ETV Bharat / state

Himanta Biswa: কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Aug 8, 2023, 10:37 PM IST

মণিপুৰৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সাংসদ গৌৰৱ গগৈয়ে সদনত মণিপুৰৰ প্ৰসংগক লৈ সৰৱ হোৱাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছে ৰাজ্য বিভক্ত কৰিলে যদিও সীমা নিৰ্ধাৰণ নকৰিলে আৰু যাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলে সীমা বিবাদৰ সমস্যাৰে যুঁজ দিবলগীয়া হৈছে ।

Himanta Biswa
Himanta Biswa

কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৮ আগষ্ট: কংগ্ৰেছৰ ভুল নীতিৰ বাবেই আজি মণিপুৰকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে কান্দিব লগীয়া হৈছে । এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখ্য যে মণিপুৰৰ গোষ্ঠীগত সংঘাতৰ ৰক্তাক্ত পৰিৱেশ সন্দৰ্ভত মঙলবাৰে লোকসভাত বিশেষভাৱে সৰৱ হৈ উজলি উঠিল সাংসদ গৌৰৱ গগৈ । অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক আৰম্ভ কৰি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ।

মণিপুৰৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ বিশেষভাৱে প্ৰশ্ন কৰি একপ্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে গৌৰৱ গগৈয়ে । সদনত সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ পাচতে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে ।

বিশেষকৈ সাংসদ গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যে সম্বোধন কৰা সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ আজিৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছকে দোষাৰোপ কৰে । তেওঁ কয় যে কংগ্ৰেছৰ ৬০-৬৫ বছৰীয়া শাসনকালৰ ভুল নীতিৰ পৰিণাম আজি উত্তৰ-পূৰ্বাঞ্চলে ভোগ কৰি আছে । মণিপুৰৰ আজিৰ গোষ্ঠীগত সংঘৰ্ষ নতুন নহয় বুলি সদৰী কৰি তেওঁ কয় যে ১৯৯০ চনৰ পৰা ২০১২ চনলৈ মণিপুৰত কেইবাটাও গোষ্ঠীগত সংঘৰ্ষ হৈছিল । সেই সময়ত মণিপুৰত কংগ্ৰেছৰ শাসন আছিল ।

তেওঁ আৰু কয় যে ১৯৯৩ চনৰ গোষ্ঠীগত সংঘৰ্ষত মণিপুৰত ১১০০ লোকৰ মৃত্যু হৈছিল । সেই সময়ত কিন্তু প্ৰধানমন্ত্ৰী মণিপুৰবাসীৰ খবৰ ল'বলৈ অহা নাছিল । কংগ্ৰেছ হাত নিৰীহৰ তেজেৰে ৰক্তাক্ত হৈ আছে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছে সৃষ্টি কৰা সমস্যাৰে আজি মণিপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলে যুঁজ দি আছে । অসমতো কেইবাটাও গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু সকলোতে প্ৰধানমন্ত্ৰী অহা নাছিল বুলি কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে কোকৰাঝাৰত ২০০৮ চনত হোৱা সংঘৰ্ষৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং মাত্ৰ এঘণ্টাৰ বাবে আহিছিল ।

তেওঁ লগতে কয় যে ১৯৬২ চনৰ চীনৰ যুদ্ধৰ সময়ত জৱাহৰলাল নেহেৰু অসমৰ পৰিস্থিতিৰ বুজ ল'বলৈ অহা নাছিল । কংগ্ৰেছ দলক ইতিহাসৰ স্মৰণ কৰাই তেওঁ কয় যে নেলী কাণ্ডৰ সময়ত ইন্দিৰা গান্ধী মাত্ৰ পাঁচ মিনিটৰ বাবে আহিছিল যদিও সমস্ত ঘটনাৰ বাবে আন্দোলনকাৰী সকলক দোষাৰোপ কৰিছিল । ৰক্তৰঞ্জিত হাতেৰে কংগ্ৰেছে আনক দোষাৰোপ কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলে আজি কংগ্ৰেছৰ ভুল নীতিৰ বাবেই সমস্যাৰে যুঁজ দিবলগীয়া হৈছে ।

ৰাজ্য বিভক্ত কৰিলে যদিও সীমা নিৰ্ধাৰণ নকৰিলে আৰু যাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলে সীমা বিবাদৰ সমস্যাৰে যুঁজ দিবলগীয়া হৈছে । কংগ্ৰেছৰ ভুল নীতিৰ বাবে আজি অসমে বিদেশী সমস্যাৰে যুঁজ দিবলগীয়া হৈছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে কংগ্ৰেছৰ বাবেই আজি উত্তৰ-পূৰ্বাঞ্চল 'ৱাৰ জ'ন'ত পৰিণত হৈছে ।

মণিপুৰৰ স্থায়ী শান্তি সহজতে সম্ভৱ নহয় বুলি সদৰী কৰি তেওঁ কয় যে বিজেপি চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে । তেওঁ লগতে কংগ্ৰেছ দলৰ মানসিকতাৰ প্ৰসংগত কয় যে কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ সময়ত প্ৰশ্ন উত্থাপন কৰিছিল ।

লগতে পঢ়ক: Assam CM invites Paresh Baruah to Assam: পৰেশ বৰুৱাক সাতদিন অসমত আহি থাকি যাবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.