ETV Bharat / state

Covid-19 in Gauhati University : 20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

author img

By

Published : Dec 13, 2021, 9:35 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ (Covid 19 in Gauhati University) । বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত থকা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত কোভিড-১৯ ৷ অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ত পাঠদান বন্ধ ঘোষণা (Classes in Gauhati University cancelled for five days)৷

Covid-19 in Gauhati University
Covid-19 in Gauhati University

গুৱাহাটী, 13 ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে (Students in Gauhati University tested covid positive) । বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত থকা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ যাৰ বাবে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত ক’ভিডৰ আতংকৰ সৃষ্টি হৈছে (Covid terror in Gauhati University)।

ইফালে, বৰ্তমান বিশ্ববিদ্যালয়ত চলি আছে বিশ্ববিদ্যালয় সপ্তাহ (Varsity week in Gauhati University) । তাৰ মাজতে বিশ্ববিদ্যালয়ৰ ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ চিনাক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে (Covid positive in Gauhati University)। কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত । বিশ্ববিদ্যালয়ৰ AT-9 হোষ্টেলৰ ১০ গৰাকীকৈ আবাসীৰ শৰীৰত কোভিড-১৯ চিনাক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

Covid-19 in Gauhati University
20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

কোভিড-১৯ চিনাক্ত হোৱা বাকী ১০ গৰাকী আবাসী ক্ৰমে AT-2, AT-3, RCC-5 আৰু RCC-6 হোষ্টেলৰ । স্বাস্থ্য বিভাগৰ নিৰ্দেশত বিশ্ববিদ্যালয়ৰ হোষ্টেলবোৰত আবাসীসকলৰ মাজত কৰা ক’ভিড পৰীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহে ।

মন কৰিবলগীয়া যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত সোমবাৰে সন্ধিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী মৰ্মে অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ত পাঠদান বন্ধ ঘোষণা কৰিছে (Classes in Gauhati University cancelled for five days) । লগতে অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ত সকলো ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস বন্ধ ঘোষণা কৰিছে ।

আকৌ বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সকলো প্ৰতিযোগিতাত বাতিল কৰা হৈছে । মাত্ৰ এইকেইদিন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ কম সংখ্যক কৰ্মচাৰীৰে সামান্যভাবে চলি থাকিব বুলি জাননীত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : First death in Omicron: অ’মিক্ৰণত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.