ETV Bharat / state

Zero Accident Mission in Assam: ভোগালী বিহুৰ সময়লৈকে সুৰাপায়ী চালকৰ বিৰুদ্ধে বিশেষ অভিযান

author img

By

Published : Dec 26, 2022, 9:48 PM IST

Zero Accident Mission in Assam
পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা

ৰাজ্যত পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷ অসমক দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ স্বাৰ্থত আৰক্ষী আৰু পৰিবহন বিভাগক যৌথভাৱে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভোগালী বিহুৰ সময়লৈকে চলিব বিশেষ অভিযান (Zero Accident Mission in Assam)৷

গুৱাহাটী, ২৬ ডিচেম্বৰ : বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা পথ দুৰ্ঘটনা আৰু ইয়াৰে বহু চালক সুৰামত্ত হৈ বাহন চলোৱা ঘটনাক গুৰুত্বপূৰ্ণ সহকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ লক্ষ্যৰে সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগক যৌথভাবে কাম কৰিবলৈ নিৰ্দেশ দিছে (Zero Accident Mission in Assam)।

বিশেষকৈ ৰাজপথত কোনো চালকে যাতে সুৰাপান কৰি উদণ্ড আৰু অনিয়ন্ত্ৰিতভাৱে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । ইফালে আগন্তক ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত কোনোৱে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে ৰাজ্যজুৰি বিশেষ অভিযান চলাবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে (Mission against drunken driver in Assam)।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে আৰক্ষীৰ লগতে পৰিবহণ বিভাগেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰীয়ে কিছুদিন দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষা সজাগতাৰ বাবে দিয়া নিৰ্দেশনাৰ আধাৰত ৰাজ্যজুৰি চলি আছে অভিযান । এই সন্দৰ্ভত অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে(DTO Gautam Das) জানিবলৈ দিয়া মতে এতিয়া বনভোজৰ বতৰ, ৩১ ডিচেম্বৰ, নৱবৰ্ষ আদৰণি আৰু মাঘবিহুৰ অপাৰ আনন্দ উপভোগৰ সময় ।

সেয়ে বনভোজৰ লগতে পুৰণি বছৰক বিদায় আৰু নৱবৰ্ষ উদযাপনৰ নামত আনন্দত মতলীয়া হৈ কোনোৱে যাতে অত্যাধিক মদ্যপান কৰি তীব্ৰবেগত যান-বাহন চলাই অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনা মাতি আনিব নোৱাৰে তাৰবাবে সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক সকিয়াই দি কেতবোৰ জনসচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

চলিত ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা বনভোজলৈ যোৱা বাহনৰ চালককে ধৰি আন বাহনৰ চালকে যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে তাৰ বাবে আৰক্ষী-পৰিবহণ বিভাগৰ ধাৰাবাহিক অভিযান চলি আছে । সমান্তৰালভাৱে নৱবৰ্ষক আদৰাৰ নামত সুৰাপানকেন্দ্ৰিক পথ দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত আৰু এই দিশত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি চলোৱা হ’ব বিশেষ অভিযান (Kurukhetra Mission in Assam)।

গৌতম দাসে সদৰী কৰা অনুসৰি বনভোজৰ আনন্দৰ নামত অত্যধিক মদ্যপান কৰি দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হ’লে বনভোজ দল, বাহনৰ চালক আৰু মালিক কাকো ৰেহাই দিয়া নহ’ব । চালকে অত্যধিক মদ্যপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ পালেই ততালিকে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব, প্ৰয়োজনত বাহনৰ পঞ্জীয়নো বাতিল হ’ব (Punishment of traffic rule violator)। কিয়নো একাংশ বনভোজকাৰী দলৰ চালকে সুৰাপান কৰি বাহন সলাই দুৰ্ঘটনা সংঘটিত কৰা কেবাটাও ঘটনা সংঘটিত হৈছে ।

তেনেদৰে ইংৰাজী নৱবৰ্ষক আদৰাৰ নামতো একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে । এনে ঘটনা ৰোধ কৰিবলৈ সজাগতা সৃষ্টিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা পহিলা জানুৱাৰীলৈ ৰাজপথত আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাবে আৰু সুকীয়াকৈ বিশেষ অভিযান চলাব ।

ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত এটা প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে চন্দ্ৰপুৰকে ধৰি কেতবোৰ বনভোজথলী পৰিদৰ্শন কৰি বাহন চালকে সুৰাপান কৰিছে নেকি তাক পৰীক্ষা কৰা পৰিলক্ষিত হৈছে । তেনেদৰে পৰৱৰ্তী পৰ্যায়ত ভোগালী বিহুৰ সময়তো তেনে বিশেষ অভিযান চলিব বুলি পৰিবহণ বিভাগৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক: Masks Compulsory in Karnataka : কৰ্ণাটকৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.