ETV Bharat / bharat

Masks Compulsory in Karnataka : কৰ্ণাটকৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক

author img

By

Published : Dec 26, 2022, 8:44 PM IST

কৰ্ণাটকত ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক । ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰৰ এই ঘোষণা । কৰ্ণাটকৰ ৰেষ্টুৰেণ্ট, পাব, থিয়েটাৰ হল, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভিতৰত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে ৷ নিশা ১ বজাৰ পিছত কোনো নৱবৰ্ষ কাৰ্যসূচীৰ অনুমতি দিয়া নহয় (Wearing Masks Compulsory in Karnataka) ।

Karnataka
Karnataka

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : কেইবাখনো দেশত ক’ৰণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকৰ ৰেষ্টুৰেণ্ট, পাব, থিয়েটাৰ হল, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভিতৰত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে (Wearing Masks Compulsory in public places in Karnataka) ৷ কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে এই বিষয়ত জাননী জাৰি কৰিছে (Health Minister of Karnataka K Sudhakar) ৷

"আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । কিন্তু আমি এতিয়াৰে পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব । নৱবৰ্ষ উদযাপনৰ পূৰ্বে পাব আৰু ৰেষ্টুৰেণ্টবোৰত যথেষ্ট ভিৰ হ'ব । সেয়েহে ক’ভিড প্ৰট’কলবোৰ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব (order to followed Covid protocols strictly) ।" মন্ত্ৰীজনে লগতে কয় ।

আনহাতে, মন্ত্ৰী আৰ অশোকে বেলাগাভিৰ সুৱৰ্ণ বিধান সৌধত স্বাস্থ্য বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত কয় যে ৰাজ্যখনত মাস্ক বাধ্যতামূলক কৰা হৈছে । অৱশ্যে মাস্ক পৰিধান নকৰাৰ বাবে বৰ্তমান কোনো জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । অৱশ্যে সাৱধানতা অৱলম্বন কৰা আৰু ৰাইজৰ স্বাৰ্থত মাস্ক পিন্ধাটো বাধ্যতামূলক ।

সকলো থিয়েটাৰ, মল, হোটেল, ৰেষ্টুৰেণ্ট, অন্তঃদ্বাৰ অনুষ্ঠান, ৰাজহুৱা স্থান, সভা, অনুষ্ঠান, বিদ্যালয় আৰু মহাবিদ্যালয়ত মাস্ক বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগে । ৰাজ্যখনৰ সকলো হোটেল, পাব, বাৰ, ৰেষ্টুৰেণ্ট আৰু ৰিজ'ৰ্টত মাস্ক বাধ্যতামূলক কৰাৰ লগতে মালিক আৰু কৰ্মচাৰীসকলে ক’ৰণা প্ৰতিষেধকৰ দুটা পালি লোৱাটো নিশ্চিত কৰিব লাগিব । মন্ত্ৰী অশোকে লগতে কয় ।

ভেকছিনৰ তৃতীয় বুষ্টাৰ পালি (third booster dose of corona vaccine) লোৱাটোও ভাল । লোকসকলক হোটেল, পাব আৰু ৰেষ্টুৰেণ্টত কেৱল উপলব্ধ আসন অনুযায়ী প্ৰৱেশৰ অনুমতি দিব লাগে । কোনো নতুন অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিব নোৱাৰিব । নৱবৰ্ষ উদযাপনৰ বাবে বেংগালুৰুৰ এমজি ৰোড আৰু ব্ৰিগেড ৰোডকে ধৰি সকলোতে মাস্ক বাধ্যতামূলক কৰা হৈছে । মন্ত্ৰী অশোকে এনেদৰে স্পষ্ট কৰি কয় ।

উদযাপনৰ অনুমতি কেৱল পুৱা ১ বজালৈকে দিয়া হ'ব । নিশা ১ বজাৰ পিছত কোনো নৱবৰ্ষ কাৰ্যসূচীৰ অনুমতি দিয়া নহয় । জ্যেষ্ঠ নাগৰিক, গৰ্ভৱতী মহিলা আৰু শিশুসকলে জনবহুল এলেকা আৰু উদযাপনত অংশগ্ৰহণ নকৰাই ভাল । মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

উল্লেখ্য, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই (Union Health Minister Mansukh Mandaviya) সোমবাৰে বিয়লি ৪ বজাত ভাৰতীয় চিকিৎসা সংস্থাৰ (Indian Medical Association, IMA) সৈতে ক’ভিড-১৯ প্ৰস্তুতি, পৰিস্থিতি আৰু সজাগতা সন্দৰ্ভত এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে । IMA-য়ে শেহতীয়াকৈ এক পৰামৰ্শ জাৰি কৰে আৰু তাৎক্ষণিক প্ৰভাৱৰ সৈতে ক’ভিড-উপযুক্ত আচৰণ অনুসৰণ কৰিবলৈ ৰাইজক আহ্বান জনায় । "উপলব্ধ প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, দক্ষিণ কোৰিয়া, ফ্ৰান্স আৰু ব্ৰাজিলৰ দৰে মুখ্য দেশবোৰৰ পৰা বিগত 24 ঘণ্টাত প্ৰায় 5.37 লাখ নতুন সংক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।" IMA-ৰ এক বিবৃতিত এই কথা প্ৰকাশ ।

লগতে পঢ়ক :Controvers on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.