At a glance Assam budget: বাজেটত অৰুণোদয়ৰ ধন ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি

author img

By

Published : Mar 16, 2023, 5:42 PM IST

Assam Budget 2023

বাজেটত আগন্তুক তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক-যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ । ২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আৱণ্টন । অৰুণোদয় আঁচনিৰ অধীনত অতিৰিক্তভাৱে ১০ লাখতকৈ অধিক নতুন হিতাধিকাৰী সংযোজনৰ লক্ষ্য বাজেটত (At a glance Assam budget)।

গুৱাহাটী, ১৬ মাৰ্চ: বহু আঁচনি ঘোষণাৰে বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অসম বাজেট । বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন অভিযানৰ কথা উল্লেখ কৰা হৈছে । চৰকাৰী খণ্ডত যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ কথা প্ৰকাশ বাজেটত ৷ ইয়াৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলৰ বাবে স্ব-নিয়োজনৰ সুবিধা সৃষ্টিৰ লক্ষ্যৰে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে আঁচনি ৰূপায়ণৰ কথা কোৱা হৈছে (At a glance Assam budget) ।

বাজেটত আগন্তুক তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক-যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে । তদুপৰি আন এক লাখ যুৱক-যুৱতীক MSME আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে ৰাজসাহায্য আগবঢ়োৱা হ’ব । ২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে (Assam Budget 2023)।

লগতে পঢ়ক: Assam Budget A to Z: সদনত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

আনহাতে, বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে, ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে । ইয়াৰ উপৰিও চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । শীঘ্ৰে এই পৰ্যায়ো সমাপ্ত হ’ব । বাজেটত পূৰ্বতে উল্লেখ কৰা অনুসৰি দৰিদ্ৰতা নিবাৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । দৰিদ্ৰতা নিবাৰণৰ বাবে বাজেটত উল্লেখ কৰা চাৰিটা দিশ হৈছে - অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষাৰ নিশ্চিতি আৰু মুখ্যমন্ত্ৰীৰ আবাস যোজনাৰ অধীনত সকলোৰে বাবে গৃহ (New schemes in Assam budget 2023) ।

অৰুণোদয় আঁচনিৰ অধীনত অতিৰিক্ত ১০ লাখতকৈ অধিক নতুন লোকক সংযোজনৰ লক্ষ্য লোৱা হৈছে বাজেটত । অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১৫০ টকা বৃদ্ধি কৰি ১৪০০ টকা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত । ইয়াৰ বাবে ৩,৪২০ কোটি টকা ধাৰ্য কৰা হৈছে । আনহাতে, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিখনে সকলো পৰিয়ালকে সামৰি ল’ব বুলি বিত্তমন্ত্রীয়ে সদৰী কৰে (Fund for Aronodoi scheme in Budget)।

লগতে পঢ়ক: Assam budget 2023-24 : বাজেটত শিক্ষা ক্ষেত্ৰলৈ কিমান আবণ্টন বিত্ত বিভাগৰ ?

সেইদৰে প্ৰতিটো পৰিয়ালক দিয়া হ’ব নগদবিহীন কাৰ্ড । ইয়াৰ বাবে বাজেটত ১৩৫ কোটি টকা ধাৰ্য কৰা হৈছে । ২০২৩-২৪ বৰ্ষত মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধ‍াৰণ কৰি বাজেটত ইয়াৰ বাবে ৮০০ কোটি টকা আবণ্টন দিয়া হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, ইমানখিনি আৰ্থিক পৰিকল্পনা হাতত ল’লেও বৃহস্পতিবাৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি পৰিলক্ষিত হৈছে ৷ এই ঘাটি পূৰণ তথা নতুন আঁচনিত আৱন্টনৰ বাবে পুনৰ 25 হাজাৰ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.