Assam Budget A to Z: সদনত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Mar 16, 2023, 3:43 PM IST

Updated : Mar 16, 2023, 4:37 PM IST

Assam FM presents deficit budget

বৃহস্পতিবাৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেটত ৯৩৬ কোটি টকাৰ ঘাটিৰ খতিয়ান (Assam FM presents deficit budget) ৷

গুৱাহাটী, ১৬ মাৰ্চ: অসম বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে দাখিল কৰা হয় ৰাজ্য চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট ৷ ‘‘এখন পুনৰ উজ্জৱিত অসম’’ বাণীৰে পুৱা ১১ বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰে বাজেট ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দাখিল কৰি এখন পুনৰুজ্জীৱিত অসমৰ এক সবল ভেটি স্থাপন কৰিব বুলি সদনত উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে (Assam Budget 2023) ৷

এই বাজেটত একত্ৰিকৃত নিধিত মুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকা টকাৰ প্ৰাপ্তি দেখুওৱা হৈছে ৷ এই মুঠ পুঁজিৰ ১,১৪,০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী ২৫,৩৫৯.১৯ কোটি টকা মূলধনী শিতানৰ বুলি বাজেটত প্ৰদৰ্শন কৰা হৈছে (Ajanta Neog presented Assam Budget) ৷

লগতে পঢ়ক: Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন

বিত্তমন্ত্ৰীয়ে বাজেটত সন্নিবিষ্ট কৰা বিভিন্ন উৎসৰ পৰা অহা আনুমানিক প্ৰাপ্তিৰ তালিকা অনুসৰি ৰাজ্যিক কৰৰ পৰা ৩০,০০১.৬৬ কোটি টকা (মুঠ বাজেটৰ ২২%), কৰহীন ৰাজহ ৭০১০.৮৪ কোটি টকা (মুঠ বাজেটৰ ২%), কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ৰাজহৰ পৰিমাণ ৩১,৯৫০.৮৯ কোটি টকা (মুঠ বাজেটৰ ২৩%) প্ৰাপ্তি হ’ব (Assam assembly budget session)।

আনহাতে কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবত ৩১,১৩০.৪৮ কোটি টকাৰ (মুঠ বাজেটৰ ২৩%) লগতে বিত্তীয় আয়োগৰ অনুদান ৰূপে ১০,১৮৬.৩৯ কোটি টকা (মুঠ বাজেটৰ ৭%) দেখুওৱা হৈছে । ঋণৰ পুনৰুদ্ধাৰ আৰু আগধনৰ পৰা ৩০৬.৮৮ কোটি টকা লাভ কৰিব বুলি দেখুওৱা হয় বাজেটত (Assam FM budget speech) ৷

আনহাতে, বছৰটোত ৰাজহুৱা খণ্ডৰ পৰা ২৫,০৫২.৩১ কোটি টকা ধাৰ লোৱাৰ প্ৰস্তাৱ ৰখা হৈছে যিটো মূল বাজেটৰ ১৮ শতাংশ ৷ অৰ্থাৎ বাজেটৰ মুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকাৰ ২৫,০৫২.৩১ কোটি টকা মুকলি বজাৰৰ পৰা ঋণ ল’ব আগন্তুক বিত্তীয় বৰ্ষটোত ৷ এইদৰে আহিবলগীয়া ধনৰ শিতানবোৰ ধৰি সৰ্বমুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকাৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে । ৰাজহুৱা শিতানত ১,৮০,২৯৮.৮৩ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ শিতানত ২ হাজাৰ কোটি টকা যোগ হোৱাত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'বগৈ ৩,২১,৭৪,২৭১ কোটি টকা (Assam govt in debt)।

লগতে পঢ়ক: Assam Govt Budget 2023 : তিনিটা বিন্দুত কেন্দ্ৰীভূত এইবাৰৰ বাজেট, বিত্ত মন্ত্ৰী অজন্তা নেওগ

বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণ অনুসৰি আনুমানিক ৬৬০.৯ কোটি টকা ৰাহি হ'ব লেনদেনৰ বাবত । ইয়াৰ বাবে বছৰটোৰ আৰম্ভণিৰ ঘাটি ১৫৯৬.১৯ কোটি টকাৰ হিচাপ মিলালে ২০২৩-২৪ বৰ্ষৰ বাজেটৰ ঘাটিৰ পৰিমাণ ৯৩৫.২৩ কোটি টকা হ’বগৈ বুলি বাজেটত উল্লেখ বিত্তমন্ত্ৰীগৰাকীৰ ৷ বাজেট ভাষণ পাঠৰ পাচতেই এই বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ সদনত নিজৰ বক্তব্য ৰাখে (Assam budget news) ৷

Last Updated :Mar 16, 2023, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.