ETV Bharat / state

Assam Govt to Subsidised Tea : ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা

author img

By ANI

Published : Nov 4, 2023, 5:48 PM IST

Updated : Nov 4, 2023, 10:19 PM IST

ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা
Assam Govt to Subsidised Tea

অসম চৰকাৰে ২০২৪ চনৰ পৰা ৰেচন কাৰ্ড থকাসকলক প্ৰতি কিলোগ্ৰামত ১০০-১৫০ টকাত চাহপাত যোগান ধৰাৰ কথা চিন্তা কৰিছে । এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় ।

নিউজ ডেস্ক, ৪ নৱেম্বৰ : অসম চৰকাৰে ৰেচন কাৰ্ড থকাসকলক ৰাজসাহায্যযুক্ত হাৰত চাহপাত উপলব্ধ কৰোৱাৰ প্ৰস্তাৱ সক্ৰিয়ভাৱে বিবেচনা কৰি আছে । ৰাজ্যখনৰ চাহ উদ্যোগে ২০০ বছৰীয়া এক ঐতিহাসিক যাত্ৰা অতিক্ৰম কৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপনৰ সময়ত ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ কথা বিবেচনা কৰি আছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক সাংবাদমেল সম্বোধন কৰি কয় যে তেওঁৰ চৰকাৰে ২০২৪ চনৰ পৰা ৰেচন কাৰ্ড থকাসকলক প্ৰতি কিলোগ্ৰামত ১০০-১৫০ টকাত চাহপাত যোগান ধৰাৰ কথা চিন্তা কৰি আছে । উল্লেখ্য যে অসমত বছৰি প্ৰায় ৭০০ নিযুত কিলোগ্ৰাম চাহ উৎপাদন হয় আৰু ভাৰতৰ সামগ্ৰিক চাহ উৎপাদনৰ প্ৰায় আধা অংশ ৰাজ্যখনে উৎপাদন কৰে । ৰাজ্যখনে ইয়াৰ দ্বাৰা বাৰ্ষিক বৈদেশিক মুদ্ৰা উপাৰ্জনো আনুমানিক ৩,০০০ কোটি টকাৰ সমান কৰে ।

সামগ্ৰিকভাৱে ভাৰতে বিশ্বজনীনভাৱে চাহ উৎপাদনত ২৩-২৪ শতাংশ অৰিহণা যোগায় । উল্লেখ্য যে উজনি অসমত প্ৰথম ১৮২৩ চনত চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল । সমৃদ্ধ ৰং আৰু সুগন্ধিৰ বাবে অসমৰ চাহ বিশ্বজুৰি প্ৰসিদ্ধ । অসমৰ চাহ উদ্যোগ হৈছে দেশৰ ভিতৰত সৰ্ববৃহৎ । এই চাহ বাগানৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বহু লোক নিৰ্ভৰশীল । লাখ লাখ লোকক চাহ উদ্যোগে জীৱিকা প্ৰদান কৰি আহিছে । ৰাজ্যখন অৰ্থডক্সৰ লগতে চিটিচি প্ৰকাৰৰ চাহৰ বাবে বিশ্ব বিখ্যাত ।

উল্লেখ্য যে অসমৰ চাহ উদ্যোগত পূৰ্বতে কৰ্প'ৰেটচালিত ডাঙৰ আকাৰৰ বাগিচাৰ আধিপত্য আছিল যদিও এতিয়া ক্ষুদ্ৰ চাহ ব্যসায়ীসকলেও ইয়াত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । অসমত চাহখেতি বৰ্তমান বছৰজুৰি কৰা হয় । আনহাতে, হাজাৰ হাজাৰ খেতিয়কে তেওঁলোকৰ মুখ্য খেতি ধানৰ পৰিৱৰ্তে চাহখেতি কৰিবলৈ লৈছে । চাহ ব্যৱসায়ক নিবনুৱা যুৱক-যুৱতীসকলে অন্যতম ব্যৱসায়িক উদ্যোগ হিচাপে গ্ৰহণ কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Development Projects in Assam: বহুচৰ্চিত কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতি ঘোষণা মুখ্যমন্ত্ৰীৰ

Last Updated :Nov 4, 2023, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.