ETV Bharat / state

বৰাজুলি বন্য ধাননি-হাজং কচ্ছপ হ্ৰদলৈ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

author img

By

Published : Sep 1, 2022, 7:22 PM IST

Updated : Sep 1, 2022, 7:32 PM IST

প্ৰাকৃতিক ভাৱে অতি সমৃদ্ধিশালী বুলি পৰিচিত শোণিতপুৰ আৰু ডিমা হাছাও জিলাৰ দুখন ঠাইক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাবে ঘোষনা কৰিছে অসম চৰকাৰে(Assam govt announced Biodiversity Heritage Site)। যোৱা ১০ আগষ্টত অসম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ পৰিষদে এই ঘোষনা কৰে ।

(Assam govt announced Biodiversity Heritage Site
দুঠাইলৈ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

গুৱাহাটী, ১ ছেপ্টেম্বৰ: প্ৰকৃতিৰ ৰম্যভূমি অসমৰ বুকুৰ অতি গুৰুত্বপূৰ্ণ দুটা অঞ্চলক অসম চৰকাৰৰ অসম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ পৰিষদে 'জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ '(Biodiversity Heritage Site) ৰূপে ঘোষণা কৰিছে । এই ঠাই দুখন হৈছে শোনিতপুৰৰ বৰাজুলি চাহ বাগিছাৰ অন্তৰ্গত ০.৪১ হেক্টৰ এলেকাত থকা এবিধ বনৰীয়া ধাননি অঞ্চল আৰু ডিমা হাছাও জিলাৰ অন্তৰ্গত 'হাজং কচ্ছপ হ্ৰদ'।

বিভাগীয় এক সূত্ৰৰ মতে, শোনিতপুৰৰ বৰাজুলি চাহ বাগিছাৰ অন্তৰ্গত 'বৰাজুলি বন্য ধাননি'তে(Borajuli Wild Rice Site)অতীজৰে পৰা সচেতন প্ৰকৃতিপ্ৰেমী আৰু গৱেষক সকলক আকৰ্ষণ কৰি আহিছে । চাহ বাগিছা খনৰ মাজতে ০.৪১ হেক্টৰ এলেকাত প্ৰাকৃতিকভাৱে হোৱা 'বন্য ধাননি' পোৱা ধান বিধৰ বৈজ্ঞানিক নাম হ'ল 'Oryza rufipogon'। ইতিমধ্যে এই ধান বিধৰ বিষয়ত অধিক গৱেষণা আৰু পৰিবৰ্দ্ধনৰ বাবে National Bureau of Plant Genetic Resourcesয়ে (ICAR) তালিকাভুক্ত কৰিছে ।

আনহাতে, ডিমা হাছাও জিলাৰ অন্তৰ্গত মাইবং অঞ্চলত থকা 'হাজং কচ্ছপ হ্ৰদ'টো( Hazong Tortoise Lake)হ'ল দুবিধ বিশেষ প্ৰকাৰৰ বিলুপ্তপ্ৰায় কাছৰ বিচৰণভুমি । এই হ্ৰদটোৰ মাটিকালি ৫২৬.৭৮ হেক্টৰ আৰু ইয়াত বিচৰণ কৰা কাছ দুবিধ হ'ল Black Softshell Lake আৰু Indian Peacock Softshell Tortoise ।

মাইবং জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিৰ প্ৰস্তাৱৰ আধাৰত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট সংস্থাটোৱে হ্ৰদটোলৈ এই স্বীকৃতি দিছে । ৰাজ্য চৰকাৰৰ অতিৰিক্ত প্ৰধান মুখ্য সংৰক্ষক(Additional Principal Chief Conservator of Assam)এছ পি ভি পবন কুমাৰে শেহতীয়াকৈ সাংবাদিকক জনোৱা মতে,'জৈৱ বৈচিত্ৰ্য আইন,২০০২'ৰ (The Biodiversity Act, 2002)৩৭ নং ধাৰাৰ অধীনত চৰকাৰে বিশেষ জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰা অঞ্চল বা বিষয়ক সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰি আহিছে । প্ৰথমে জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল মাজুলীক । আৰু শেহতীয়াকৈ সংযোজিত হৈছে উল্লিখিত শোনিতপুৰৰ 'বৰাজুলি বন্য ধাননি' আৰু ডিমা হাছাও জিলাৰ '‌হাজং কচ্ছপ হ্ৰদ'।

লগতে পঢ়ক;শুকুৰবাৰে তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল

Last Updated :Sep 1, 2022, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.