ETV Bharat / bharat

DGCA helicopter pilgrimage operation circular: হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযানৰ বাবে নতুন নিৰ্দেশনা

author img

By

Published : Feb 28, 2023, 5:57 PM IST

চাৰ ধাম যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে হেলিকপ্টাৰ অভিযানৰ বাবে বিশেষ নিৰ্দেশনা দিছে (Circular for helicopter pilgrimage operation)। হেলিপেডত থাকিব লাগিব চিচিটিভি কেমেৰা, হেলিকপ্টাৰত এআইআৰএছ স্থাপন কৰিব লাগিব, ৰেকৰ্ডৰ ডাটাবোৰ ১৪ দিনৰ বাবে সংৰক্ষিত কৰি ৰখা হ'ব ।

DGCA helicopter pilgrimage operation circular
হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযানৰ বাবে নতুন নিৰ্দেশনা

নেশ্যনেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : অহা ৩ মে'ৰ পৰা আৰম্ভ হ'ব চাৰ ধাম যাত্ৰা । তাৰ প্ৰাকক্ষণত হেলিকপ্টাৰৰ জৰিয়তে দৰ্শন কৰিব বিচৰা ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে মঙলবাৰে ২০২৩ চনৰ হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযান পৰিচালনাৰ বাবে এক বিজ্ঞপ্তি জাৰি কৰিছে (DGCA issues circular)। এই বিজ্ঞপ্তিৰ জৰিয়তে হেলিকপ্টাৰ অপাৰেটৰৰ দায়িত্বৰ লগতে সুৰক্ষিত আৰু সুচল হেলিকপ্টাৰ কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনক কিছুমান নিৰ্দেশনা দিয়া হৈছে (Circular for helicopter pilgrimage operation)।

বিজ্ঞপ্তি অনুসৰি অমৰনাথ, কেদাৰনাথ, চাৰ ধাম, মাতা মাচাইল, মনি মহেশ আদি বিভিন্ন মন্দিৰলৈ তীৰ্থযাত্ৰাৰ বাবে প্ৰতিবছৰে হেলিকপ্টাৰ অভিযান চলোৱা হয় (Helicopter pilgrimage operation)। মাতা বৈষ্ণো দেৱীৰ দৰে মন্দিৰলৈও তীৰ্থযাত্ৰাৰ বাবে বছৰজুৰি একেধৰণৰ অভিযান চলোৱা হয় । হেলিকপ্টাৰ সেৱাসমূহ বিভিন্ন হেলিকপ্টাৰ এনএছঅ'পি (অ-অনুসূচীত অপাৰেটৰ) ধাৰকৰ দ্বাৰা সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনৰ অধীনত পৰিচালনা কৰা হয় ।

ইয়াৰে বেছিভাগ মন্দিৰ পাহাৰত অৱস্থিত আৰু বিশেষকৈ গৰম আৰু আৰ্দ্ৰ গ্ৰীষ্মৰ মাহবোৰত বতৰৰ অধিক পৰিৱৰ্তন হয় । হঠাতে ডাৱৰ অহা বা বৰষুণ তাৰ ভিতৰত অন্যতম । এই অভিযানবোৰ বিভিন্ন চৰকাৰী বা ব্যক্তিগত মালিকানাধীন হেলিপেডৰ পৰা সংশ্লিষ্ট শ্ৰাইন ব'ৰ্ড বা জিলা প্ৰশাসনৰ দ্বাৰা পৰিচালিত মন্দিৰ হেলিপেডলৈ কৰা হয় ।

হেলিকপ্টাৰ অপাৰেটৰৰ বাবে নিৰ্দেশনাৱলীত থকা বিষয়সমূহ হৈছে, হেলিপেড সুৰক্ষা এলেকা আৱৰি থকাকৈ চিচিটিভি কেমেৰা লগতে টেক-অফ আৰু এপ্ৰোচ ফানেল স্থাপন কৰা (CCTV is must in pilgrimage operation helipad)। বিদ্যুৎ বিভ্ৰাটৰ ফলত ডাটাৰ যিকোনো ক্ষতি নহ'বলৈ এক নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰা । ৰেকৰ্ডৰ তথ্য নিম্নতম ১৪ দিনৰ বাবে ৰক্ষণাবেক্ষণ কৰা আদি ।

নিৰ্দেশাৱলীত লগতে আছে যে তীৰ্থযাত্ৰাৰ বাবে ব্যৱহৃত হেলিকপ্টাৰত এআইআৰএছ (এয়াৰবৰ্ণ ইমেজ ৰেকৰ্ডিং চিষ্টেম) স্থাপন আৰু ব্যৱহাৰ কৰিব লাগিব (DGCA circular for helicopter pilgrimage operation)। ৰেকৰ্ডৰ ডাটাবোৰ ধাৰাবাহিকভাৱে নম্বৰ বা চিনাক্ত কৰা হ'ব আৰু নিম্নতম ১৪ দিনৰ বাবে ৰখা হ'ব । এ.আই.আৰ.এছৰ সৈতে স্থাপন কৰা সকলো হেলিকপ্টাৰ ২০২৩ চনৰ তীৰ্থযাত্ৰা বা ঋতুকালীন যাত্ৰাৰ বাবে সক্ৰিয় কৰা হ'ব ।

অপাৰেটৰৰ বিমান সুৰক্ষাৰ মুৰব্বীয়ে প্ৰতিখন হেলিকপ্টাৰ পঞ্জীয়ন নম্বৰ বা এমএছএনৰ বাবে প্ৰতি ৭ দিনত এবাৰকৈ এফ.ও.কিউ.এ. (ফ্লাইট অপাৰেচন চ্যুতি নিশ্চিতি) পৰিচালনা কৰিব, বিমানৰ মাপকাঠিৰ তথ্য পুনৰুদ্ধাৰ আৰু বিশ্লেষণ কৰিব ।

এই নিৰ্দেশনাসমূহ কেদাৰনাথ যাত্ৰা, চাৰধাম যাত্ৰা, অমৰনাথ যাত্ৰা, মাতা মাচাইল যাত্ৰা, মণি মহেশ যাত্ৰা, মাতা বৈষ্ণো দেৱী যাত্ৰা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে । ২০২২ চনৰ ১৮ অক্টোবৰত গৰুড় চাট্টিৰ ওচৰৰ বেচ ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে কেদাৰনাথ তীৰ্থস্থানৰ পৰা তীৰ্থযাত্ৰীসকলক লৈ যোৱা এখন হেলিকপ্টাৰ মাজভাগত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাইলটসহ ৭ গৰাকী লোকৰ মৃত্যু হৈছিল ।

একেদৰে, কেদাৰনাথলৈ যোৱা এখন হেলিকপ্টাৰৰ কঠিন অৱতৰণৰ খবৰ পোৱাৰ পাছতে ৫ জুনত ডিজিচিএয়ে চাৰ ধাম তীৰ্থযাত্ৰাৰ বাবে থকা সকলো হেলিকপ্টাৰ অপাৰেটৰক এক পৰামৰ্শ জাৰি কৰিছিল ।

লগতে পঢ়ক :ISRO Chandrayaan 3 : চন্দ্ৰযান ৩ অভিযানৰ বাবে ইছৰোৰ ৰকেট ইঞ্জিন পৰীক্ষা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.