ETV Bharat / state

Silsako Eviction Protest: বিজেপি বর্তমান বস্ত্র হৰণকাৰী দললৈ পর্যবসিত হৈছে; শিলসাঁকোৰ উচ্ছেদ-প্ৰতিবাদক লৈ সৰৱ কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:02 PM IST

Silsako Eviction Protest
Silsako Eviction Protest

সংবাদমেলত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ । অসমত আৰু কিমানগৰাকী অসমীয়া নাৰী বিবস্ত্ৰা হ'লে চৰকাৰৰ গাৰ নোম লৰিব । এইখন চৰকাৰে প্ৰতিবাদৰ কোনো ভাষাই নুবুজে বাবেই আজি অসমীয়া আই মাতৃসকলে ভেটি-মাটি সকলো হেৰুৱাই অর্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে ।

শিলসাঁকোৰ উচ্ছেদ-প্ৰতিবাদক লৈ সৰৱ কংগ্ৰেছ

গুৱাহাটী, ১ ছেপ্টেম্বৰ: অসমীয়া খিলঞ্জীয়া লোকসকল আজি নিজৰ ঘৰতে ভগনীয়া হ'বলগীয়া হৈছে । এটকা এটকাকৈ জমা কৰা ধনেৰে ক্ৰয় কৰা মাটিৰ পৰা আজি চৰকাৰে অসমৰ খিলঞ্জীয়া লোকসকলক টাঙোনেৰে কোবাই বাহিৰ কৰি দিছে । এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ ।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে শিলসাঁকোৰ উচ্ছেদ আৰু প্ৰতিবাদৰ প্ৰসংগত সৰৱ হৈ পৰে । তেওঁ কয় যে চৰকাৰে অন্যায়ভাৱে খিলঞ্জীয়াৰ সপোনৰ ঘৰবোৰত বুলড’জাৰ চলাইছে । অথচ বহিৰাগত বণিয়াক শ শ বিঘা চৰকাৰী ভূমি আৱণ্টন দিছে এইখন খিলঞ্জীয় বিৰোধী চৰকাৰে। অথচ অসমীয়াৰ জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ আহিছিল চৰকাৰখন ।

জাতি, মাটি, ভেটি ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দি ভোট লোৱা চৰকাৰখনেই আজি অসমীয়া জাতিক বন্ধকত থৈ খিলঞ্জীয়া অসমীয়াৰ মাটি আৰু ভেটি বহিৰাগতক গতাই দিবলৈ এইদৰে উচ্ছেদৰ নাটক কৰিছে । মহানগৰীৰ শিলসাঁকোত শুকুৰবাৰে পুনৰ অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলোৱা কাৰ্যক তীব্র ভাষাৰে ধিক্কাৰ দি তেওঁ কয় যে এইখন চৰকাৰে প্ৰতিবাদৰ কোনো ভাষাই নুবুজে বাবেই আজি অসমীয়া আই মাতৃ সকলে ভেটি-মাটি সকলো হেৰুৱাই অর্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে ।

আজি তেওঁলোকৰ সপোনৰ ঘৰ ভাঙি দিয়া হৈছে । চৰকাৰখনেই তেওঁলোকক এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অশোক সিংহল, নাৰায়ণ ডেকা, জয়ন্তমল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক খালী মাটি লাগে আৰু খালী মাটি দেখিলেই তেওঁলোক ৰ'ব নোৱাৰে বাবেই এনেদৰে খিলঞ্জীয়া অসমীয়াৰ মাটি-ভেটিটো তেওঁলোকে হাত দিবলৈ কুণ্ঠাবোধ কৰা নাই ।

সংবাদমেলত প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে কয় যে বিজেপি বর্তমান বস্ত্র হৰণকাৰী দললৈ পর্যবসিত হৈছে । চৰকাৰখনে অসমীয়া জাতিক আজি ইমানেই সুৰক্ষা দিছে যে গুৱাহাটী মহানগৰীত অসমীয়া নাৰীয়ে আজি ভেটিৰ মাটি হেৰুৱাই নগ্ন প্রতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে ।

শিলসাঁকোৰ দৰে দুর্ভাগ্যজনক ঘটনা অসমত আগতে কাহানিও হোৱা নাছিল বুলি সদৰী কৰি তেওঁ অসমত আৰু কিমানগৰাকী অসমীয়া নাৰী বিবস্ত্ৰা হ'লে চৰকাৰৰ গাৰ নোম লৰিব বুলি মুখ্যমন্ত্ৰীক প্রশ্ন কৰে ।

লগতে পঢ়ক: Silsako Eviction Protest: শিলসাঁকোত মহিলাৰ অৰ্ধনগ্ন প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; গৰ্ভৱৰ্তী মহিলাকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.