ETV Bharat / state

Assam BJP criticized Congress : ভাৰত জোড়ো যাত্ৰা ভূপেন বৰাৰ ফ্লপ শ্ব’: বিজেপি

author img

By

Published : Dec 16, 2022, 7:48 PM IST

Assam BJP criticized Congress
ৰাজ্যিক বিজেপিৰ সংবাদমেল

ৰাজ্যিক বিজেপিৰ সংবাদমেল । প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই (Congress Bharat Jodo Yatra) দলটোৰ নিশকতীয়া দিশটোক ৰাইজৰ আগত উদঙাই দিলে । দলটোৰ নেতৃত্বৰ চূড়ান্ত মিথ্যাচাৰে কাৰ্যকৰ্তা সকলক এক প্ৰকাৰ হতাশগ্ৰস্ত কৰি তুলিছে । প্ৰকৃতাৰ্থত কংগ্ৰেছে এতিয়া ৰাইজৰ মাজৰ পৰা বহু দূৰত অৱস্থান কৰিছে আৰু শতিকা পুৰণি দলটো এটা নিশকতীয়া দললৈ পৰিণত হ’ল (Assam BJP criticized Congress Bharat Jodo Yatra)। কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ অৱস্থা এতিয়া চাৰি ম’হৰ যুঁজত বিৰিণা মৰাৰ দৰে (Angkita Dutta removed from post) ।

ভাৰত জোড়ো যাত্ৰা ভূপেন বৰাৰ ফ্লপ শ্ব’ : মমিনুল আৱাল

গুৱাহাটী, ১৬ ডিচেম্বৰ : ‘‘কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই (Congress Bharat Jodo Yatra) বিভাজনৰ ইতিহাস সৃষ্টি কৰিছে । জনসাধাৰণৰ মাজত বিভেদ আনি এটা বিশেষ শ্ৰেণীক প্ৰতিনিধিত্ব কৰাৰ চেষ্টা কৰিছে । কংগ্ৰেছৰ ভাৰত জোড়ো নহয়, এয়া ভাৰত তোড়ো যাত্ৰাহে ৷’’ বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে বিজেপি মুখপাত্ৰ ড৹ মমিনুল আৱালে (Assam BJP criticized Congress Bharat Jodo Yatra)৷

লগতে বিজেপি মুখপাত্ৰ মমিনুল আৱালে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক ভূপেন বৰাৰ ফ্লপ শ্ব’ বুলিহে আখ্যা দিয়ে ৷ তেওঁ কয় যে, ভাৰত জোড়ো যাত্ৰাৰ পৰা কংগ্ৰেছৰ একো লাভ হোৱা নাই । কেন্দ্ৰীয় নেতা আহিব বুলি কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীক টুপী নহয় এইবাৰ বস্তাহে পিন্ধালে । লগতে তেওঁ কয় যে কংগ্ৰেছৰ কথাবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ এতিয়া ৰাইজ কেৱল বিজেপিৰ লগত আছে বুলিও আখ্যা দিয়ে বিজেপিৰ মুখপাত্ৰ ড৹ মমিনুল আৱালে ।

জ্যেষ্ঠ নেতা ড৹ আৱালে কয় যে প্ৰদেশ কংগ্ৰেছৰ “ভাৰত জোড়ো যাত্ৰা”ত কংগ্ৰেছৰ মাত্ৰ এমুঠিমান নেতাকহে উপস্থিত থকা দেখা গ’ল । তেওঁলোকৰ অনুষ্ঠানত সৰ্বসাধাৰণ ৰাইজৰ কথা বাদেই কংগ্ৰেছী কার্যকৰ্তায়ো অংশ গ্ৰহণৰ পৰা বিৰত থাকিল ।

