ETV Bharat / state

মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি; গুৱাহাটীত যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:03 PM IST

গুৱাহাটীত যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি
গুৱাহাটীত যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি

Transporters Strike : শুকুৰবাৰৰ দিনটোত পুৱাতেই কাৰ্যালয়, বিদ্যালয়কে ধৰি দূৰ-দূৰণিলৈ যাবৰ বাবে ওলাই অহা শ শ লোকে বাহনৰ অভাৱত গন্তব্যস্থলীলৈ যাব নোৱাৰি ঘৰমুৱা হ’বলগীয়া হয় ।

গুৱাহাটীত মটৰ পৰিবহণ সন্থাৰ কৰ্মবিৰতিৰ ব্যাপক প্ৰভাৱ

গুৱাহাটী, ৫ জানুৱাৰী : ৰাজ্যত শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি । যাৰ ফলত সমগ্ৰ ৰাজ্যতে ব্যাহত হৈছে পৰিবহণ সেৱা । আনহাতে, মটৰ পৰিবহণ সংস্থাৰ এই কৰ্মবিৰতিয়ে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক প্ৰভাৱ পেলাইছে । সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ব্যক্তিগত খণ্ডৰ ৰাজহুৱা পৰিবহণ সেৱা । ইয়াৰ ফলত যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

সাধাৰণ নাগৰিকৰ যাতায়াতৰ অন্যতম মাধ্যম ব্যক্তিগত খণ্ডৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা স্তব্ধ হৈ পৰাৰ ফলত যাত্ৰীসকলে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে । শুকুৰবাৰৰ দিনটোত পুৱাতেই কাৰ্যালয়, বিদ্যালয়কে ধৰি দূৰ-দূৰণিলৈ যাবৰ বাবে ওলাই অহা শ শ লোকে বাহনৰ অভাৱত গন্তব্যস্থলীলৈ যাব নোৱাৰি ঘৰমুৱা হ’বলগীয়া হয় ।

অনহাতে, যাত্ৰী কঢ়িওৱা বাণিজ্যিক বাহনসমূহ নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যক্তিগত বাহনৰ চালকে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰাও পৰিলক্ষিত হৈছে । উল্লেখ্য যে ভাৰতীয় ন্যায় সংহিতা আইনৰ বিৰোধিতাৰে ৫ আৰু ৬ জানুৱাৰীত ৪৮ ঘণ্টাৰ বাবে কৰ্মবিৰতি ঘোষণা কৰিছিল ব্যক্তিগত খণ্ডৰ সকলো ৰাজহুৱা পৰিবহণ সংস্থাই ।

দুদিনীয়া কৰ্মবিৰতিৰ শুকুৰবাৰে প্ৰথম দিনটোত একপ্ৰকাৰ স্তব্ধ হৈ পৰে জনজীৱন । কিয়নো ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰে যাতায়াত কৰা যাত্ৰীসকল বিপাঙত পৰিবলগীয়া হয় । এনে পৰিস্থিতি শনিবাৰৰ দিনটোত প্ৰশাসনে দুৰ্ভোগৰ সন্মুখীন হোৱা যাত্ৰীসকলক সকাহ দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

উল্লেখ্য যে এই নতুন আইন অনুসৰি এজন চালকে যদি কোনো লোকক খুন্দা মাৰে তেন্তে চালকে লোকজনক কাষৰ চিকিৎসালয়লৈ নিয়াৰ লগতে নিকটৱৰ্তী আৰক্ষী থানা নতুবা দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ অথবা অৱগত কৰিব লাগিব ৷ যদি আৰক্ষী থানাত আত্মসমৰ্পণ নকৰে তেন্তে চালকজনে জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হৈ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব ৷ সেয়ে ক্ষুব্ধ চালকসকলে এই আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূৰ্যচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক :ক'লা আইন বাতিলৰ দাবীত লখিমপুৰত কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.