ETV Bharat / state

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে উন্নয়নত গুৰুত্ব নিদিয়া বাবেই লোৱা হৈছে ঋণ: পীয়ুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 6:44 PM IST

Minister Piyus Hazarika slams congress on govt loan
বণ্ড বন্ধক সন্দৰ্ভত মন্তব্য় মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

আমেৰিকা, জাপান, অষ্ট্ৰেলিয়াৰো ঋণ আছে ..। ভুল তথ্যৰে অসম ঋণত বুৰ যোৱা বুলি অপপ্ৰচাৰ চলোৱা হৈছে । ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত বুলি দাবী মন্ত্ৰী পীয়ুষ হাজৰীকাৰ ।

গুৱাহাটী, ১৫ ডিচেম্বৰ : এপষকতেই চৰকাৰে ল'ব ১৫০০ কোটি টকাৰ ঋণ । ১২ ডিচেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পিচত অহা সপ্তাহত আকৌ ৫০০ কোটি টকা ঋণ ল'ব ৰাজ্য চৰকাৰে ৷ আকৌ অহা ১৯ ডিচেম্বৰত ৰাজ্য চৰকাৰে বণ্ড বন্ধক দি ল'ব ৫০০ কোটি টকাৰ ঋণ ৷ চৰকাৰৰ এই ঘোষণাৰ পিচতেই ইয়াকেই বিভিন্ন পৰ্যায়ত আৰম্ভ হৈছে চৰ্চা ।

বণ্ড বন্ধক দি চৰকাৰে যে ৫০০ কোটি টকাৰ ঋণ ল'ব এতিয়া সেই কথা ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । বাৰুকৈয়ে সমালোচিত হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰ । ইয়াৰ মাজতেই এই সমালোচনাৰ প্ৰত্যুত্তৰ দিছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷ সমাজিক মাধ্যম যোগে ঋণগ্ৰস্ত চৰকাৰে ঋণ লোৱাৰ সপক্ষে এলানি যুক্তি আগবঢ়াইমন্ত্ৰীগৰাকীয়ে কয়,"ভুল তথ্যৰে অসম ঋণত বুৰ যোৱা বুলি অপপ্ৰচাৰ চলোৱা হৈছে ৷ সমালোচনাকে একমাত্ৰ সমাধান বুলি পণ লোৱা এটা চক্ৰই ভুল ধাৰণা দিবলৈ আপ্ৰাণ চেষ্টা চলাই গৈছে যে অসমৰ অৰ্থনীতি দুৰ্বল হৈ উঠিছে ।"

ইতেমধ্যেই ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণে ডেৰ লাখ কোটি টকা স্পৰ্শ কৰি অভিলেখ ৰচিছে ৷ আনহাতে,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই মন্তব্য যে পুঁজিৰ কোনো অভাৱ নাই ৰাজ্য চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰৰ ওচৰ চাপিলেই অসমক পুঁজি মোকলাই দিয়ে । লগতে ঋণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই যুক্তি আগবঢ়াইছে যে কোনোবা চৰকাৰক যদি বেংকে ঋণৰ পিচত ঋণ দিয়ে তেন্তে বুজিব লাগিব যে সেই চৰকাৰৰ আৰ্থিক অৱস্থা সন্তোষজনক । কোনো চৰকাৰক ঋন দিবলৈ অস্বীকাৰ কৰিলে এখন চৰকাৰৰ বিত্তীয় অৱস্থা বেয়া বুলি ধাৰণা কৰিব লাগিব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই ঋণ লোৱাটো যে বেয়া কাম নহয় তাকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷ অসমে সীমা চেৰাই ঋণ লৈ আছে বুলি ধাৰবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে । মন্ত্ৰী পীয়ুষৰ মতে এয়া মিছা কথা । মন্ত্ৰীগৰাকীয়ে ঋণৰ প্ৰয়োজনীয়তা হিচাবে উদাহৰণ দি কয়,"আমেৰিকা যুক্তৰাষ্ট্ৰ,জাপান,জাৰ্মানী,অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰো ঋণ আছে । মূল কথাটো সেইটোহে ঋণৰ টকাৰ সদব্যৱহাৰ হৈছে নে নাই ৷ ঋণে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সীমা অতিক্ৰম কৰিছে নেকি ! ৰিজাৰ্ভ বেংকে যোৱা ১৪ ডিচেম্বৰত প্ৰকাশ কৰা সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যৰ তালিকাত দূৰ-দূৰণিলৈ কিন্তু অসমৰ নাম নাই । সৰ্বাধিক ঋণ লোৱা,বিপদজনক হৈ উঠা ৰাজ্যেৰ তালিকাত আছে সৌ সিদিনালৈকে কংগ্ৰেছৰ শাসন থকা ৰাজস্থান,পশ্চিম বংগ,বিহাৰ ,কেৰালা,পাঞ্জাৱ,হিমাচল প্ৰদেশৰ দৰে ৰাজ্য ।"

