ETV Bharat / state

GST collection of Assam: ২০২৩-২০২৪ চনত অসমৰ প্ৰায় ১৫,৭০০ কোটি টকা জি এছ টি সংগ্ৰহৰ লক্ষ্য

author img

By

Published : Jul 19, 2023, 6:13 PM IST

Tax collection of Assam
পুনৰ বৃদ্ধি পাব নেকি কৰ

অসম চৰকাৰ আন এক অভিলেখ ৷ ৰাজ্যবাসীৰ পৰা সৰ্বকালৰ কৰ সংগ্ৰহ কৰা চৰকাৰ হিচাপে পৰিগণিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ অসম চৰকাৰৰ কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে । ২০২৩ৰ জুনৰ ভিতৰত ৰাজ্য চৰকাৰে ১,৫১৩ কোটি টকা কৰ সংগ্রহ কৰিছে ৷

গুৱাহাটী,19 জুলাই: অসম চৰকাৰ আন এক অভিলেখ ৷ ৰাজ্যবাসীৰ পৰা সৰ্বকালৰ কৰ সংগ্ৰহ কৰা চৰকাৰ হিচাপে পৰিগণিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ তথ্য মতে, চলিত ২০২৩ৰ জুন মাহত জি এছ টিৰ জৰিয়তে ৰাজ্য চৰকাৰে ১,৫১৩ কোটি টকা কৰ সংগ্রহ কৰিছে । আনহাতে পুনৰ বিত্ত বিভাগে এইবাৰ অসমত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । বিত্ত বিভাগৰ এক উচ্চ স্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে, অসমত প্রতি মাহত গড়ে ১,২০০ কোটিৰপৰা ১,৫০০ কোটি টকাৰ ভিতৰত কৰ সংগ্ৰহ হৈ থাকিব ।

প্ৰতিটো মাহত জি এছ টি সংগ্ৰহৰ গতিৰ পৰা স্পষ্ট হৈছে যে এই বছৰ জি এছ টি সংগ্ৰহত অসমৰ পূৰ্বৰ অভিলেখ ভংগ কৰিব। বিত্ত বিভাগৰ সূত্ৰটোৱে কয় যে ২০২৩-২০২৪ চনত অসমৰ প্ৰায় ১৫,৭০০ কোটি টকা জি এছ টি সংগ্ৰহৰ লক্ষ্য ধার্য কৰা হৈছে।

শেহতীয়াকৈ এপ্ৰিল, মে’ আৰু জুনৰ কৰ সংগ্ৰহৰ গতিৰপৰা বিত্ত বিভাগে পর্যালোচনা কৰি এই ধাৰণা কৰিছে । বিত্ত বিভাগৰ তথ্য মতে, ২০১৭-২০১৮ চনত কৰ সংগ্ৰহ সন্তোষজনক নাছিল । ২০১৭-১৮ চনত মাত্ৰ ৪,০৭৮ কোটি টকাহে কৰ সংগ্রহ হৈছিল ।

২০১৯-২০ বৰ্ষত ৮,৭৫৫ কোটি টকা, ২০২০-২১ বৰ্ষত ৮,৫৪৯ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ১০,৫৮০ কোটি টকা কৰ সংগ্রহ হৈছিল । ২০২২-২৩ বৰ্ষত অসমত কৰ সংগ্রহ হৈছিল ১১,৮৮৪ কোটি টকা । পূৰ্বৰ এই সকলো অভিলেখ ভংগ কৰি ২০২৩-২৪ বৰ্ষত ১৫,৭০০ কোটি জি এছ টি সংগ্রহ হ’লে অভিলেখ সৃষ্টি হ’ব । আনহাতে বৰ্তমান অসম চৰকাৰে পেট্ৰ'ল, ডিজেলৰ বাহিৰে প্ৰায় সকলো সামগ্রীতেই ৫ শতাংশৰ পৰা ২৮ শতাংশ পর্যন্ত কৰ সংগ্রহ কৰে ।

উল্লেখ্য যে ২০১৫-২০১৬ চনত ৰাজ্য চৰকাৰৰ বাজেট ব্যয় ৪২ হেজাৰ কোটি টকা আছিল । কিন্তু ২০২২-২৩ চনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেট ব্যয় হৈছিল গৈ ১ লাখ ২৫ হেজাৰ কোটি টকা । ২০২৩-২৪ চনত চৰকাৰৰ ব্যয়ৰ প্ৰস্তাৱ ১ লাখ ৩৯ হেজাৰ কোটি টকা ধার্য কৰা হৈছে ।

লগতে পঢ়ক:INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.