ETV Bharat / state

MLA Bhubon Pegu : ইপাৰো নহ’ল, সিপাৰো নহ’ল ভূবন পেগু; কংগ্ৰেছলৈকে আমন্ত্ৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:11 PM IST

মন্ত্ৰিত্ব পাব লাগিছিল ভূবন পেগুৱে, পালে তেওঁৰ গুৰু ৰণোজ পেগুৱে ৷ কংগ্ৰেছ দললৈ ভূবন পেগুক আমন্ত্ৰণ জনালে প্ৰদেশ কংগ্ৰেছে ৷ ভৱেশ কলিতাই মিচিংসকলক অপমান কৰাৰ অভিযোগ ৷ বিজেপিয়ে মিচিংসকলৰ বাবে একো নকৰাৰো অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷

MLA Bhubon Pegu
ভূবন পেগুক কংগ্ৰেছলৈ আমন্ত্ৰণ ববিতা শৰ্মাৰ

ভূবন পেগুক কংগ্ৰেছলৈ আমন্ত্ৰণ ববিতা শৰ্মাৰ

গুৱাহাটী, 16 অক্টোবৰ: ভূবন পেগু এতিয়া ইপাৰতো নাই সিপাৰতো নাই ৷ তেওঁৰ গুৰু ৰণোজ পেগুৱে ভূবন পেগুক একাষৰীয়া কৰি থ’লে ৷ তেওঁৰ বিজেপিতো গুৰুত্ব নাই, টি এপ পি কেও নাইকিয়া হৈ গ’ল ৷ গুৰু ৰণোজ পেগু নিজেই মন্ত্ৰী হৈ গ’ল, কিন্তু ভূবন পেগুক একো নিদিলে ৷ বহুদিনৰ পৰা বিধায়ক হৈ থকা স্বত্বেও মন্ত্ৰিত্ব নাপালে আজিলৈকে ৷ ভূবন পেগুহে মন্ত্ৰী হ’ব লাগিছিল, ৰণোজ পেগু নহয় ৷- সোমবাৰে বিজেপিক সমালোচনা কৰিবলৈ সম্বোধন কৰা এক সংবাদমেলত এনে বহুকেইটা মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ববিতা শৰ্মাই ।

উল্লেখ্য যে, কংগ্ৰেছ দলৰ ‘চাঙে চাঙে কংগ্ৰেছ যাত্ৰা’ কাৰ্যসূচীৰ মাজতে জোনাই সমষ্টিৰ চিমেনমুখ পঞ্চায়তৰ ন-পাম কুলী গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া উপেন কুলীৰ গৃহত উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ এটা দল ৷ ভূপেন বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ নেতা-কৰ্মীৰ দলটোৱে গৃহস্থৰ গৃহত চাঙৰ ওপৰত পাৰি দিয়া ৰিবি গাচেঙৰ ওপৰত বহে আৰু ভৰিৰ গচক পৰা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰিত হয় । তাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিজেপি বিধায়ক ভূবন পেগুৰ লগতে মিচিং সাহিত্য সভায়ো এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে ।

উক্ত প্ৰতিক্ৰিয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিবলৈ গৈ ববিতা শৰ্মাই কয় যে তেওঁৰ গাতো মিচিং জনগোষ্ঠীত তেজ আছে ৷ গতিকে কোনটো কৰিব পাৰি, কোনটো নোৱাৰি তেওঁ জানে ৷ তেওঁ কয় যে, ৰিবি গাচেং হৈছে মিছিং সম্প্ৰদায়ৰ মহিলাসকলে অথবা পুৰুষসকলে পিন্ধা কাপোৰ ৷ সেই কাপোৰ পিন্ধি সকলো বহিয়েই থাকে ৷ গতিকে ৰিবি গাচেঙৰ ওপৰত ভূপেন বৰা বহাটো ভুল হোৱা নাই ৷

লগতে তেওঁ কয় যে যিখন ঘৰত ভূপেন বৰা ৰিবি গাচেঙৰ ওপৰত বহিছিল, উক্ত ঘৰখনৰ লোকেই তেনেকৈ পাৰি দিছিল ৷ ভূপেন বৰাই ৰিবি গাচেঙত বহাৰ পাছত বিধায়ক ভূবন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সন্দৰ্ভত ববিতা শৰ্মাই কয় যে ভূবন পেগু তেওঁৰ ভাইৰ দৰে ৷ সেয়েহে ববিতা শৰ্মাই ভূবন পেগুক কংগ্ৰেছ দললৈ আমন্ত্ৰণ জনাই কয় যে- ‘‘ না ইচ্ পাৰ, না ওচ্ পাৰ হৈ থকাতকৈ আমাৰ দললৈ আহক ভূবন পেগু ৷’’ ইয়াৰোপৰি একমাত্ৰ এ আই ইউ ডি এফৰ বাদে সকলোৰে বাবে কংগ্ৰেছৰ দুৱাৰ খোলা থকাৰ কথাও জনালে ববিতা শৰ্মাই ৷

ইফালে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছে য’তে-ত’তে বগাই ফুৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ববিতা শৰ্মাই । তেওঁ কয় যে এই মন্তব্যৰ জৰিয়তে ভৱেশ কলিতাই মিচিংসকলক অপমান কৰিছে ৷ ইয়াৰ বাবে কলিতাই মিচিংসকলৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাই ববিতা শৰ্মাই ৷

লগতে পঢ়ক: Rahul Gandhi arrives in Aizawl: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.