ETV Bharat / state

মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

author img

By

Published : Jul 11, 2020, 5:19 AM IST

Updated : Jul 11, 2020, 6:13 AM IST

ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা এই বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিত হৈছে ।

dr barsha gadapani pathak
dr barsha gadapani pathak

গুৱাহাটী, ১০ জুলাই : সমগ্ৰ ভাৰতৰ ভিতৰত ক'ৰণা ভাইৰাছে অত্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰা চহৰখনেই হ'ল মুম্বাই । প্ৰতিদিনে মুম্বাইত ক'ভিড-19ত মৃত্যু হৈছে বহু লোকৰ । তাৰ সমান্তৰালভাৱে চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী সকলেও কিন্তু সমুখৰ পৰাই ক'ভিড-19 ৰ বিৰুদ্ধে প্ৰতিনিয়ত যুদ্ধ অব্যাহত ৰাখিছে । ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা এই বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে ।

ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিতও হৈছে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । গুৱাহাটীৰ জীয়ৰী ডাঃ বৰ্ষাৰ নামটোৱেই বহু কথা কৈ যায় । ২০১২ চনত আততায়ীয়ে হত্যা কৰিছিল ৰাজ্যৰ কৃষি বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা গদাপাণি পাঠকক । সেই প্ৰয়াত গদাপাণি পাঠকৰে কন্যা ডাঃ বৰ্ষা ।

মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

২০১৬ চনত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ মুম্বাইলৈ যোৱা ডাঃ বৰ্ষাই সুখ্যাতিৰে সম্পূৰ্ণ কৰিছিল সেই পাঠ্যক্ৰম । সমগ্ৰ মহাৰাষ্ট্ৰৰ ভিতৰতে তেওঁ দখল কৰিছিল তৃতীয় স্থান । এই মেধাবী চিকিৎসকগৰাকীক মুম্বাইৰ আগশাৰীৰ চিকিৎসালয় কে ই এম হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ "বেষ্ট ৰেছিডেন্ট ডাক্তৰ" ৰ সন্মানো আগবঢ়োৱা হৈছিল এম চি জি এম (মিউনিচিপাল কৰ্পৰেছনচ অৱ গ্ৰেটাৰ মুম্বাই) ৰ তৰফৰ পৰা । ইয়াৰোপৰি ডাঃ পৰিমালা সুব্ৰমণিয়ম বঁটাৰেও সন্মানিত কৰা হৈছিল তেওঁক ।

সম্প্ৰতি ডাঃ বৰ্ষা কে ই এম হাস্পতালৰ সহকাৰী অধ্যাপক পদত কৰ্মৰত আৰু মুম্বাইত চলি থকা ক'ভিড-19 বিৰোধী যুঁজখনৰ এগৰাকী আগশাৰীৰ যোদ্ধা ৷ প্ৰয়াত পিতৃৰ সপোন পূৰণ কৰি ডাঃ বৰ্ষা আজি আনন্দিত । পিতৃৰ অবৰ্তমানত মাতৃ স্বৰ্ণালী পাঠকে তেওঁক যোগোৱা সাহস আৰু উদ্যমৰ কথাও স্বীকাৰ কৰে এইগৰাকী চিকিৎসকে । সম্প্ৰতি মুম্বাই মহানগৰীত ক'ভিড-19 ৰ বিৰুদ্ধে চিকিৎসকসকলে যি ৰণনীতিৰে অহৰ্নিশে যুঁজ চলাই গৈছে সেই ৰণনীতি প্ৰস্তুত কৰা মূল দলটোৰ এগৰাকী অন্যতম সদস্য ডাঃ বৰ্ষা গদাপাণি পাঠক । চেভেনহিল নামৰ ১৩০০ খন বিচনাযুক্ত মুম্বাইৰ আগশাৰীৰ হাস্পতালখনে কেৱল ক'ভিড-19ৰ বিৰুদ্ধে যুঁজ দি আহিছে । সেই যুঁজাৰু চিকিৎসকৰ দলটোত আছে এইগৰাকী অসম কন্যাও ।

লগতে পঢ়ক : কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ

Last Updated : Jul 11, 2020, 6:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.