ETV Bharat / state

World Record with Bihu dance: সৰুসজাইত ১১১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ; দৰ্শক হ’ব প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Feb 28, 2023, 6:55 PM IST

Assam to attempt World Record for Bihu dance
বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে অসম চৰকাৰ

বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (Guinness World Record for largest Bihu performs) । ১৪ এপ্ৰিলত হ’ব বিহুনাচৰ বিশ্ব অভিলেখ । অনুষ্ঠানত উপস্থিত থকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আমন্ত্ৰণ জনোৱা হ’ব প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক । প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ একাউণ্টত ৰাজ্য চৰকাৰে জমা কৰিব ১০,৫০০ টকা ।

বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে অসম চৰকাৰ

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে অসম চৰকাৰ । ১৪ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত একেলগে ১১ হাজাৰ বিহুৱা আৰু বিহুৱতীয়ে বিহুনাচ প্ৰদৰ্শন কৰি নাম অন্তৰ্ভুক্ত কৰিব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত (Assam to attempt Guinness World Record for largest Bihu performs) । এই সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকৰ পাচতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ (Over 11000 Bihu Dancers To Participate In Bohag Bihu 2023)। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আনহাতে, এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱা হ’ব ।

অসম চৰকাৰৰ মন্ত্ৰীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ জনাব । তদুপৰি জি-২০ সন্মিলনৰ (G20 Summit in Guwahati) দেশসমূহৰ ৰাষ্ট্ৰদূতসকলৰ উপৰি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰদূতসকলকো আমন্ত্ৰণ জনোৱা হ’ব ।

আনহাতে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো আমন্ত্ৰণ জনোৱা হ’ব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । তদুপৰি গুৱাহাটী এইমছ মুকলি কৰাৰ লগতে পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা কৰোৱাৰ চেষ্টা কৰা হ’ব ।

বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ইতিমধ্যে বিহু বিশেষজ্ঞৰ দ্বাৰা অনুমোদন জনোৱা বিহুনাচৰ ভিডিঅ’ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে (Assam to attempt World Record for Bihu dance)। সেই বিহুনাচ ১৪ এপ্ৰিলত প্ৰদৰ্শন কৰা হ’ব । ইয়াৰ বাবে ৪০০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক সোমবাৰৰ পৰা কলাক্ষেত্ৰত প্ৰশিক্ষণ দি থকা হৈছে । এই মাষ্টাৰ ট্ৰেইনাৰ সকলে ২০-৫০ জনীয়া গোট বান্ধি জিলাই জিলাই প্ৰশিক্ষণ প্ৰদান কৰিব ।

মাৰ্চ মাহটো জিলাই জিলাই প্ৰশিক্ষণ কাৰ্যসূচী চলিব । জিলাত প্ৰশিক্ষণ লোৱাৰ পাচত সকলো ৮ এপ্ৰিলত গুৱাহাটীলৈ আহিব । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৯ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ সকলোৱে একেলগে প্ৰশিক্ষণ ল'ব । ইয়াৰ পাচত ১৪ এপ্ৰিলৰ দিনা মূল অনুষ্ঠান হ’ব আৰু ১৫ এপ্ৰিলত সকলো নিজ গৃহলৈ উভতি যাব । নাচনীসকলৰ বয়স ১৫-৩৫ বছৰৰ হ’ব লাগিব ।

অংশগ্ৰহণকাৰীসকলে যাতে ব্যক্তিগতভাৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰম‍াণপত্ৰ লাভ কৰিব পাৰে তাৰ বাবে এটা পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে । য’ত অংশগ্ৰহণকাৰীসকলৰ নাম পঞ্জীয়ন থাকিব । মুখ্যমন্ত্ৰী লগতে কয় যে অংশগ্ৰহণকাৰী শিল্পীসকলক মাননি দিয়াৰ ব্যৱস্থা কৰা হৈছে । ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলাত কৰা প্ৰশিক্ষণৰ বাবে প্ৰত্যেককে দৈনিক ৩০০ টকাকৈ দিয়া হ’ব । সাজ-পোছাকৰ বাবে তিনি হাজাৰকৈ টকা দিয়া হ’ব ।

মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰত্যেকগৰাকী বিহুৱা-বিহুৱতীৰ বাবত ১০৫০০ টকা ব্যয় কৰা হ’ব আৰু এই পুঁজি প্ৰত্যেকৰে একাউণ্টত সোমাব । আনহাতে, ৮ এপ্ৰিলৰ নিশা নাইবা ৯ এপ্ৰিলৰ পুৱা সকলো বিহুৱা-বিহুৱতী গুৱাহাটীলৈ আহিব আৰু ১৫ এপ্ৰিললৈকে থাকিব । এই সময়চোৱাত তেওঁলোকৰ থকা আৰু খোৱাৰ দায়িত্ব চৰকাৰে বহন কৰিব । ইয়াৰ বাবে হোটেল, বিবাহ ভৱন, আই আই টি হোষ্টেল বুক কৰা হৈছে । ১৪ এপ্ৰিলৰ সমগ্ৰ অনুষ্ঠানটো এঘণ্টাৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বিহুনাচৰ অনুষ্ঠানটো ১৫ মিনিট সময়ৰ হ’ব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অহা বছৰ বাগৰুম্বা নাচক লৈ বিশ্ব অভিলেখ গঢ়‍াৰ পৰিকল্পনা কৰা হ’ব । আনহাতে, অহা বছৰৰ পৰা প্ৰতিবছৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু ৰংঘৰৰ বাকৰিত ৰাজ্য চৰকাৰৰ উদ্যোগত সাত বিহু উদযাপন কৰা হ’ব । সম্পূৰ্ণ পৰম্পৰ‍াগতভাৱে সাতদিনীয়াকৈ বিহু উদযাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বিহু সমিতিসমূহলৈ কেতবোৰ আহ্বান জনায় ।

আগৰবাৰৰ দৰে এইবাৰো বলপূৰ্বক চান্দা সংগ্ৰহ নকৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিহু সমিতিসমূহলৈ আহ্বান জনায় । আনহাতে, অনাঅসমীয়া লোকসকল মুখ্যমন্ত্ৰীয়ে বিহু উদয‍াপন কৰাৰ বাবে আহ্বান জনায় । পূৰ্বৰ দৰে এইবাৰো অসম চৰকাৰে ১০ বছৰ পুৰণি বিহু সমিতিসমূহক ডেৰ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব । ইয়াৰ বাবে সমিতিসমূহে জিলা উপায়ুক্তৰ ওচৰত আবেদন কৰিব পাৰিব । আনহাতে ১৫ মে’ৰ পাচত বিহু অনুষ্ঠিত কৰা সমিতিসমূহক অনুদান দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ আৰু আৰনাইৰ বিৰুদ্ধে ১ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈকে তীব্ৰ অভিযান চলোৱা হ’ব । এই অভিযান সদায়ে অব্যাহত থাকিব যদিও মাজে মাজে অধিক তীব্ৰতৰ কৰি তোলা হ’ব । কোনো কাৰণতে বজাৰত বিক্ৰী হ’ব নোৱাৰিব পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ আৰু আৰনাই ।

হস্ততাঁতত উৎপাদিত হ’ব লাগিব গামোচা, মেখেলা চাদৰ আৰু আৰনাই । ইয়াৰ বাবে শীঘ্ৰেই এছ অ’ পি জাৰি কৰা হ’ব । উল্লেখ্য যে, উক্ত সংবাদমেলত উপস্থিত আছিল ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী ৷

লগতে পঢ়ক : DGCA helicopter pilgrimage operation circular: হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযানৰ বাবে নতুন নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.