ETV Bharat / state

মা দুৰ্গাৰ আশীষ বিচাৰি মালিগাঁৱৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Oct 2, 2022, 7:03 PM IST

Assam CM at Pandu
মা দুৰ্গাৰ আশীষ বিচাৰি মালিগাঁৱৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপত চলিছে মহিষ মৰ্দিনী মা দুৰ্গাৰ আৰাধনা (Durga Puja Maha Saptami 2022) ৷ মণ্ডপে মণ্ডপে ভিৰ কৰিছে ভক্তগণেও ৷ মহা সপ্তমীৰ দিনা মহিষ মৰ্দিনী মা দুৰ্গাৰ আশীষ বিচাৰি মালিগাঁৱৰ কেবাখন পূজাস্থলীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma at Pandu) ৷

গুৱাহাটী, ২ অক্টোবৰ : আজি মহা সপ্তমী (Maha saptami 2022) । ৰাজ্যত উলহ-মালহেৰে উদযাপন কৰা হৈছে দুৰ্গোৎসৱ (Durga Puja 2022)। পুৱাৰে পৰা বৈদিক মন্ত্ৰোচাৰণেৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ ৷ মহিষ মৰ্দিনী মা দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে দেশ তথা ৰাজ্যৰ ভক্তগণ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ভিন্ন ক্ষেত্ৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপসমূহ ৷ বিভিন্ন কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা দুৰ্গা পূজাৰ মণ্ডপসমূহেও ভক্তগণক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ বিগত প্ৰায় দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলি-মূৰীয়াকৈ লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰিছে পূজা সমিতিসমূহে (Devi Durga Idol) ।

Assam CM at Pandu
মা দুৰ্গাৰ আশীষ বিচাৰি মালিগাঁৱৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : বাঁহেৰে নিৰ্মিত পূজা মণ্ডপে জেউতি ভক্তক আকৰ্ষণ কৰিছে কলিয়াবৰত

মহানগৰীৰ ক’ৰবাত যদি কম্বোদিয়াত থকা বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে, আন কৰবাত আকৌ গৌতম বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনীৰ (LUMBINI) আৰ্হিত সজোৱা হৈছে পূজা মণ্ডপ ৷ দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোক সজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে মহানগৰীৰ পূজাৰ আয়োজকসকল (Clay idol of Goddess Durga) ৷

মা দুৰ্গাৰ আশীষ বিচাৰি মালিগাঁৱৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মহা সপ্তমীৰ দিনটোত আজি মণ্ডপে মণ্ডপে দেখা গৈছে বহু ভক্তৰ সমাগম (Durga Puja Maha Saptami 2022) । আনকি নিশাৰ ভাগলৈ আৰু অধিক ভক্তৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলেও ৷ আনকি মহা সপ্তমী উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো মা দুৰ্গাৰ আশীষ ল’বলৈ আজি মালিগাঁৱৰ বহুকেইখন পূজাস্থলীত উপস্থিত হয় ৷

মালিগাঁৱৰ পাণ্ডুৰ বি.বি.চি. কলনী, ইনষ্টিটিউট কলনী, পুৰণি ষ্টেচন কলনীৰ পূজা-মণ্ডপকে ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেবাখনো পূজা মণ্ডপত উপস্থিত হৈ ৰাজ্যৰ কুশল-মংগলৰ বাবে মা দুৰ্গাৰ শ্ৰী চৰণত সেৱা আগবঢ়ায় ৷ আজি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে পূজাস্থলী দৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

লগতে পঢ়ক : ৰাজ্যবাসীৰ মংগলাৰ্থে মা দুৰ্গাৰ শ্ৰী চৰণত সেৱা ল’লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.