লগতে আৱালে কয়, ‘‘কংগ্ৰেছ দলটোত ঠগ-প্ৰৱঞ্চনাৰে ভৰপূৰ নেতৃত্বৰ অভাৱ নাই । প্ৰদেশ কংগ্ৰেছে প্ৰথমে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী অসমলৈ আহিব বুলি কৈছিল আৰু পিচৰ পৰ্যায়ত মল্লিকার্জুন খৰ্গে ভাৰত জোড়ো যাত্ৰাত উপস্থিত থাকিব বুলি কথা দিছিল যদিও কার্যতঃ সেয়া প্ৰত্যক্ষ নহ’ল । দলৰ নেতৃত্বৰ এনেধৰণৰ চূড়ান্ত মিথ্যাচাৰে কাৰ্যকৰ্তাসকলক এক প্ৰকাৰ হতাশগ্ৰস্ত কৰি তুলিছে’’ ।

লগতে পঢ়ক : Assam Youth Congress Election : ঘোষণা হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন

আৱালে কয়, ‘‘প্ৰকৃতাৰ্থত কংগ্ৰেছে এতিয়া ৰাইজৰ মাজৰ পৰা বহু দূৰত অৱস্থান কৰিছে আৰু শতিকা পুৰণি দলটো যে এটা নিশকতীয়া দললৈ পৰিণত হ’ল সেয়া ৪৫ দিনীয়া ভাৰত জোড়ো যাত্ৰাই প্ৰমাণ কৰিলে’’ । ইয়াৰ বিপৰীতে বিজেপিয়ে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ হকে নিৰৱিচ্ছিনভাৱে কাম কৰি ৰাইজৰ অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ কয় ।

উক্ত সংবাদমেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পংকজ বৰবৰাই কংগ্ৰেছৰ “ভাৰত জোড়ো” যাত্ৰাই দলটোৰ অধঃপতনৰ দিশটোক ৰাইজৰ আগত উদঙাই দিলে বুলি মন্তব্য কৰে । তেওঁ কয়, ‘‘কংগ্ৰেছৰ এই যাত্ৰা ভাৰত জোড়ো নহয়, ভাৰত তড়োহে হ’ব লাগিছিল ।

প্ৰদেশ কংগ্ৰেছে বি টি এ ডি এলেকাৰ জনজাতীয় ৰাইজ, অসমৰ পাৰ্বত্য এলেকাসমূহ এই কাৰ্যসূচীৰ অন্তৰ্গত নকৰি তেওঁলোকৰ বিভাজনৰ নীতিক স্পষ্ট কৰিছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই “ভাৰত জোড়ো”ৰ যাত্ৰাত হাজাৰৰো অধিক ৰাইজৰ সমাগম হৈছে বুলি মন্তব্য কৰিছে যদিও সেয়া প্ৰকৃততে ভুবা বুলি সদৰী কৰি তেওঁ কয় যে “ভাৰত জোড়ো”ৰ যাত্ৰাৰ প্ৰতিটো কাৰ্যসূচীত জনসাধাৰণৰ উপস্থিতি নগন্য আছিল ।

তেওঁ লগতে কয়, ‘‘কংগ্ৰেছ নেতৃত্বই কোৱাৰ দৰে অসমৰ ৰাইজে বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচৰা নাই ৷ অসমৰ ৰাইজে কংগ্ৰেছৰ পৰাহে পৰিত্ৰাণ বিচাৰিছে । গণবৰ্জিত “ভাৰত জড়ো” যাত্ৰাৰ কাৰ্যসূচী ইয়াৰে প্ৰমাণ’’ । কংগ্ৰেছৰ এনে নিশকতীয়া অৱস্থাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিকাশৰ পষেক কাৰ্যসূচীত হাজাৰ হাজাৰ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে, অংকিতা দত্তৰ প্ৰসংগত সংবাদিকৰ প্ৰশ্নৰ উত্তৰ তেওঁ কয় যে, কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ (Angkita Dutta removed from post) অৱস্থা এতিয়া চাৰি ম’হৰ যুঁজত বিৰিণা মৰাৰ দৰে হৈছে ।

লগতে পঢ়ক : Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.