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্যৰে চৰকাৰৰ সপক্ষে যুক্তি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ । কেৱল সেয়ে নহয, ৰিজাৰ্ভ বেংকৰ তথ্য দি তেওঁ কয়,"ৰিজাৰ্ভ বেংকৰ তথ্য মতেই অসমতকৈ সৰু ৰাজ্য পাঞ্জাৱৰ ঋণ হৈছে ৩ লাখ ১২ হাজাৰ কোটি টকা । অসমতকৈ সৰু ৰাজ্য কেৰালাত ৩ লাখ ৫৭ হাজাৰ কোটি,চুবুৰীয়া পশ্চিম বংগত ৫ লাখ ৯০ হাজাৰ কোটি,ৰাজস্থানত ৫ লাখ ৩৮ হাজাৰ কোটি টকাৰ হোৱাৰ বিপৰীতে অসমৰ ঋণ ১ লাখ ৩৫ হাজাৰ কোটি । ঋণ লোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া । অসমেও লৈছে,কিন্তু বেলেগ ৰাজ্যৰ তুলনাত কম ঋণগ্ৰস্ত হৈয়েই আছে অসম ।" লগতে তেওঁ উল্লেখ কৰিছে যে অসমে ঋণ লোৱা আৰু সময়তে ঘূৰাই দিয়াৰ ৰিজাৰ্ভ বেংকৰ সতৰ্কতাৰ সকলো চৰ্ত পূৰণ কৰা ৰাজ্যৰ তালিকাতহে সন্মানেৰে আছে ।

ইপিনে,অসম চৰকাৰে কিয় ঋণ ল'বলগীয়া হৈছে সেয়াও উল্লেখ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰীকাই । তেওঁ ঋণ ল'বলগীয়া হোৱাৰ কাৰণ হিচাপে দোষ দিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক । তেওঁ দাবী কৰি কয় যে অসম চৰকাৰে আজিও ঋণ লবলগীয়া হৈ আছে, কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ঋণ লৈ সদব্যৱহাৰ কৰা নাছিল, উন্নয়নত গুৰুত্ব দিয়া নাছিল । ড৹হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত। আনহাতে, ঋণৰ ধনৰ ব্যৱহাৰ ক'ত কেনেকৈ কৰা হৈছে এই বিষয়ত এক শ্বেতপত্ৰ দাবী কৰি আহিছে বিৰোধীয়ে । ঋণৰ প্ৰতিটো টকা জনতাৰ সেৱা আৰু উন্নয়নত উৎসৰ্গিত বুলি দাবী কৰিলেও কিন্তু চৰকাৰে এতিয়ালৈ এই বিষয়ত শ্বেতপত্ৰ প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক:চুক্তি স্বাক্ষৰৰ প্ৰাকমুহূৰ্তত পৰেশ বৰুৱাক কোনো আহ্বান নজনাই অনুপ চেতিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.