ETV Bharat / state

Assam Arunachal Border Issue : চলিত বছৰৰ শেষত সমাধানৰ দিশে সীমান্ত সমস্যা, বিধানসভাত মন্ত্ৰী অতুল বৰা

author img

By

Published : Apr 6, 2023, 7:02 AM IST

border issue
border issue

চলিত বছৰতে সমাধান হ'ব অসম-অৰুণাচল সীমান্ত সমস্যা । সীমাবিবাদ নিষ্পত্তিৰ বাবে বাবে অসম আৰু অৰুণাচল চৰকাৰে গঠন কৰিছে ১২ খনকৈ আঞ্চলিক কমিটী (Assam Arunachal border dispute to be resolved) । বিধানসভাৰ মজিয়াত এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই ।

গুৱাহাটী, ৬ এপ্ৰিল : অসম-অৰুণাচল প্ৰদেশৰ মাজত সীমাবিবাদ নিষ্পত্তি চলিত বছৰৰ শেষ ভাগত সম্পন্ন হ'ব (Assam Arunachal border dispute to be resolved) । এই কথা বুধবাৰে বিধানসভা অধিবেশনত সদৰী কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই (border security and development minister Atul Bora) । অসম বিধানসভাত আন্তঃৰাজ্যিক সীমান্তত বাস কৰা ভূমিপুত্ৰৰ সুৰক্ষা সন্দৰ্ভত বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে সোধা প্ৰশ্নৰ উত্তৰ দি অতুল বৰাই কয় যে অসম-অৰুণাচল প্ৰদেশৰ মাজত সীমাবিবাদ নিষ্পত্তি কৰিবৰ বাবে অসম আৰু অৰুণাচল চৰকাৰে ১২ খনকৈ আঞ্চলিক কমিটী (Regional Committee for border issue) গঠন কৰি দিছে ।

পাৰ্শ্বৱৰ্তী আঞ্চলিক কমিটীবোৰে যুটীয়াভাৱে বিবদমান অঞ্চল পৰিদৰ্শন কৰি যুটীয়া প্রতিবেদন নিজ নিজ চৰকাৰক দিবলৈ নিৰ্দেশ দিয়া হৈছে । এই প্রতিবেদনৰ ভিত্তিত দয়োখন ৰাজ্যৰ দ্বাৰাই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি সীমাবিবাদৰ নিষ্পতিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ সদনত জনায় । মন্ত্ৰী অতুল বৰাই সীমাবিবাদ সন্দৰ্ভত বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ আন এক প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীনোত্তৰ অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যা পাৰস্পৰিক বুজাবুজিৰে সমাধানৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে সীমান্ত অঞ্চলত বাস কৰা ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ স্বাৰ্থত কাষৰীয়া ৰাজ্যৰ চৰকাৰৰ লগত সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে বহু পদক্ষেপ লৈ আহিছে ।

তেওঁ জনায় যে এই সীমা সমস্যা নিষ্পত্তি কৰাৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ উপদেশমর্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্রদেশ চৰকাৰৰ লগত দ্বি-পাক্ষিক বুজাবুজিৰ জৰিয়তে সীমাবিবাদ নিষ্পত্তি কৰিবলৈ আঞ্চলিক কমিটী গঠন কৰি ক্ষেত্রভিত্তিক ভ্রমণ, পৰ্যবেক্ষণ, পর্যালোচনা কৰি সংশ্লিষ্ট ৰাজ্যসমূহে বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা লৈছে । মন্ত্ৰী অতুল বৰাই কয় যে অসম আৰু মেঘালয়ৰ মাজত থকা মুঠ ১২ টা বিবদমান অঞ্চলৰ ৬ টা অঞ্চলৰ সীমা যুটীয়াভাৱে নিৰ্ধাৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত বুজাবুজিৰ চুক্তি (MoU for Assam Arunachal border issue) স্বাক্ষৰ কৰা হৈছে আৰু সীমা জৰীপৰ কাম হাতত লোৱা হৈছে ।

বাকী ৬ টা বিবদমান অঞ্চলৰ নিৰীক্ষণৰ বাবে অসম আৰু মেঘালয় দুয়োখন চৰকাৰে আঞ্চলিক কমিটী গঠন কৰিছে । অসম আৰু মিজোৰাম ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে । শেহতীয়াকৈ মিজোৰাম চৰকাৰে তেওঁলোকৰ ভূমি দাবীৰ সংক্রান্তত তথ্য দাখিল কৰিছে আৰু এই বিষয়ে পর্যালোচনা কৰি থকা হৈছে । অসম আৰু নাগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে ।

ইপিন অসমৰ সীমামূৰীয়া ৰাজ্যৰ লগত সীমা বিবাদক লৈ সংঘটিত হিংসাত্মক কাৰ্য আৰু বনজ সম্পদৰ অবাধ লুণ্ঠন ৰোধ কৰাৰ সন্দৰ্ভত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে । আন্তঃৰাজ্যিক সীমান্তত স্থাপন কৰা আৰক্ষীচকীত অসম আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে । আৰক্ষীয়ে নিয়মিত আৰু প্ৰয়োজন অনুযায়ী এলেকাসমূহত নিজাববীয়াকৈ আৰু আন বিভাগৰ (বন বিভাগ) সহযোগত তহলদাৰী ব্যৱস্থা, নিৰীক্ষণ আৰু পহৰাৰ ব্যৱস্থা কৰি আহিছে ।

সীমামূৰীয়া ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ লগতো অসম আৰক্ষীয়ে নিয়মিত যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰি আহিছে, যাতে কোনো ধৰণৰ হিংসাত্মক কাৰ্য সংঘটিত নহয় । ইয়াৰোপৰি স্থানীয় লোকৰ লগতো সমন্বয় আৰু যোগাযোগ ৰাখিছে, যাতে ঘটনাৰ পূৰ্বাভাস সময়মতে পোৱা যায় । সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে সীমান্ত আৰক্ষীচকীৰ গৃহ নির্মাণ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আর্থিক পুঁজি যোগান ধৰি আহিছে বুলিও তেওঁ সদৰী কৰে ।

লগতে পঢ়ক :New medical colleges in Assam: ১৪ এপ্ৰিলত ৰাজ্যত মুকলি হ’ব তিনিখনকৈ মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.