Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন

author img

By

Published : Mar 16, 2023, 1:57 PM IST

Assam Budget 2023

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ তৃতীয় পর্যায়ৰ অধীনত মঞ্জুৰিকৃত ২,৭৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ ভিতৰত ১,৫৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ । নাবাৰ্ডৰ সাহায্যপ্রাপ্ত NIDA Component-ৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি ১,২৫২.১৪ কোটি টকা ব্যয় সাপেক্ষে ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব । লোক নিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৪,৪৮৩.০৪ কোটি টকা আবণ্টন (Assam govt budget 2023) ।

গুৱাহাটী, ১৬ মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ পূৰ্ণাংগ বাজেট (FM Ajanta Neog presented Assam budget 2023) । এই বাজেটত লোক নিৰ্মাণ বিভাগৰ ক্ষেত্রত যথেষ্ট পুঁজিৰ আবণ্টন দিয়া হৈছে । লোক নিৰ্মাণ বিভাগত (পথ) ১১,৯৭৩.৫৫ কোটি টকা আবণ্টন দিয়া হৈছে । আনহাতে, লোক নিৰ্মাণ বিভাগৰ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) ক্ষেত্রত ৪৪৮৩.০৪ কোটি টকা আবণ্টন দিয়া হৈছে (12 crores for PWD in Assam budget 2023) । লোক নির্মাণ (পথ) বিভাগৰ ক্ষেত্রত বাজেটত উল্লেখ কৰা হয় যে প্রধানমন্ত্রীয়ে ৰাজ্যখনত অভিলাষী অসম মালা আঁচনিখন মুকলি কৰাটো সৌভাগ্যৰ বিষয় ।

এই আঁচনিৰ অধীনত সুচল পৰিবহণৰ বাবে অত্যাধুনিক সুৰক্ষা মানৰ উচ্চ গতি সম্পন্ন কৰিড'ৰ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে । প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ (PMGSY) তৃতীয় পর্যায়ৰ অধীনত মঞ্জুৰিকৃত ২৭৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ ভিতৰত ১৫৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে । পৰৱৰ্তী পৰ্যায়ৰ পথ নিৰ্মাণ প্রকল্প প্রস্তুতিৰ কাম চলি আছে । ইয়াত পৰিৱেশজনিত বহন ক্ষমতা আৰু স্থায়িত্বৰ বাবে এফ ডি আৰ (Full Depth Reclamation) নামৰ এক নতুন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে । বিভাগে অসম মালা এছ অ’ পি ডি ২০২২-২৩-ৰ অধীনত ৬৩১.৫০ কোটি টকা ব্যয় সাপেক্ষে দুখন নতুন দলং নিৰ্মাণৰ কাম হাতত লৈছে ।

ইয়াৰে এখন দলং ঘূণাসুঁতিত সোৱণশিৰি নদীৰ ওপৰত আৰু আনখন কুমাৰীকাটা আৰু নয়াবস্তি সংযোগী পথসহ পাগলাদিয়া নদীৰ ওপৰত । তদুপৰি, বিভাগে এ আই আই বি সাহায্যপ্রাপ্ত Assam Secondary Road Network Improvement Project (ASRIP) Component-ৰ অধীনত ৩৫১৯.২৭ কোটি টকা ব্যয়ত ২৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম হাতত লৈছে । তদুপৰি, এছীয় উন্নয়নী বেংকৰ সাহায্যপ্রাপ্ত Assam South Asia Subregional Economic Cooperation corridor connectivity Project-ৰ অধীনত ৩,৯৯৪ কোটি টকা ব্যয়েৰে ৩১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কামো হাতত লোৱা হৈছে ।

নাবাৰ্ডৰ সাহায্যপ্রাপ্ত NIDA Component-ৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি ১,২৫২.১৪ কোটি টকা ব্যয় সাপেক্ষে ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । চৰকাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন Extradosed PSC দলং নিৰ্মাণৰ ৭০ শতাংশ কাম সম্পূর্ণ কৰিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীয়ে বাজেটত উল্লেখ কৰে । এই দলংখনৰ বাবে ২,৬০৮.৬৭ কোটি টকাৰ প্ৰকল্প ব্যয় মঞ্জুৰ কৰা হৈছে । ইফালে লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বাবে বাজেটত ৪৪৮৩.০৪ কোটি টকা আবণ্টন দিয়া হৈছে । বাজেট ভাষণত বিত্ত মন্ত্রীগৰাকীয়ে কয় যে ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰাজ্যখনৰ ৰাজহুৱা গৃহসমূহৰ নিৰ্মাণ তথা চোৱা-চিতাৰ বাবে লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক মূলতঃ দায়িত্ব অর্পণ কৰা হৈছে ।

অসমক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক মেডিকেল হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই বিভাগে যোৱা বছৰৰ ভিতৰতে উত্তৰ লখিমপুৰ আৰু ধুবুৰীত দুখন নতুন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে । তদুপৰি, নলবাৰী, নগাঁও আৰু কোকৰাঝাৰৰ ৩ খন নতুন চিকিৎসা মহাবিদ্যালয় ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ পৰা কাৰ্যক্ষম হ’ব । শিক্ষা খণ্ডত বিভাগটোৱে হোজাই, বজালী, নাৰায়ণপুৰ, গোলাঘাট, চাবুৱা, মাজুলী আৰু যোৰহাটত ৭ খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে । লাচিতৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিভাগে যোৰহাট জিলাৰ লাহদৈগড়ত থকা লাচিত মৈদামত লাচিত বৰফুকনৰ এটা ১২৫ ফুট ওখ মূৰ্তি নিৰ্মাণ কৰি আছে আৰু ইয়াৰ কাম ২০২৫ বৰ্ষৰ ভিতৰত সম্পূর্ণ হ’ব ।

নতুন দিল্লীৰ দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । সাংস্কৃতিক খণ্ডত নাৰায়ণপুৰত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ কাম সম্পূর্ণ হোৱাৰ পথত আছে । সেইদৰে নগাঁৱত বটদ্ৰৱা থানক এক সাংস্কৃতিক আৰু পৰ্যটনস্থলী হিচাপে উন্নীতকৰণৰ কামো আগবাঢ়ি আছে । মাজুলী-যোৰহাট সংযোগী দলং আৰু মৰিগাঁও-কৌপাতি পথৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ পকী দলঙৰ নিৰ্মাণৰ কামো হাতত লোৱা হৈছে বুলি বিত্ত মন্ত্রীয়ে বাজেট ভাষণত সদৰী কৰে ।

লগতে পঢ়ক :Assam Govt Budget 2023 : তিনিটা বিন্দুত কেন্দ্ৰীভূত এইবাৰৰ বাজেট, বিত্ত মন্ত্ৰী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.