ETV Bharat / state

মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

author img

By

Published : Oct 21, 2020, 5:21 PM IST

ৰাজ্যৰ বন বিভাগে জব্দ কৰিছে এটা ৰে’লৰ ইঞ্জিন ৷ বিগত 27 ছেপ্তেম্বৰত ইঞ্জিনটোৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল দুটাকৈ হাতীয়ে ৷ লামডিং সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছিল উক্ত দুৰ্ঘটনা ৷

assam seizes locomotive for murdering elephants etv bharat news
বন বিভাগৰ কঠোৰ পদক্ষেপ

নিউজ ডেস্ক, 21 অক্টোবৰ: ৰাজ্যত প্ৰায়ে ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাই বন্যহস্তীয়ে ৷ কিন্তু এইপৰ্যন্ত বন বিভাগে ৰোধ কৰিব পৰা নাই এনেদৰে মৃত্যু হোৱা হাতীৰ সংখ্যা ৷ তাৰ বাবে বিভাগে বিভিন্ন পন্থা গ্ৰহণ কৰিছে যদিও হোৱা নাছিল ফলপ্ৰসূ ৷ বিগত 27 ছেপ্তেম্বৰত লামডিং সংৰক্ষিত বনাঞ্চল এলেকাত ৰে’লৰ খুন্দাত নিহত হৈছিল পোৱালীৰ সৈতে এজনী হাতী ৷ শেহতীয়াকৈ মঙলবাৰে ৰাজ্যৰ বন বিভাগে এই দুৰ্ঘটনাটো সংঘটিত কৰা ৰে’লখনৰ ইঞ্জিনটো মহানগৰীৰ বামুণীমৈদামস্থিত ৰে’ল বিভাগৰ বিজি ৱাৰ্ডৰ পৰা জব্দ কৰে ৷ ভাৰতৰ ইতিহাসত এয়ে হয়তো প্ৰথম ঘটনা য’ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰে’লৰ ইঞ্জিন জব্দ কৰে চৰকাৰী কোনো বিভাগে ৷ পূৰ্বেয়ো এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও বন বিভাগে গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ পদক্ষেপ ৷ পোন প্ৰথমবাৰৰ বাবে বন বিভাগে গ্ৰহণ কৰা এনে পদক্ষেপক সলাগিছে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

assam seizes locomotive for murdering elephants etv bharat news
ৰে’ল ইঞ্জিন জব্দ

এই সমগ্ৰ ঘটনাটোৰ বাবে অনুসন্ধানৰ দায়িত্ব দিয়া হৈছিল বন সংৰক্ষক বিষয়া ৰাজীৱ দাসক ৷ বিষয়াগৰাকীয়ে এই বিষয়ত কয় যে, ৰে’লৰ ডবাসমূহ সময়ে সময়ে মৃত্যুদুত ৰূপে পৰিগণিত হৈ আহিছে ৷ সেয়ে বৰ্ধিত অপৰাধ ৰোধ কৰিবলৈ ইয়াক জব্দ কৰা উচিত ৷ কিয়নো ই একপ্ৰকাৰৰ হত্যাৰ লেখীয়া ৷ ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৰে’ল বিভাগৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ কৰে ৷ ইতিমধ্যে ৰে’ল কৰ্তৃপক্ষই এগৰাকী লোকো পাইলটৰ লগতে সহযোগী গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে ৷

assam seizes locomotive for murdering elephants etv bharat news
বন বিভাগৰ কঠোৰ পদক্ষেপ

সম্প্ৰতি জব্দ কৃত ইঞ্জিনটো ৰে’ল বিভাগকে চমজাই দিছে বন বিভাগে ৷ কিন্তু পৰৱৰ্তী সময়ত ইঞ্জিনটোক জৰিয়তে কোনো দুৰ্ঘটনা সংঘটিত হ’লে ৰে’ল বিভাগে বন বিভাগক ভৰিব লাগিব প্ৰায় 12 কোটি টকাৰ জৰিমনা ৷ বন্যপ্ৰাণীৰ ক্ষেত্ৰত বিশেষকৈ হাতীৰ চলাচলৰ কৰিডৰ হিচাপে পৰিচিত লামডিং সংৰক্ষিত বনাঞ্চলত তীব্ৰবেগী ৰে’লৰ খুন্দাত পূৰ্বতেও এনেধৰণে বন্যপ্ৰাণীৰ মৃত্যু হৈছিল ৷ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ইঞ্জিনটো মেৰামতিৰ অন্তত মুকলি কৰিছিল বুলি দাবী কৰিছে ৷

লগতে চাওকঃ চামগুৰিত মূল্যবান গহনাৰ লগতে চোৰে লুটিলে প্ৰায় 20 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.