ETV Bharat / state

Mission Flood Free Guwahati: বানমুক্ত গুৱাহাটী নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ

author img

By

Published : Mar 27, 2023, 10:24 PM IST

Assam Govt plan to build a flood-free Guwahati
মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ(Mission Flood Free Guwahati) লগতে আন কেইবাটাও বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক । বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত শিলসাকোঁ বিলৰ দৰে বাহিনী নৈৰ কাষৰ নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও চৰকাৰে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰে এই বৈঠকত(Assam Govt plan to build a flood-free Guwahati) ।

গুৱাহাটী,২৭ মাৰ্চ: গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত প্ৰয়োজনীয় সকলোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ(Mission Flood Free Guwahati) এক বৈঠকত দেওবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Assam Govt plan to build a flood-free Guwahati) ৷

বাহিনী নদীৰ কাষৰ কিছু কিছু অংশত হোৱা বেদখল আৰু নিৰ্মাণ কাৰ্যৰ বাবে নদীখন ঠেক হৈ পানী সংবহনত হোৱা অসুবিধাৰ দিশলৈ লক্ষ্য ৰাখি অতি সোনকালে এনে স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মন্ত্ৰী সিংহলে দেওবাৰে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰে কিছু কিছু ঠাই বেদখলকাৰীৰ নামত ইতিপূৰ্বে নিষ্পত্তি হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰয়োজন সাপেক্ষে শিলসাঁকো বিলৰ ক্ষেত্ৰত কৰাৰ দৰে এনে নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

দেওবাৰে মন্ত্ৰী সিংহলে গুৱাহাটী জল ব’ৰ্ডৰ(Gauhati Jal Board) বিষয়ববীয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা প্ৰদান কৰে ৷ দেওবাৰে অনুষ্ঠিত আন এক বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰো বুজ লয় ৷

বিভিন্নধৰণৰ নিৰ্মাণ কাৰ্য তথা জল বোৰ্ডকে ধৰি বিভিন্ন পক্ষই কৰা খননৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ পথতে হোৱা যান-যঁটৰ সমস্যাত উদ্বিগ্নতা প্ৰকাশ কৰি বিশেষকৈ জল বোৰ্ডৰ পাইপ বহুওৱাৰ কাম-কাজ দিনে-ৰাতিয়ে কৰি তৎকালে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ সংশ্লিষ্ট পক্ষক নিৰ্দেশ প্ৰদান কৰে(Ashok Singhal concern over traffic problem) ৷ একেদৰে বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজন হোৱা গুৱাহাটী মহানগৰীৰ পথ খননৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এক মানক পৰিচালন ব্যৱস্থা (SOP) জাৰি কৰিবলৈও তেওঁ কামৰূপ [মহানগৰ] জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

দেওবাৰে অনুষ্ঠিত বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল, ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা জল ব’ৰ্ডৰ বিষয়ববীয়াসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰকল্পকেইটাৰ অন্যান্য অংশীদাৰী পক্ষসমূহো উপস্থিত থাকে ৷

লগতে পঢ়ক: Preparation for Rangali bihu: দশক দশক ধৰি লোকবাদ্য নিৰ্মাণত ব্ৰতী মৰিগাঁৱৰ এগৰাকী লোকশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.