ETV Bharat / state

Assam eviction drive: ৰাজ্যৰ বেদখলকৃত হ্ৰদ-জলাশয় আদিতো চলিব উচ্ছেদ অভিযান; বেদখলৰ তথ্য বিচাৰি উপায়ুক্তলৈ পত্ৰ

author img

By

Published : Mar 6, 2023, 10:27 PM IST

Assam eviction drive
ৰাজ্যৰ বেদখলকৃত হ্ৰদ-জলাশয় আদিতো চলিব উচ্ছেদ অভিযান

ৰাজ্যৰ বেদখলকৃত হ্ৰদ, জলাশয়, নদ-নদী আদিতো চৰকাৰে চলাব উচ্ছেদ অভিযান (Assam eviction drive) ৷ বিভিন্ন নগৰ-চহৰসমূহৰ বেদখলকৃত হ্ৰদ-জলাশয় আদিৰ তথ্য বিচাৰি জিলা উপায়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৷

গুৱাহাটী, 6 মাৰ্চ: বেদখলকৃত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ব্যাপক হাৰত চলিছে উচ্ছেদ অভিযান ৷ ইতিমধ্যেই বেদখলকৃত বনাঞ্চলৰ ভূমি, সত্ৰৰ ভূমি আদিত উচ্ছেদ অভিযান অব্যাহত ৰখা হৈছে ৷ আনহাতে, গুৱাহাটীৰ শিলসাঁকো বিলত চলা উচ্ছেদ অভিযানৰ (Silsako eviction drive) বাবে বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ কিন্তু সমালোচনাই থমকাব পৰা নাই মুখ্যমন্ত্ৰীক ৷

এইবাৰ ৰাজ্যৰ বিল, নৈ, পুখুৰী , জলাশয় আদিত উচ্ছেদ চলাব অসম চৰকাৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেদখলকৃত বিল-জলাশয় আদিত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে (Encroachment in lake and water bodies) ৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ বহু চহৰ-নগৰ এতিয়া প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ কৱলত ৷ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে বহু নগৰ ৷ তাৰ পৰা পৰিত্ৰাণ দিবলৈকে ৰাজ্যৰ সকলো বিল আদি প্ৰাকৃতিক জলাশয় বেদখলমুক্ত কৰাৰ পৰিকল্পনা হাতত লৈছে প্ৰশাসনে ৷ তৎপৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

ৰাজ্যৰ প্ৰাকৃতিক জলাশয়সমূহত হোৱা বেদখলৰ তথ্য বিচাৰি জিলা উপায়ুক্তসকললৈ জৰুৰী নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবে ৷ মুখ্যমন্ত্ৰীয়ে বিচাৰিছে বিগত 15 বছৰৰ ৰাজ্যৰ প্ৰাকৃতিক জলাশয়ত হোৱা বেদখলৰ তথ্য ৷ সেয়ে শেহতীয়াভাৱে শনিবাৰে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে জিলা উপায়ুক্তসকলক 7 দিনৰ ভিতৰত এই তথ্যসমূহ দাখিল কৰিবৰ বাবে আহ্বান জনাই নিৰ্দেশনা জাৰি কৰিছে (Assam massive eviction drive) ৷

নিজ নিজ জিলাত প্ৰাকৃতিক জলাশয়সমূহত হোৱো বেদখলৰ সবিশেষ জনাই প্ৰতিবেদন দাখিল কৰিব লাগিব জিলা উপায়ুক্তসকলে ৷ উপায়ুক্তসকলক দিয়া নিৰ্দেশনাত কোৱা হৈছে যে জলাশয়সমূহত হোৱা বেদখলৰ ফলত বহু ঠাইত পানী ওলাই যোৱা বাট আদি বন্ধ হৈ পৰিছে ৷ ফলত কৃত্ৰিম বানে জনসাধাৰণক অসুবিধাত পেলাইছে ৷ চৰকাৰে চহৰ-নগৰাঞ্চলত থকা এনে জলাশয়বোৰ সংৰক্ষণ কৰাৰ বাবে পৰিকল্পনা কৰিছে। সেয়ে উপায়ুক্ত সকলক বেদখল হোৱা জলাশয়বোৰৰ ঠাইসমূহ চিনাক্ত কৰিবলৈ কোৱা হৈছে (CM office letter to DC) ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া 7 দিনৰ ইতিমধ্যে 3 দিন উকলিল । উপায়ুক্তসকলে নিজৰ প্ৰতিবেদনত কি তথ্য দিয়ে সেয়া হ’ব মন কৰিবলগীয়া ৷ সি যিয়েই নহওক, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এই তৎপৰতাই এটা কথা নিশ্চিত কৰিছে যে গুৱাহাটীত চলোৱা উচ্ছেদৰ (Eviction drive in Guwahati) লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাকৃতিক জলাশয়ত হোৱা বেদখল মুক্ত কৰিবলৈ চৰকাৰে উচ্ছেদ চলাবলৈ আগবাঢ়িছে ।

লগতে পঢ়ক: Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.