চৰকাৰ দ্বিতীয়টো কাৰ্যকালত চি বি আই আৰু ইডিৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ ৯৫ শতাংশই বিৰোধী নেতাৰ বিৰুদ্ধে । বিজেপিৰ ৯ বছৰীয়া কাৰ্যকালত কোনো বিজেপি নেতাৰ বিৰুদ্ধে হোৱা নাই ইডি নাইবা চি বি আয়ৰ তদন্ত । বিজেপিৰ ৯ বছৰীয়া কাৰ্যকালত বিৰোধীৰ ৬৫ গৰাকী নেতাক গ্ৰেপ্তাৰ আৰু জেৰা কৰা হৈছে । বিজেপিৰ ৱাছিং মেছিনত নিকা হৈ যায় সকলো । বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেলত সৰৱ বিৰোধী ঐক্যমঞ্চৰ হৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷

Assam TMC President Ripun Bora
গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ সংবাদমেল

গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ সংবাদমেল

গুৱাহাটী, ৩ নৱেম্বৰ : সাংবিধানিকভাৱে স্বতন্ত্র অনুসন্ধানকাৰী সংস্থা চি বি আই আৰু ইডিক বিজেপি চৰকাৰে স্বতন্ত্ৰভাৱে কাম কৰিবলৈ দিয়াৰ পৰিৱৰ্তে কেৱল ৰাজনৈতিক স্বাৰ্থত পুতলাৰ দৰে অপব্যৱহাৰ কৰিছে । এই অভিযোগ বিৰোধী ঐক্যমঞ্চ, অসমৰ । কংগ্ৰেছৰ নেতৃত্বত অসমত ১৫ টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্যমঞ্চৰ হৈ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

তেওঁ কয় যে বৰ্তমান বিজেপি চৰকাৰৰ আমোলত চি বি আই আৰু ইডিক অর্থনৈতিক অপৰাধ আৰু অন্যান্য অপৰাধ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে কেৱল ভয়-ভাবুকি প্ৰদৰ্শন কৰি বিৰোধী দলক নিয়ন্ত্ৰণ কৰাটোহে তেওঁলোকৰ দায়িত্বলৈ পৰিৱৰ্তন কৰা হৈছে । দেশৰ এনে দুটা সাংবিধানিকভাৱে স্বতন্ত্ৰ সংস্থাক বিজেপি চৰকাৰে বিৰোধী দলক নিয়ন্ত্ৰণ কৰিবলৈ অপব্যৱহাৰ কৰাটো দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি এক চৰম ভাবুকি ।

এই সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত অর্থাৎ ২০১৯ চনৰ পৰা ২০২৩ চনলৈ চি বি আই আৰু ইডিৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰসমূহৰ ৯৫ শতাংশ গোচৰ বিৰোধী দলৰ নেতাসমূহৰ বিৰুদ্ধে ৰুজু কৰোৱা হৈছে । উক্ত সময়চোৱাত বিৰোধী দলৰ মুঠ ১২৯ গৰাকী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ ভিতৰত কংগ্ৰেছৰ ২৪ গৰাকী আৰু তৃণমূল কংগ্ৰেছৰ ৩৪ গৰাকী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

ৰিপুণ বৰাই লগতে কয় যে বিজেপিৰ এনে বৈষম্যমূলক আৰু প্ৰতিশোধপৰায়ণ নীতিৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দহবছৰীয়া কাৰ্যকালত মাত্ৰ ২৬ গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ইডি আৰু চি বি আইত গোচৰ ৰুজু হৈছিল । ইয়াৰ ভিতৰত মাত্ৰ ১৪ গৰাকীহে সেই সময়ৰ বিভিন্ন বিৰোধী দলৰ নেতা আছিল ।

আনহাতে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলৰ ১২ গৰাকী নেতাৰ বিৰুদ্ধে সেই সময়ত গোচৰ ৰুজু হৈছিল । ইফালে বিজেপিৰ ৯ বছৰীয়া কাৰ্যকালত কোনো বিজেপি নেতাৰ বিৰুদ্ধে ইডি নাইবা চি বি আইৰ তদন্ত হোৱা নাই । বৰঞ্চ বিজেপি নেতাৰ বিৰুদ্ধে থকা পুৰণি গোচৰসমূহ স্থগিত কৰি ৰখা হৈছে ।

তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা ২০২৩ চনলৈ বিজেপিৰ ৯ বছৰীয়া কাৰ্যকালত বিৰোধীৰ ৬৫ গৰাকী নেতাক গ্ৰেপ্তাৰ আৰু জেৰা কৰা হৈছে । বিজেপিৰ ৱাছিং মেছিনত সকলো নিকা হৈ যায় নেকি বুলি প্ৰশ্ন কৰি তেওঁ ৰিপুন বৰাই প্ৰশ্ন কৰে যে আইন সকলোৰে বাবে সমান নহয় নেকি? এই সন্দৰ্ভত তেওঁ কয় যে ৩০০ কোটিটকীয়া কেলেংকাৰীত জড়িত নাৰায়ণ ৰাণে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী ।

বিজেপিত যোগদান কৰাৰ পাচতে তদন্ত বন্ধ হৈ গ'ল । সেইদৰে সাৰদা কেলেংকাৰীত অভিযুক্ত সুভেন্দু অধিকাৰী বিজেপি যোগদানৰ পাচতেই তদন্ত বন্ধ কৰি দিয়া হ'ল । আনহাতে লুইচ বাৰ্জাৰ, সাৰদা কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰীৰ পাচতেই তদন্ত বন্ধ কৰি দিয়া হ'ল ।

বিজেপিত যোগদান কৰি কেলেংকাৰীমুক্ত হোৱা ভাবনা গাউলি, যশোৱন্ত যাদৱ, যামিনী যাদৱ, প্ৰতাপ সৰনাইক, বি এছ য়েদিয়ুৰাপ্পা আদি নেতাৰ প্ৰসংগও উল্লেখ কৰে ৰিপুন বৰা । পৰ্বতসম দুৰ্নীতি কৰাসকলৰ ক্ষেত্ৰত বিজেপি চৰকাৰ কিয় নিমাত বুলি প্ৰশ্ন কৰি তেওঁ কয় যে হাজাৰ হাজাৰ কোটি টকাৰ বেংক কেলেংকাৰীত জড়িত নীৰৱ মোদী বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই দেশৰ পৰা বিদেশলৈ পলাই গ'ল ।

কিন্তু বিশ্বগুৰু বুলি জাহিৰ কৰা মোদী চৰকাৰে আজি পর্যন্ত তেওঁক ভাৰতলৈ ঘূৰাই আনিব পৰা নাই । সেইদৰে প্ৰায় ৯০০০ কোটি টকা কেলেংকাৰীত জড়িত বিজয় মালিয়া বিজেপি চৰকাৰ গঠন হোৱাৰ পাচতে ভাৰতৰ পৰা বিদেশলৈ পলাই গ'ল । কেবাহাজাৰ কোটি টকাৰ আই পি এল কেলেংকাৰীত জড়িত ললিত মোদী বিজেপিৰ আমোলত ভাৰত এৰি পলাই গ'ল যদিও তেওঁক ভাৰতলৈ ঘূৰাই আনিবলৈ বিজেপি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

কেবা হাজাৰ কোটি টকাৰ বেংক কেলেংকাৰীত অভিযুক্ত মেহোল চোকসি ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাচতে বিদেশলৈ পলাই গ'ল । ৰিপুন বৰাই কয় যে এইবোৰ তথ্যই প্ৰমাণ কৰে যে বিজেপি দল আৰু চৰকাৰে কেনেদৰে ইডি আৰু চি বি আইক নিজৰ ৰাজনৈতিক স্বাৰ্থত অপব্যৱহাৰ কৰি দেশৰ গণতন্ত্ৰ আৰু সংবিধান ধ্বংস কৰিছে । শুকুৰবাৰৰ সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ আন সহযোগী দলৰ কেবাগৰাকীও নেতা উপস্থিত আছিল ।

লগতে পঢ়ক : World Food India 2023 : খাদ্য সংসাধন খণ্ডত ৯ বছৰত ৫০ হাজাৰ কোটিৰ বিদেশী বিনিয়োগ; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.