ETV Bharat / state

২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত 'চেলেঞ্জ'

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:17 PM IST

Assamese documentary 'Challenge' selected for 29th Kolkata International Film Festival
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ তথ্যচিত্ৰ 'চেলেঞ্জ'

২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ'লৈ নিৰ্বাচিত হৈছে অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ'। ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব তথ্যচিত্ৰখন ।

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ তথ্যচিত্ৰ 'চেলেঞ্জ'

গুৱাহাটা, 16 নৱেম্বৰ: অসমীয়া সাংস্কৃতিক জগতৰ বাবে এটা ভাল খবৰ । অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ'লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ 'চেলেঞ্জ' । মহোৎসৱৰ 'ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা'লৈ নিৰ্বাচিত হোৱা এই তথ্যচিত্ৰখন পৰিচালনা কৰিছে ৰমেন বৰা আৰু শিৱাণু বৰাই ।

আনহাতে 'কামৰূপা ক্ৰিয়েছনচ'ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে ভৰত কলিতাই । চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে । সম্পাদনা কৰিছে ৰমেন বৰাই । ডি আই কালাৰ ৰতন শীলৰ । তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে । এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বৰে ।

বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভূমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৬ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰ 'চেলেঞ্জ'। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮ খন তথ্যচিত্ৰই ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে । দেশৰ তৃতীয় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত 'কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ'ৰ এই বৰ্ষৰ 'ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা'লৈ 'চেলেঞ্জ'ৰ উপৰিও নিৰ্বাচিত হৈছে আন সাতখন তথ্যচিত্ৰ ৷

সেয়া হৈছে সৌৰভ চাৰেংগীৰ 'টাইগাৰ আৰ্মী', বিন্দু নায়াৰৰ 'ফ'ৰ্জ্ড ইন ফায়াৰ', বিশাল পি চলিহাৰ 'চামডে', শুভ দাস মল্লিকৰ 'নৱজাগৰণেৰ গান', হাইদৰ খানৰ 'লেংগুৰ', অভিজিৎ চক্ৰৱৰ্তীৰ 'চবৰ - অৰণ্যেৰ অন্ন কথা' আৰু সুষমা মিলিন্দ কুভলেকাৰৰ 'দ্য ডিভাইন হাৰ্ট' । পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰীমিয়াৰ হিচাপেও প্ৰদৰ্শিত হ'ব 'চেলেঞ্জ' ।

লগতে পঢ়ক: Drama staged in Morigaon: মৰিগাঁৱত মঞ্চস্থ দ্ৰৌপদীৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.