ETV Bharat / state

জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

author img

By

Published : May 12, 2021, 7:48 AM IST

Updated : May 12, 2021, 9:23 AM IST

প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান ৷ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল হোমেন বৰগোহাঞি ৷

Homen Bargohain
Homen Bargohain

নিউজ ডেস্ক, 12 মে’ : অসমৰ প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান ৷ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ পুৱা 6.58 মিনিটত চিকিৎসকে মৃত ঘোষণা কৰে হোমেন বৰগোহাঞিক ৷ যোৱা 7 মে’ তাৰিখে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল সাহিত্যিক গৰাকীয়ে ৷ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ কিন্তু অৱশেষত অসংখ্য গুণমুগ্ধক শোক সাগৰত পেলাই ইহ সংসাৰৰ পৰা বিদায় মাগিলে বৰেণ্য সাহিত্যিকগৰাকীয়ে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল হোমেন বৰগোহাঞি ৷ অসমৰ সংবাদ জগতলৈ তেখেতৰ আছিল অনবদ্য অৱদান ৷

থোৰতে হোমেন বৰগোহাঞিৰ জীৱন পৰিক্ৰমা :

1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বালিগাঁৱত জন্ম হয় হোমেন বৰগোহাঞিৰ ৷ ঢকুৱাখনাত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল কটন মহাবিদ্যালয়ত ৷

অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা এইগৰাকী প্ৰসিদ্ধ সাহিত্যিকে 1978 চনত পিতা-পুত্ৰ উপন্যাসৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমী সন্মান ৷ তেখেতে ৰচনা কৰা গ্ৰন্থ সমূহ পাঠকৰ বাবে সুখপাঠ্য বুলি ক’লে হয়তো বঢ়াই কোৱা নহ’ব ৷ পাঠকক আকৰ্ষণ কৰিব পৰা গুণৰ অধিকাৰী আছিল হোমেন বৰগোহাঞি ৷ অসমৰ প্ৰতিগৰাকী সাহিত্যপ্ৰেমীক সাহিত্যৰ ৰসেৰে মোহাচ্ছন্ন কৰি ৰাখিছিল এইগৰাকী সাহিত্যিকে ৷

হোমেন বৰগোহাঞিৰ সৃষ্টি সমূহৰ ভিতৰত হালধীয়া চৰায়ে বাওধান খাই, সাউদৰ পুতেকে নাও মেলি যায়, অস্তৰাগ, মৎস্যগন্ধা, পিতা-পুত্ৰ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰি, নিসংগতা, বিষন্নতা, সুবালা আদি উপন্যাস ৷ আত্মানুসন্ধান, মোৰ হৃদয় এখন যুদ্ধ ক্ষেত্ৰ, ধুমুহাৰ ৰামধেনু, মোৰ সাংবাদিক জীৱন হৈছে তেখেতৰ আত্মজীৱনমূলক গ্ৰন্থ ৷

তাৰোপৰি উচ্চাকাংক্ষা, হৃদয়ৰ মানচিত্ৰ, বিংশ শতাব্দীৰ সন্ধানত, প্ৰজ্ঞা সাধনা, জীৱনৰ উপহাস, মই যেতিয়া ক্লান্ত হওঁ, আশী দশকৰ দস্তাবেজ, সুখ-দুখ, জীৱনৰ পৰা মই কি শিকিলো, কিতাপ জীৱনৰ সঞ্জীৱনী সুধা, পাঠকৰ টোকাবহী, আত্ম দীপো ভব, সুস্থ দেহৰ সুস্থ মন, কাম কৰাৰ আনন্দ আদি অনেক গ্ৰন্থৰ ৰচয়িতা আছিল এই গৰাকী প্ৰসিদ্ধ সাহিত্যিক ৷

চৰকাৰী চাকৰি ত্যাগ কৰি তেখেতে ভৰি দিছিল সাংবাদিকতাৰ জগতত ৷ সাহিত্য, সমাজ, ৰাজনীতি সকলোতে আবাধ দখল আছিল হোমেন বৰগোহাঞিৰ ৷ তেখেতৰ সম্পাদিত বাতৰি কাকত আৰু আলোচনী সমূহ হ’ল আমাৰ অসম, অসম বাণী, নীলাচল, সূত্ৰধৰ, নাগৰিক, সাতসৰী আৰু নিয়মীয়া বাৰ্তা ৷ ইয়াৰোপৰি অসমৰ এটা ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলত মুখামুখি আৰু কথা-বাৰ্তা শীৰ্ষক দুটা সাপ্তাহিক অনুষ্ঠানৰ আঁত ধৰিছিল হোমেন বৰগোহাঞিয়ে ৷

জীৱন কালত বহু বঁটা-বাহন আৰু সন্মান লাভ কৰিছিল এইগৰাকী প্ৰসিদ্ধ সাহিত্যিকে ৷ সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা, নীলমণি ফুকন বঁটা তেখেতে লাভ কৰা কৃতিত্বৰ ভিতৰত অন্যতম ৷

2001 চনত ডিব্ৰুগড় আৰু 2002 চনৰ কলগাছিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ মহামাৰী ক’ভিডক জয় কৰিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এই গৰাকী সাহিত্যিকে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 89 বছৰ ৷ বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : মন্ত্রীসভাৰ প্ৰথমখন কেবিনেট বৈঠকে কি সিদ্ধান্ত ল'লে...

Last Updated : May 12, 2021, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.