ETV Bharat / state

ঋণৰ বোজাৰ কথা সাহিত্যিকে লিখা কথা...মোৰ মূৰত কোনো টেনচন নাই : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 8:07 PM IST

Assam CM react on debt: ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি চলি আছে সৰৱ চৰ্চা ৷ এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণৰ বোজা বৃদ্ধি পোৱা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে (Assam CM on loan)৷

Assam CM reacts on loan
ঋণৰ বোজা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া

ঋণৰ বোজা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৬ ডিচেম্বৰ : ঋণৰ ওপৰত ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণক লৈ কোনো ধৰণৰ শংকা তথা দ্বিধাবোধ নাই । ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৰৱ চৰ্চা আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সহজভাৱেই ইয়াৰ উত্তৰ দিলে । শনিবাৰে ঋণৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কয়, ‘‘মোৰ মূৰৰ ওপৰত কোনো ঋণ নাই’’ ।

তেওঁ আৰু কয়, ‘‘কাৰ মূৰৰ ওপৰত ঋণ আছে ? আপোনাৰ মূৰৰ ওপৰত ধাৰৰ বোজা আছে আপোনি মাৰি থাকিব । মোৰ ধাৰটো মই ধুনীয়াকৈ মাৰি আছো । মোৰ মূৰত কোনো টেনচন নাই । কাৰোবাৰ তাত ঋণৰ নটিচ আহিছে নেকি ? মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা বুলি এনেই কয় । এয়া সাহিত্যিকে কোৱা কথা । এইবোৰ লিখা কথা । এইবোৰ কথা মানুহে ভাল নাপায়’’ ।

সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আপোনালোকে এনেই চিন্তা কৰি থাকে । মোৰতো কোনো চিন্তা হোৱা নাই’’ । আনকি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক প্ৰশ্ন কৰি কয় যে ইমান কথা যে ভাবি থাকে, ৰাতি টোপনি আহে নে নাই ।

উল্লেখ্য যে, প্ৰতি মাহে ঋণ লৈ থকা চৰকাৰখনে আৰ্থিক নাটনিৰ জোৰা মৰাৰ বাবে নিজৰ ছিকিউৰিটি বণ্ড বন্ধকত দি ধাৰ ল’বলগীয়া পৰিৱেশ আহি পৰিছে । শেহতীয়াকৈ ১২ ডিচেম্বৰত ৰাজ্য চৰকাৰখনে ৰিজাৰ্ভ বেংকৰ জৰিয়তে মুকলি বজাৰৰ পৰা এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ এসপ্তাহৰ ভিতৰতে অহা ১৯ ডিচেম্বৰত পুনৰ ৫০০ কোটি টকাৰ ধাৰ ল’বৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । পাঁচ বছৰীয়া ম্যাদত সুতসহ ওভতাই দিয়াৰ চৰ্তৰে এই ধাৰ ল’ব খোজা হৈছে ।

ইতিমধ্যে প্ৰায় ডেৰ লাখ কোটি টকাৰ ঋণৰ বোজাত থকা চৰকাৰখনে যেন ঋণ লোৱাৰ অভিলেখ সৃষ্টি কৰিব বিচাৰিছে । প্ৰতিযোগিতাহে চলিছে । লক্ষণীয় বিষয় যে, স্বৰাজোত্তৰ কালৰ বিগত ২০১৫-২০১৬ বর্ষলৈকে ৬৯ টা বছৰৰ ভিতৰত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা ।

২০১৬-২০১৭ বৰ্ষৰ পৰা ৰাজ্যৰ শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে মাত্ৰ পাঁচোটা বছৰতে প্ৰায় ৪৯ হেজাৰ কোটি টকাৰ ঋণ লৈ সৰ্বমুঠ ঋণৰ পৰিমাণ ৯০ হেজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হয় ।

ইয়াৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ২০২১-২২ বৰ্ষত ১৬,৯৫৫ কোটি টকা, ২০২২-২০২৩ বৰ্ষত ২৩,৫৫৩ কোটি টকা আৰু চলিত ২০২৩-২৪ বৰ্ষত এতিয়ালৈ প্ৰায় ১৫ হেজাৰ কোটি টকা ঋণ লোৱাৰ লগতে আগন্তুক দিনসমূহত কমপক্ষেও পাঁচ হেজাৰ কোটি টকাৰ ঋণ লোৱাৰ যো-জা চলাইছে ।

লক্ষণীয় বিষয় যে, আৰ্থিক দুৰৱস্থা আৰু পুঁজি অপব্যয়ৰ পৰিণামতেই অসমো বিপজ্জনকভাৱে ঋণৰ গৰাহত সোমাই পৰিছে । কিন্তু তাৰ পাচতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ চিন্তা-শংকা নাই । বৰং বিষয়টোক সাহিত্যিকৰ লিখাৰ কথা বুলি অতি সহজভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

লগতে পঢ়ক : পূৰ্বৰ কংগ্ৰেছ চৰকাৰে উন্নয়নত গুৰুত্ব নিদিয়া বাবেই লোৱা হৈছে ঋণ: পীয়ুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.