ETV Bharat / state

ইণ্ডি এলায়েন্স আই চিই উত থকা বুলি জানিবলৈ দিছে বিজেপিৰ মুখপাত্ৰই

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 9:04 PM IST

পাঁচ ৰাজ্যৰ ফলাফলৰ পিছত I.N.D.I.A. আই চি ইউত আছে বুলি জনাইছে বিজেপিৰ মুখপাত্ৰই ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাৰ মতে অসমীয়া প্ৰৱচনৰ কেবাটাও উদাহৰণ হেনো ভূপেন বৰা আৰু কংগ্ৰেছ ৷

assam bjp spokesperson
বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

গুৱাহাটী, ৬ ডিচেম্বৰ : দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত বিৰোধী দলসমূহৰ মিত্ৰজোঁট I.N.D.I.A. এতিয়া আই চি ইউত আছে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ । বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত বৰুৱাই দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত বিৰোধী ইণ্ডি এলায়েন্সৰ অংশীদাৰী দলসমূহৰ সম্পৰ্কে কয় যে এই দলসমূহৰ চৰিত্ৰই আছিল মূলতঃ কংগ্ৰেছ বিৰোধিতা । সেয়া উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিয়েই হওক বা তৃণমূল কংগ্ৰেছেই হওক । অথচ একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত এই দলসমূহ I.N.D.I.A.ত অন্তৰ্ভূক্ত হৈ কংগ্ৰেছৰ সৈতে লগ লাগি বিজেপিৰ বিৰোধিতা কৰিবলৈ লয় ।

তথাপিও এইসমূহ দলৰ চৰিত্ৰৰ পৰিৱৰ্তন নহ’ল বুলি মন্তব্য কৰে মনোজ বৰুৱাই । মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ উদাহৰণ ডাঙি ধৰি বৰুৱাই পুনৰ কয় যে মধ্যপ্ৰদেশৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে ৭১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । আম আদমি পাৰ্টীয়ে পাঁচ ৰাজ্যৰ নিৰ্বাচনত দুশতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিও এখনো আসন লাভ নকৰিলে ।

নিৰ্বাচনী ফলাফলে পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আস্থা আৰু বিশ্বাস স্থাপন কৰি বিজেপি দলক বিপুলভাবে জয়যুক্ত কৰায় বুলি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে । ফলত ইণ্ডি এলায়েন্সৰ দলসমূহৰ মাজত এক ভঙোনমুখী প্ৰৱণতা দেখা যায়, যাৰ ফলস্বৰূপে আজি ৬ ডিচেম্বৰত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই আহ্বান কৰা ইণ্ডি এলায়েন্সৰ সভালৈ অংশীদাৰী দলসমূহ নোযোৱাৰ সিদ্ধান্ত লয় । গতিকে ইণ্ডি এলায়েন্স এতিয়া আই চি ইউত বুলি কব পাৰি ।

আনহাতে অসমৰ প্ৰসংগ টানি আনি বিজেপি মুখ্য মুখপাত্ৰ বৰুৱাই কয় যে অসমৰ নতুন প্ৰজন্মক অসমীয়া প্ৰৱচন বা আপ্তবাক্য যদি বুজাবলগীয়া হয়, তেন্তে প্ৰদেশ কংগ্ৰেছ আৰু সভাপতি ভূপেন বৰাৰ কাম-কাজ লক্ষ্য কৰিলেই বুজিব পাৰিব । এইক্ষেত্ৰত বৰুৱাই উদাহৰণ দি কয় যে "নাও বুৰিলেও টিঙৰ পৰা ননমা”, “বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি " আদি আপ্ত বাক্যবোৰৰ উদাহৰণ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

একেখন সংবাদমেলতে শেহতীয়াকৈ প্ৰকাশ পোৱা নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত অসমত অপৰাধজনিত ঘটনা হ্ৰাস পোৱাত অসম প্ৰদেশ বিজেপিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ জনায় ।

লগতে পঢ়ক : APSCৰ কেলেংকাৰীৰ তদন্তক লৈ উদাসীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.