ETV Bharat / state

ক'লা আইন বাতিলৰ দাবীত লখিমপুৰত কৰ্মবিৰতি

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 2:25 PM IST

Hit and Run Law : মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে জাপি দিয়া ক'লা আইন প্ৰত্যাহাৰৰ দাবী ত শুকুৰবাৰৰ পৰা ৪৮ ঘন্টা ৰ বাবে কৰ্মবিৰতি পালন কৰে মটৰ শ্ৰমিক সন্থাই । লখিমপুৰত কৰ্মবিৰতি পালন কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মটৰ শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Driver protest in Lakhimpur
ক'লা আইন বাতিলৰ দাবীত লখিমপুৰত কৰ্মবিৰতি

ক'লা আইন বাতিলৰ দাবীত লখিমপুৰত কৰ্মবিৰতি

লখিমপুৰ,৫ জানুৱাৰী : গাড়ী চালক সন্থাৰ প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য । হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে গাড়ী চালক সন্থাই আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো মটৰ শ্ৰমিকৰ ওপৰত বিজেপি চৰকাৰে জাপি দিয়া ক'লা আইন প্ৰত্যাহাৰৰ দাবীত শুকুৰবাৰৰ পৰা অসম মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চই ৪৮ ঘন্টাৰ কৰ্মবিৰতি পালনৰ আহ্বান জনায় ।

এই আহ্বানমৰ্মে শুকুৰবাৰে ৰাজ্য জুৰি বন্ধ হৈ পৰে সকলো বাণিজ্যিক বাহনৰ চলাচল । আন আন জিলাৰ দৰে লখিমপুৰতো এই কৰ্মবিৰতিৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয় । সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ হৈ পৰাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে । ইয়াৰ মাজতে একাংশ মটৰ শ্ৰমিকে নগৰৰ সমীপৰ চৰাই মৰীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিজেপি চৰকাৰে জাপি দিয়া এই ক'লা আইনখন প্ৰত্যাহাৰৰ দাবীত শ্ল'গান দি উত্তাল পৰিবেশ সৃষ্টি কৰে । কেন্দ্রীয় চৰকাৰৰ নেতৃত্বক ধিক্কাৰ দি এই আইনখন প্ৰত্যাহাৰ নকৰিলে মটৰ শ্ৰমিকসকলে অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে । উল্লেখ্য যে, মটৰ শ্ৰমিকৰ এই আন্দোলনৰ ফলত আজি সকলো ধৰণৰ বাছ, ট্ৰাক আদি বানিজ্যিক বাহনৰ চলাচল বন্ধ হৈ পৰে । অনাহুত পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰি লখিমপুৰ নগৰৰ সকলো বাছ আস্থান আদিত আৰক্ষী, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হয় ।

লগতে পঢ়ক : যোৰহাট-গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.