ETV Bharat / state

Sign MoU on border dispute: অৰুণাচলৰ সৈতে সীমা বিবাদৰ বুজাবুজি চুক্তিক অৰ্থহীন আখ্যা তৃণমূল কংগ্ৰেছ অসমৰ

author img

By

Published : Apr 21, 2023, 10:39 PM IST

অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিৰ চুক্তি সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা ল'বলৈ অসমবাসীক আভুৱা ভাৰিলে বুলি মন্তব্য প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (Trinamool congress press meet in guwahati) ৷

Trinamool congress press meet in guwahati
নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা ল’বলৈ অসমবাসীক আভুৱা ভাৰিলে মুখ্যমন্ত্ৰীয়ে

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা ল’বলৈ অসমবাসীক আভুৱা ভাৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ২১ এপ্ৰিল: বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তি চুক্তিক অৰ্থহীন আখ্যা দিছে অসম তৃণমূল কংগ্ৰেছে ৷ শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (President Dilip Kumar Sharma) এক সংবাদমেল সম্বোধন কৰি কয় যে, কেৱল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ৰাজনৈতিক মুনাফা আদায় কৰি সীমা বিবাদ নিষ্পত্তিৰ ভুৱা প্ৰচাৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Trinamool congress slams CM) ৷ ৰাইজৰ ভোট লাভৰ অংকৰে নিয়ম-নীতি নোহোৱাকৈ অৰুণাচল প্ৰদেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে মুখ্যমন্ত্ৰীয়ে (Sign pact to resolve border dispute) ৷

শৰ্মাই লগতে কয়, "অসম বিধানসভাত সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰাই তথ্য দাখিল কৰি মুঠ ৮২ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডে বেদখল কৰি থকা বুলি মন্তব্য দিছিল (Trinamool congress slams BJP)। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ ভূমি বেদখল কৰি আছে । এতিয়া আমাৰ প্ৰশ্ন কালিৰ তথাকথিত ঐতিহাসিক চুক্তিৰে অসমে অৰুণাচলৰ‌ দ্বাৰা বেদখলকৃত কিমান ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ? কাৰণ বিবাদ নিষ্পত্তি হোৱা বুলি দাবী কৰা ৭১ খন গাঁৱৰ ৬০ খন দিয়া হ'ল অৰুণাচলক । অসমে মাত্ৰ লাভ কৰিলে ১১ খন । মুখ্যমন্ত্ৰীয়ে হেক্টৰৰ হিচাপৰ পৰিৱৰ্তে গাঁৱৰ সংখ্যাহে কিয় প্ৰকাশ কৰিলে ? ইয়াতেই চুক্তিৰ আঁৰৰ উদ্দেশ্যৰ দিশটো ওলাই পৰে (MoU signed by Assam CM and Arunachal CM)।’’

আনহাতে এই চুক্তিৰে একো বিবাদ নিষ্পত্তি হোৱা নাই বুলি মন্তব্য কৰি দিলীপ কুমাৰ শৰ্মাই সংবাদমেলত কিছু কাৰিকৰী দিশৰ কথাও দাঙি ধৰে । তেওঁ কয় , ‘‘দিল্লীত বহি দুই ৰাজ্যৰ নেতাই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলেই বাস্তৱত একো সমাধান নহয় (Trinamool congress slams BJP)। ইয়াৰ বাবে ভাৰতীয় সংবিধানত থকা ৰাজ্যসমূহৰ মানচিত্ৰৰ লগতে 'চাৰ্ভে অৱ ইণ্ডিয়া' ৰ মানচিত্ৰত এই বিষয়ৰ সংশোধন হ'ব লাগিব । এয়া কৰিবলৈ কেন্দ্ৰই সংসদত সংবিধান সংশোধনী প্ৰস্তাৱ গৃহীত কৰাব লাগিব। এয়া তেতিয়াহে সম্ভৱ যেতিয়া নিৰ্দিষ্ট ৰাজ্যখনে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে।

"ইয়াৰ পূৰ্বে সৰ্বদলীয় প্ৰতিনিধি দল বিবাদমান এলেকাসমূহলৈ প্ৰেৰণ কৰি প্ৰকৃত অৱস্থাৰ বুজ লোৱাৰ ব্যৱস্থা কৰিব লাগে। অসম চৰকাৰে এইবোৰতো একো কৰা নাই। তেন্তে ওপৰে ওপৰে কৰা চুক্তিৰে কেনেকৈ বিবাদ নিষ্পত্তি হ'ব? অৰুণাচলে দাবী কৰিলেই ভূমি কিয় এৰি দিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ? যদি অৰুণাচল চৰকাৰে আমাৰ ভূমি এৰি দিবলৈ ৰাজী নহয়, তেন্তে অসম চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যাব লাগিছিল । মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ আমি সকলোৱে মানি ল'ম ৷" এইদৰে মন্তব্য প্ৰকাশ কৰে নেতাগৰাকীয়ে ।

শৰ্মাই লগতে চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখলকৃত ভূমি উদ্ধাৰ কৰিহে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দাবী জনায় । ‘‘কোনোবাই ক'লেই আমাৰ ভূমি এৰি দিয়াটো কোনোপধ্যেই মানি লোৱা নহ'ব’’ বুলি তেওঁ সকিয়নী প্ৰদান কৰে । আনহাতে সীমান্ত অঞ্চল উন্নয়নৰ বাবে এগৰাকী মন্ত্ৰীৰ অধীনত এটা বিয়াগোম বিভাগ থকাৰ পাচতো সীমান্তবাসী ৰাইজৰ সমস্যাসমূহৰ সমাধানৰ বাবে অসম চৰকাৰে একো নকৰাৰ বাবেও অন্য ৰাজ্যই সেই ভুক্তভোগীলোকসকলক নিজৰফলীয়া কৰিবলৈ সুযোগ পোৱা বুলি দিলীপ কুমাৰ শৰ্মাই লগতে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: Sign MoU on border dispute : অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে ঐতিহাসিক চুক্তি স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.