Assam Budget details: হিমন্ত বিশ্ব চৰকাৰৰ বাজেটে আনিলে ঋণৰ বতৰা !

author img

By

Published : Mar 16, 2023, 10:39 PM IST

Assam budget 2023 updates
Assam Budget details ()

বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেট ৷ কিন্তু বাজেট দাখিলৰ পাচতে এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে ঋণগ্ৰস্ত চৰকাৰে নতুনকৈ ল’বলগীয়া ঋণৰ ৰাশিৰ ওপৰত (Assam budget 2023 updates) ৷ এই সন্দৰ্ভত এক বৃস্তিত প্ৰতিবেদন...

গুৱাহাটী, ১৬ মাৰ্চ: বৃহস্পতিবাৰে অসম বিধানসভাত মুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকাৰ পুঁজি নিৰ্ধাৰণেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে এইবাৰৰ বাজেটখন ৷ তাৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল ইতিমধ্যেই ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা ৰাজ্য চৰকাৰখনে কিমান টকাৰ ঋণ ল’ব পৰৱৰ্তী বিত্তীয় বছৰটোত ? বা ঋণৰ পৰিমাণ কমাবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি ? (Assam Budget 2023)

চাবলৈ গ'লে বাজেট দাখিল আৰু চৰকাৰ এখনে ঋণ লোৱাটো এক গতানুগতিক প্ৰক্ৰিয়া । কিন্তু এইবাৰৰ বাজেটৰ পৰিমাণৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছিল । সকলোৰে দৃষ্টি নিবদ্ধ হোৱা এটা কাৰণ হ’ল যে ড৹ শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন হ’ল স্বাধীনোত্তৰ অসমৰ আটাইতকৈ বেছি ঋণগ্রস্ত চৰকাৰ (Assam govt is in debt) ।

লগতে পঢ়ক: At a glance Assam budget: বাজেটত অৰুণোদয়ৰ ধন ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি

দিশপুৰৰ বিশেষ সূত্ৰ পৰা পোৱা তথ্য অনুসৰি, ইতিমধ্যেই অসমৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে যে, বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণে প্ৰায় ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা স্পৰ্শ কৰিছে ৷ ২০১৬ চনৰ মাৰ্চলৈ ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা । বিত্তমন্ত্রীয়ে দিয়া তথ্যমতেই ২০১৬-১৭ ৰ পৰা ২০২১-২২ লৈকে বিজেপি চৰকাৰে ঋণ লৈছে প্ৰায় ৮৩,১৬৯.০১ কোটি টকা (Assam budget 2023 updates) ।

সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা তথ্য অনুসৰি ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২২ ৰ নৱেম্বৰ মাহলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুকলি বজাৰৰপৰা ঋণ লৈছে ১৯,৩৫৩ কোটি টকা । আনহাতে নিজৰ শাসন কালৰ বিগত ২০ মাহত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে মুঠ ৩৬,৩০৯ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে (New policies in Assam Budget) ৷

আনহাতে, সূত্ৰ অনুসৰি অতি শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ৪২০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ৷ এই সকলো মিলি দুটা বছৰত প্ৰায় ৪০,০০০ কোটি টকাৰ গ্ৰহণ কৰিছে হিমন্তবিশ্ব শৰ্মা চৰকাৰে ৷ চৰকাৰৰ এই বৃহৎ পৰিমাণৰ ঋণ লোৱা কাৰ্যক কঠোৰ সমালোচনা কৰি আহিছে বিৰোধী আৰু দল-সংগঠনৰ লগতে বহু বিশিষ্টলোকে ৷

লগতে পঢ়ক: Assam Budget 2023: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বাবে কি কি আঁচনি আছে বাজেটত ?

আমি যদি পূৰ্বৰ ৫/৬ খন বাজেটৰ পৰিমাণৰ প্ৰতি বছৰৰ বৃদ্ধিৰ পৰিমাণ চাওঁ তেন্তে দেখা যায় যে :-

  1. ২০১৭-১৮ - ৭৭,৪২২.৭৩ কোটি টকা
  2. ২০১৮-১৯ - ৯০,২৬৯.৯২ কোটি টকা
  3. ২০১৯-২০ - ৯৯,৪১৮.৯১ কোটি টকা
  4. ২০২০-২১ - ১০৩,৭৬১.৬৩ কোটি টকা
  5. ২০২১-২২ - ১০৯,৫৫৬.৩৯ কোটি টকা
  6. ২০২২-২৩ - ১১৯,৬৫১.০৬ কোটি টকা
  7. ২০২৩ -২৪ - ১৩৯,৪৪৩.৮৮ কোটি টকা

গতিকে, এতিয়া সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হৈছে যে, এইবাৰৰ বাজেটৰ পৰিমাণ যোৱা বৰ্ষতকৈ কিমান বৃদ্ধি হ’ল ? চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ্রাস নে বৃদ্ধি হ’ল এই বাজেটৰ ফলত ? এইবাৰ বাজেটৰ পৰিমাণ অসম চৰকাৰ ঋণৰ ১ লাখ ৩১ হাজাৰ কোটিতকৈ বেছি হ’ল ৷ দেখা গ’ল চৰকাৰৰ মুঠ ঋণতকৈ বাজেটৰ পৰিমাণ প্ৰায় ৯০০০ কোটি টকাৰ বেছি হ'ল (Assam govt total debt amount)।

আনহাতে বিত্তমন্ত্ৰীয়ে আজি দাখিল কৰা বাজেটৰ মুঠ ১৩৯,৪৪৩.৮৮ কোটি টকাৰ ভিতৰত বছৰটোত ৰাজহুৱা খণ্ডৰ পৰা ২৫,০৫২.৩১ কোটি টকা ধাৰ লোৱাৰ প্ৰস্তাৱ ৰখা হৈছে যিটো মূল বাজেটৰ ১৮ শতাংশ ৷ অৰ্থাৎ বাজেটৰ মুঠ ১৩৯,৪৪৩.৮৮ কোটি টকাৰ ২৫,০৫২.৩১ কোটি টকা মুকলি বজাৰৰ পৰা ঋণ ল’ব আগন্তুক বিত্তীয় বৰ্ষটোত ৷

লগতে পঢ়ক: Assam CM budget reaction: বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকা আৱণ্টন

যদি এই বিত্তীয় বৰ্ষটোত অসম চৰকাৰে অতিৰিক্ত ধাৰ ল’ব লগা নহয় তেন্তে অহা বছৰৰ মাৰ্চলৈ অসম চৰকাৰৰ ধাৰৰ পৰিমাণ কিমান হ’বগৈ সেয়া আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে ৷ পূৰ্বৰ প্ৰায় ১ লাখ ৩১ হাজাৰ ২৭৩ কোটিৰ লগত বাজেটত প্ৰস্তাৱিত ২৫০৫২.৩১ কোটি টকাৰ ধাৰ যোগ দিলে ২০২৪ৰ মাৰ্চত অসম চৰকাৰৰ ধাৰৰ বোজাৰ পৰিমাণ হ’বগৈ প্ৰায় ১,৫৬,৩২৫.৩১ কোটি টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.