ETV Bharat / state

Assam Grade 3 Result 2022 : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

author img

By

Published : Nov 6, 2022, 8:39 AM IST

Assam Grade 3 Result 2022
আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Grade 3 result)। Sebaonline.org ৱেৱচাইটযোগে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে ৷

গুৱাহাটী, ৬ নৱেম্বৰ : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল । Sebaonline.org ৱেৱচাইটযোগে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে । ১৩,৩০০ টা পদৰ বাবে ঘোষণা হ'ব ফলাফল (SLRC Assam Direct Recruitment Result)।

উল্লেখ্য যে, কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষা (Assam grade 3 exam result) । ১৪৪ ধাৰা বলৱৎ আৰু ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন আদি কঠোৰ নিৰীক্ষণ ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈ যায় এই পৰীক্ষা । তৃতীয় বৰ্গৰ পদৰ বাবে ২৫ খন জিলাত ১৯০৩ টা কেন্দ্ৰত মুঠ আঠ লাখ ৫২ হেজাৰ ১৮১ গৰাকী প্ৰার্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল (Assam Grade 3 result)।

২৮ আগষ্টত দিনৰ ১০ বজাৰপৰা ১২ বজালৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত-৩) আৰু বিয়লি দুই বজাৰপৰা চাৰি বজালৈ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত- ৪) অনুষ্ঠিত হয় । উল্লেখযোগ্য যে ১১ ছেপ্টেম্বৰত দিনৰ ১০ বজাৰপৰা ১২ বজালৈ তৃতীয় বৰ্গৰ (গাড়ীচালক) পদৰ বাবে দশম শ্ৰেণীত উত্তীর্ণ প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকত-৫) অনুষ্ঠিত হৈছিল ।

উক্তদিনা ৮৭ টা পৰীক্ষা কেন্দ্ৰত ৬৯,৪৫৩ গৰাকী প্ৰার্থী পৰীক্ষাত অৱতীৰ্ণ হয় ৷ আনহাতে ২১ আগষ্টত ৰাজ্যৰ ২৪ খন জিলাত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে (Assam Grade 4 result)।

লগতে পঢ়ক : DAC Election 2022: ৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.