ETV Bharat / state

Assam CM on Rowta Encounter: কেনাৰাম বা ডিম্বেশ্বৰ বুলি চাই চাই আৰক্ষীয়ে গুলীচালনা কৰা নাছিল; মুখ্যমন্ত্ৰী

author img

By

Published : Feb 28, 2023, 8:37 PM IST

Assam CM reacts on Rowta Police Encounter
ওদালগুৰিৰ এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

কেনাৰাম বা ডিম্বেশ্বৰ বুলি চাই আৰক্ষীয়ে ফায়াৰিং কৰা নাছিল । সমগ্ৰ ঘটনাটৰ তদন্ত চি আই ডিক দিয়া হৈছে (Assam CM on Rowta Encounter) । গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবলৈ হ’লে শিলসাঁকো বিল বেদখল মুক্ত হ’বই লাগিব (Eviction drive at Silsako Beel)। জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস প্ৰতিষ্ঠান, ব্যৱসায়ী হিমৎ সিংকাৰ অট্টালিকাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ’ব পদক্ষেপ । এমাহত ৰাজ্যত বাল্যবিবাহৰ এটাও ঘটনা সংঘটিত হোৱা নাই । সংবাদমেল পাতি এইদৰে ক’লে মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : ওদালগুৰিৰ এনকাউণ্টাৰ সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reacts on Rowta Police Encounter)। জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, আৰক্ষীক গুলীওৱাৰ বাবেহে আৰক্ষীয়ে গুলীয়ালে ।

কেনাৰাম বা ডিম্বেশ্বৰ বুলি চাই আৰক্ষীয়ে ফাইৰিং কৰা নাছিল । তথাপি সমগ্ৰ ঘটনাটো সন্দৰ্ভত চি আই ডিৰ তদন্ত দিয়া হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তদন্তৰ পাচতেহে সকলো কথা জানিব পৰা যাব । এটা কথা ঠিক যে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰা বাবেহে আৰক্ষীয়ে ওলোটাই গুলীচালনা কৰিছিল । ইয়াত লোকজনৰ কথা নাই ।

উল্লেখ্য যে, ২৪ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ গুলীত এজন লোক নিহত হৈছিল । আৰক্ষীয়ে দাবী কৰিছিল যে, উক্ত লোকজন কুখ্যাত ডকাইত কেনাৰাম বড়ো । কিন্তু তাৰ পিচতে এক নতুন বিতৰ্কই গা কৰি উঠে । এগৰাকী মহিলাই দাবী কৰে যে, আৰক্ষীৰ গুলীত নিহত লোকজন ডিম্বেশ্বৰ মুছাহাৰীহে । এই দাবী কৰা মহিলাগৰাকী হৈছে খোদ ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী ।

আনহাতে, কেনাৰাম বড়োৰ পৰিয়ালেও মৃতদেহটো কেনাৰামৰে বুলি দাবী কৰে । যাৰ ফলত সৃষ্টি হয় এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ । এই বিতৰ্ক আৰু বিভ্ৰান্তি দূৰ কৰিবলৈয়ে ওৰাঙৰ পাণবাৰীৰ পাচনৈ নদীৰ কাষত পুঁতি থোৱা মৃতদেহটো জিলা দণ্ডাধীশৰ উপস্থিতিত সোমবাৰে খান্দি উলিওৱা হয় । সমগ্ৰ ঘটনাটো এতিয়াও তদন্তৰ আওতাত আছে । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ঘটনাটো সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

ইফালে ৰাজ্যজুৰি ঘৰুৱা হিংসা বৃদ্ধি পোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, দুখজনক ঘটনা সংঘটিত হৈছে । অৱশ্যে বৰ্তমান সময়ত পুৰণি গোচৰসমূহ নিষ্পত্তি হোৱাত ঘটনাৰ সংখ্যা বেছি হোৱা যেন লাগিছে । প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে কয় যে, পুৰুষে নাৰীক দুৰ্বল বুলি ভাবিব নালাগে । নাৰীকো পুৰুষৰ সমানে মৰ্যাদা দিয়া হয় ।

শিলসাঁকো বিলৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, বিলখনক সম্পূৰ্ণ ৰূপে মুক্ত কৰা হ'ব (Eviction drive at Silsako Beel) । গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবলৈ হ’লে শিলসাঁকো বিল বেদখল মুক্ত হ’বই লাগিব । শিলসাঁকো বিলত ৪০০ বিঘাৰ বৃহৎ পুখুৰী কৰা হ’ব (Assam will soon have the largest lake at Silsako)। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত অনুমতি দিয়া জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস প্ৰতিষ্ঠান, ব্যৱসায়ী হিমৎ সিংকাৰ অট্টালিকাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰে ।

চৰকাৰ কাৰো পক্ষত নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সেই সমূহৰ অনুমতি পুনৰ পৰীক্ষণ কৰা হ’ব । প্ৰয়োজনত সেই অনুমতি বাতিল কৰাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন সেনাই কিয় সকলো জানি-শুনি চৰকাৰী মাটি লৈ ঘৰ সাজিলে বুলিও প্ৰশ্ন কৰে । উচ্ছেদিত লোকসকলক চৰকাৰে ভূমিৰ ব্যৱস্থা কৰি পুনৰ সংস্থাপনৰ দিহা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

১০৫ খন বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ফলাফল ভাল নহ’লে বিদ্যালয়সমূহ ৰখাৰ কোনো যুক্তি নাই । ৰাইজৰ টকাৰে দৰমহা লোৱা শিক্ষকসকলে বিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰিব নোৱাৰিলে এনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে তেনে বিদ্যালয়ৰ শিক্ষকক ভি আৰ এছ দিয়াৰ ব্যক্তিগত মতামত প্ৰকাশ কৰে ।

বাল্যবিবাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ন্যায়ালয়ে অসম চৰকাৰৰ ভৎসনা কৰি কোনো নিৰ্দেশ দিয়া নাই । সংবাদ মাধ্যমেহে ন্যায়ালয়ৰ নিৰ্দেশক অন্য ধৰণে উপস্থাপন কৰিছে । এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা ৩৩০০ জন লোকৰ ভিতৰত মাত্ৰ ৯০০ লোকেহে জামিন লাভ কৰিছে । সকলোৱে ১৪-১৫ দিন পাচতেহে জামিন লাভ কৰিছে । বিগত এমাহত ৰাজ্যত বাল্য বিবাহৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

আনহাতে, ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, সকলোতে বিজেপিৰ ভাল ফলাফল হ’ব । কোনো টেনচন নাই । আগতে যেনেকুৱা আছিল এইবাৰো তেনেকুৱা ফলাফল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : World Record with Bihu dance: সৰুসজাইত ১১১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ; দৰ্শক হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.