ETV Bharat / state

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি

author img

By

Published : Jul 18, 2019, 9:36 PM IST

প্ৰায় এসপ্তাহ ধৰি সংহাৰী বানৰ কবলত ৰাজ্যবাসী ককবকাই থকাৰ পিছত বৃহস্পতিবাৰৰ পৰা কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷

বিপদ সীমাৰ তলত ৰাজ্যৰ নৈ উপনৈ

গুৱাহাটী, 18 জুলাইঃ প্ৰায় এসপ্তাহ ধৰি সংহাৰী বানৰ কবলত ৰাজ্যবাসী ককবকাই থকাৰ পিছত বৃহস্পতিবাৰৰ পৰা কিছু উন্নত হৈছে বান পৰিস্থিতি । যদিও বৰ্তমানে ৰাজ্যৰ 28 খন জিলাৰ 103 টা ৰাজহ চক্ৰৰ মুঠ 4128 খন গাঁও বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । তাৰ লগতে সমগ্ৰ ৰাজ্যত 53,52,107 গৰাকী ব্যক্তি বানপানীত আক্ৰান্ত হৈছে । আনহাতে যোৱা 24 ঘণ্টাত বানপানীৰ ফলত 9 গৰাকীকৈ ব্যক্তিৰ মৃত্যু হোৱাত মৃত্যুৰ সংখ্যা 37 লৈ বৃদ্ধি পাইছে আৰু ভূমিস্খলনত বৰ্তমানলৈকে 2 গৰাকীকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ।

সাম্প্ৰতিক নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা ৰাজ্যৰ নৈ- উপনৈ সমূহৰ জলস্তৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যোৰহাট জিলাৰ নিমাটিঘাট, শোণিতপুৰ জিলাৰ তেজপুৰ, কামৰূপ (মহানগৰ)ৰ গুৱাহাটী, গোৱালপাৰা আৰু ধুবৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈ আছে ।

Intro:প্ৰায় এসপ্তাহ ধৰি সংহাৰী বানপানীৰ কবলত ৰাজ্যবাসী ককবকাই থকাৰ পিছত কিছু উন্নত হৈছে বান পৰিস্থিতি। ৰাজ্যৰ বান পৰিস্থিতি যোৱা দুদিনত বৰষুণৰ মাত্রা হ্ৰাস পোৱাত কিছু উন্নত হৈছে যদিও বৰ্তমানও ২৮খনকৈ জিলাত অব্যহত আছে বানপানীৰ তাণ্ডৱ।

Body:বৰ্তমান ৰাজ্যৰ ২৮খন জিলাৰ ১০৩টা ৰাজহ চক্ৰৰ ৪,১২৮খন গাঁও বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। বৰ্তমানেও ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, ওদালগুৰি, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ ছালমাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ ৫৩,৫২,১০৭ গৰাকী ব্যক্তি বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। যোৱা ২৪ ঘণ্টাত বানপানীৰ ফলত ৰাজ্যত ৯ গৰাকীকৈ ব্যক্তিৰ মৃত্যু ঘটাত মৃত্যুৰ সংখ্যা ৩৭লৈ বৃদ্ধি পাইছে আৰু ভূমিস্খলনৰ ফলত ২ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।

বানপানীৰ ফলত উফন্দি উঠা ৰাজ্যৰ নৈ- উপনৈ সমূহৰ জলস্থৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাটিঘাট, শোণিতপুৰ জিলাৰ তেজপু, কামৰূপ (মহানগৰ)ৰ গুৱাহাটী, গোৱালপাৰা আৰু ধুবৰী জিলাত বিপদ সীমাৰ ওপৰত আছে। ইফালে উপনৈ সমূহৰ ভিতৰত ধানশিৰী নৈ গোলাঘাট জিলাৰ নুমলীগড়, জীয়া ভৰালী নৈ শোণিতপুৰ, কপিলী নৈ নগাঁও, পুঠিমাৰী নৈ কামৰূপ আৰু কুছিয়াৰ নৈ কৰিমগঞ্জত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

Conclusion:বানপানী প্ৰভাৱিত অঞ্চল সমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱান সকল বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ অভিযান অব্যহত ৰাখিছে যদিও বহু ভিতৰুৱা অঞ্চলত বৰ্তমানেও কেইবাশ লোক বানপানীৰ মাজত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.