ETV Bharat / state

অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !

author img

By

Published : Jun 6, 2021, 5:49 PM IST

অসমত কংগ্ৰেছ হাৰিল কিয় ? পোন্ধৰ বছৰে একেৰাহে শাসন চলোৱা দলটো ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে কিয় অসমত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল ? এই গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ এআইচিচি(AICC) য়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিছে প্ৰতিবেদন ।

cong_report_assam election
অসমত কংগ্ৰেছ হাৰিল কিয় ? অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা

গুৱাহাটী, ৬ জুন : ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছে এটি প্ৰতিবেদন ৷ অসমত কংগ্ৰেছ হাৰিল কিয় ? পোন্ধৰ বছৰে একেৰাহে শাসন চলোৱা দলটো ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে কিয় অসমত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল ? এই গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটি (AICC)য়ে গঠন কৰি দিছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ নেতৃত্বত এখন পাঁচজনীয়া উচ্চস্তৰীয় সমিতি । সেই সমিতিয়ে ১ জুনত দলৰ হাইকমাণ্ডক দাখিল কৰিছে প্ৰতিবেদন । যিখন প্ৰতিবেদনত অসমৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিপৰ্যয়ৰ মুখামুখি হ'বলগীয়া হোৱা কাৰণসমূহ পুংখানুপুংখভাবে ফঁহিয়াই দেখুওৱা হৈছে ।

এআইচিচি (AICC)ৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, অশোক চৱনৰ নেতৃত্বাধীন উক্ত সমিতিখনে কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে কেইবাটাও কাৰণ চিনাক্ত কৰিছে । তাৰ ভিতৰত অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে এআইইউডিএফ (AIUDF)ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা । এই মিত্ৰতাই নামনি অসমত কিছু পৰিমাণে কংগ্ৰেছক সহায় কৰিলে ঠিকেই, কিন্তু উজনিত কংগ্ৰেছক ক্ষতি কৰিলে । উজনিত মাত্ৰ পাঁচখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল কংগ্ৰেছ ।

ঠিক তেনেদৰে প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে "কা" বিৰোধী ভোট একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট সফল হ’ব নোৱাৰিলে । বহু সমষ্টিত আঞ্চলিক দলেও কংগ্ৰেছক বিস্তৰ ক্ষতি কৰিলে বুলি অশোক চৱনৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ভাৱমূৰ্তি আৰু গ্ৰহণযোগ্যতাৰ বিষয়টোও বিপৰ্যয়ৰ আন এক কাৰণ বুলি কোৱা হৈছে প্ৰতিবেদনত । একেদৰে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰতো কংগ্ৰেছ সফল হব নোৱাৰিলে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, অশোক চৱন নেতৃত্বাধীন এই উচ্চস্তৰীয় পাঁচজনীয়া সমিতিখনৰ আন চাৰিগৰাকী সদস্য আছিল ক্ৰমে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্শ্বিদ, মনীষ তিৱাৰী, ভিনচেন্ট এইছ পালা আৰু জ্যোতিমণি ।

লগতে পঢ়ক: M-13 নে কাৰ্বি পথ : ক’ত হ’ব সোণোৱালৰ নতুন ঠিকনা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.