Assam CM budget reaction: বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকা আৱণ্টন

author img

By

Published : Mar 16, 2023, 6:30 PM IST

Updated : Mar 16, 2023, 6:57 PM IST

Assam CM budget reaction

বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়া উত্থাপিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ হিতাধিকাৰী সৃষ্টিয়েই চৰকাৰৰ লক্ষ্য বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (Assam CM budget reaction) ৷

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক ভূয়সী প্ৰশংসা মুখ্যমন্ত্রীৰ

গুৱাহাটী, ১৬ মাৰ্চ: বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে এনে এখন বাজেট দিয়াৰ বাবে মুখ্যমন্ত্রীয়ে বিত্তমন্ত্রী অজন্তা নেওগকো প্ৰশংসাৰে ওপচায় । তেওঁ কয় যে, অসমৰ অৰ্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু অৰ্থনৈতিক বিকাশক প্ৰতিগৰাকী ব্যক্তিকে সামৰি লোৱাৰ এক মহান সংকল্পৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে (Assam CM budget reaction)।

বাজেটৰ বিভিন্ন দিশ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মহিলাসকলৰ বাবে বাজেটত বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে । বেংকক ঋণ ওভতাই দি মহিলাসকলক এন অ' চি প্ৰদান কৰাৰ কথা বাজেটত কোৱা হৈছে । আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বাজেটত । অসমত ৩.২৭ লাখ আত্মসহায়ক গোটৰ ৩৯ লাখ সদস্য আছে । প্ৰতিগৰাকী মহিলাকে এইবছৰ এহাজাৰ টকাকৈ দিয়া হ'ব । যাতে ঘৰতে উদ্যোগ গঢ়াৰ চিন্তা কৰিব পাৰে (Loan for women in Assam Budget) ।

সেই চিন্তাৰ প্ৰজেক্ট ৰিপ'ৰ্ট অহাৰ লগে লগে বিত্তমন্ত্রীয়ে প্ৰত্যেকগৰাকী মহিলাকে অতিৰিক্ত ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব । ইয়াৰ বাবে বাজেটত ৩৯০০ কোটি টকা আৱণ্টন দিয়া হৈছে । আনহাতে কেন্দ্ৰীয় আঁচনিয়ে স্পৰ্শ নকৰা সকলৰ বাবে মুখ্যমন্ত্রী আৱাস যোজনাৰ কথা বাজেটত কোৱা হৈছে । মুখ্যমন্ত্রীয়ে লগতে কয় যে, বাজেটত অসমৰ ঘৰুৱা জনমূৰি আয় চাৰে পাঁচ লাখ কোটি টকালৈকে লৈ যোৱাৰ সংকল্প লোৱা হৈছে (Assam budget news)।

লগতে পঢ়ক: Assam budget 2023-24 : বাজেটত শিক্ষা ক্ষেত্ৰলৈ কিমান আবণ্টন বিত্ত বিভাগৰ ?

সেইদৰে স্বাস্থ্যখণ্ডৰ বাবে মুখ্যমন্ত্রীৰ আয়ুষ্মান অসমৰ সুবিধা লাভ কৰিব পাৰিব ৩২ লাখ পৰিয়ালে । ৰেচন কাৰ্ড থকা সকলোৱে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব । এই বিত্তীয় বৰ্ষৰ বাজেটতে অসমৰ ৫০০ খন স্কুলক ৬ কোটি টকাকৈ যোগান ধৰা হ'ব । নতুনকৈ তিনি হাজাৰ কিলোমিটাৰ পকী পথ নিৰ্মাণ কৰা হ'ব (CM Ayushman Assam Scheme) ।

আনহাতে অসমৰ চাহশিল্পৰ দুশ বছৰীয়া উদযাপনৰ বাবে অৰ্থডক্স চাহৰ ক্ষেত্রত প্ৰতি কেজিত ১২ টকাৰ ৰাজসাহায্য দিয়াৰ কথা বাজেটত কোৱা হৈছে । তেওঁ লগতে কয় যে, বাজেটত কৃষি আয়কৰ আৰু তিনি বছৰৰ বাবে ৰেহাই দিয়া হৈছে । চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা বাজেটত ৰখা হৈছে (Reservation in Govt job for tea labours)।

তেওঁ কয় যে, আন্তঃগাঁঠনি উন্নয়নৰ দিশত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । আনহাতে, বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে । বাজেটক বিৰোধীয়ে হিতাধিকাৰী সৃষ্টি কৰ‍া বুলি কোৱা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘আমাৰ কামেই সেইটো । চৰকাৰৰ কামেই হিতাধিকাৰী সৃষ্টি কৰা । আমি শাসনলৈ হিতাধিকাৰী সৃষ্টি কৰাৰ বাবেই আহিছো ।’’ (Assam govt aims to create beneficiaries)

লগতে পঢ়ক: Assam Budget A to Z: সদনত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

মুখ্যমন্ত্রী আৰু মন্ত্রীসকল হিতাধিকাৰী হ'লে ৰাইজ কিয় নহ'ব বুলি তেওঁ কয় । তেওঁ কয় যে, এই চৰকাৰখনৰ লক্ষ্যই হ'ল হিতাধিকাৰী সৃষ্টি কৰা । বিৰোধীৰ কথাখিনিক আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম বুলি তেওঁ কয় । দৰিদ্ৰতা নিৰ্মূলৰ প্ৰসংগত তেওঁ কয় যে, নিবনুৱাৰ সংখ্যা ২২ লাখৰ পৰা ১২ লাখলৈ কমি আহিল (Assam CM on unemployment)।

Last Updated :Mar 16, 2023, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.