ETV Bharat / state

Scooty to Assam Teacher : চৰ্তসাপেক্ষে শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব স্কুটী; চৰ্তত অন্তৰ্ভুক্ত শিক্ষাসেতু

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:52 PM IST

এতিয়াৰে পৰা শিক্ষকেও লাভ কৰিব স্কুটী ৷ অৱশ্যে তাত থাকিব কিছু চৰ্ত ৷ শুকুৰবাৰে এই কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰাৰ পাছত শনিবাৰে শিক্ষামন্ত্ৰীয়েও সেই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ ইফালে চৰকাৰে মামৰে ধৰা চাইকেল বিতৰণ কৰা অভিযোগৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৷

Scooty to Assam Teacher
স্কুটী প্ৰদান সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

স্কুটী প্ৰদান সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

গুৱাহাটী, ১৪ অক্টোবৰ: ৰাজ্যৰ দুৰ্গম অঞ্চলত শিক্ষকতা কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে আবেদনৰ ভিত্তিত চৰ্তসাপেক্ষে স্কুটী প্ৰদান কৰা হ'ব । এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত চাইকেল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দূৰণিবটীয়া শিক্ষক-শিক্ষয়িত্ৰীকো স্কুটী দিয়া হ'ব বুলি ঘোষণা কৰিছিল । প্ৰায় ৫০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক স্কুটী দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল ।

এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সুগম আৰু দুৰ্গমৰ কথা এটা চলি আছে । বহু শিক্ষকে দুৰ্গম অঞ্চলত চাকৰি কৰে আৰু যাক লৈ চৰকাৰ উদ্বিগ্ন । সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে সন্মূখীন হোৱা অসুবিধা দূৰ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে ইয়াৰ বাবে এটা প্ৰস্তাৱ দিয়াৰ কথা কৈছে । মূলতঃ দুৰ্গম অঞ্চলত শিক্ষকতা কৰা শিক্ষক-শিক্ষয়ত্ৰীসকলৰ যাতায়াতৰ বাবে তেওঁলোকৰ আবেদনৰ ভিত্তিত স্কুটী দিয়াৰ প্ৰস্তাৱ লোৱা হ'ব । ইয়াৰ লগত শিক্ষাসেতুৰ উপস্থিতিৰ কথাও আহিব ।

শিক্ষকসকলক চৰ্তসাপেক্ষে স্কুটী দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ইফালে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সবল কৰাৰ বিপৰীতে শিক্ষকসকলক স্কুটী দিয়াৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ১২৬ খন বিদ্যালয়ক ৭ কোটি টকাকৈ প্ৰদাম কৰি পুনৰ নিৰ্মাণ কৰা হ'ব । ৬০ খন বিদ্যালয় ৮ কোটি টকাকৈ প্ৰদান কৰি পুনৰ নিৰ্মাণ কৰা হ'ব । সেইদৰে ১০০ খন চাহ বাগিচাৰ মডেল স্কুলৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মাণৰ বাবে ইতিমধ্যে নিবিদা প্ৰকাশ পাইছে । নবেম্বৰত সকলোৰে আধাৰশিলা স্থাপন কৰা হ'ব । ৬০০ খন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৱৰ্ল্ড বেংকৰ অধীনত প্ৰকল্প গ্ৰহণ কৰা হৈছে ।

তেওঁ কয় যে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ২০০০ কোটি টকা বিনিয়োগ কৰা হৈছে । ইয়াৰ বিপৰীতে এশ-ডেৰশ কোটি টকা স্কুটীৰ বাবে ব্যয় কৰাটো সাধাৰণ কথা বুলি তেওঁ কয় । আনহাতে শুকুৰবাৰে বিতৰণ কৰা চাইকেলৰ একাংশত মামৰে ধৰাৰ অভিযোগ উত্থাপন হোৱাৰ প্ৰসংগত তেওঁ কয় যে মামৰে ধৰিলে দেখুৱাই দিলেই হ'ল । কোনোবাই যদি মামৰে ধৰা চাইকেল পাইছে তেন্তে শিক্ষামন্ত্ৰীগৰাকীৰ মেচেঞ্জাৰত মেচেজ কৰিলেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক: Minister Jayanta Malla Baruah: কাৰ ওপৰত খং উঠিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.