ETV Bharat / state

HBS ON ROAD SAFETY: সভাত গামোচা নিপিন্ধে পথ সুৰক্ষাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 27, 2023, 8:08 PM IST

অসমৰ বৰ্ধিত পথ দুৰ্ঘটনাত উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এসময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীয়ে লোৱা বিভিন্ন বিষয়ৰ কেতবোৰ সজাগতামূলক পদক্ষেপ অনুসৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ ।

Assam accident news
road safety in Assam

সভাত গামোচা নিপিন্ধে পথ সুৰক্ষাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ২৭ জুন: ৰাজ্যত এতিয়াৰে পৰা বিভিন্ন চৰকাৰী সবা বা আন অনুষ্ঠানত ৰাইজে দেখা নাপাব পাৰে চাকি জ্বলোৱা, গামোচা, ফুলৰ থোপা আদি কাৰ্যসূচী ৷ কিয়নো এইসমূহ কাৰ্যসূচীক একাষৰীয়া কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ আদৰ্শৰে এতিয়াৰে পৰা অসমত সেই সময়খিনি পথ সজাগতামূলক কামত মনোনিৱেশ কৰিব প্ৰশাসনে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে নৰেন্দ্ৰ মোদীয়ে শিশু-কন্যাৰ মৃত্যুৰ বিৰুদ্ধে লোৱা পদক্ষেপ অসমত অনুসৰণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসমত পথ সুৰক্ষা ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে গুজৰাটৰ দৰে ক্ষুদ্ৰ দৃশ্য নাট নাইবা ভিডিঅ’ৰ সহায় লোৱাৰ পোষকতা মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে নৰেন্দ্ৰ মোদীয়ে কন্যা শিশুৰ মৃত্যুৰ বিৰুদ্ধে সজাগতাৰ বাবে তিনি মিনিটৰ একোখন নাটিকা প্ৰস্তুত কৰিছিল ৷ গুজৰাটত তেতিয়া সকলো চৰকাৰী সভাত এই নাটিকাখন পৰিৱেশন কৰা হৈছিল ৷ তেতিয়া তাৰ ব্যাপক সুফল পোৱা গৈছিল । অসমতো চৰকাৰী সভা-সমিতি বা চৰকাৰী আন অনুষ্ঠানত বন্তি জ্বলোৱা, গামোচা পিন্ধোৱা আদি সমূহ কাৰ্যসূচীৰ পৰিৱৰ্তে পথ সুৰক্ষাৰ বাবে তিনি মিনিটৰ সজাগতামূলক নাটিকা পৰিৱেশনৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্য়মন্ত্ৰীয়ে ৷

লগতে পঢ়ক: Constituency Delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে AIUDF ৰ প্ৰতিক্ৰিয়া

মঙলবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, পৰিবহণ বিভাগ আৰু পথ পৰিচালনা বিভাগৰ সৈতে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত পথ যান-বাহন দুৰ্ঘটনা পৰ্যালোচনাৰ সন্দৰ্ভত পৰামৰ্শ আৰু নিৰ্দেশনা আগবঢ়ায় ৷

মন কৰিবলগীয়া যে, গোটেই ভাৰত বৰ্ষত ২০২২ বৰ্ষত ১,৫৫,৬২২ জন লোকৰ কেৱল পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে ৷ অসমত বিগত ৫ টা বছৰত ৩৭৭৪টা পথ দুৰ্ঘটনাত ১৪ সহস্ৰাধিক লোকৰ অকাল মৃত্যু ঘটিছে ৷ পথ সুৰক্ষাক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

মঙলবাৰৰ এই বৈঠকৰ পিছতে টুইট কৰি কৈছে, “গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাবে মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ পৰা আমি প্ৰেৰণা লৈ পথ সুৰক্ষা সজাগতাক জনগণৰ আন্দোলন হিচাবে গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ । ৰাজ্য চৰকাৰৰ কাৰ্যসূচীত মোক সম্বৰ্ধনা দিয়াটো বাদ দি সেই সময়খিনিত পথ সুৰক্ষাৰ ভিডিঅ’ প্ৰদৰ্শন কৰিবলৈ মই বিষয়াসকলক আহ্বান জনাইছোঁ ।”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.