ETV Bharat / state

Asam Sahitya Sabha: অসম সাহিত্য সভাই নিৰ্মাণ কৰিব সংগ্ৰহালয়, অভিলেখাগাৰ

author img

By

Published : Mar 9, 2023, 11:09 AM IST

অসম সাহিত্য সভাই নিৰ্মাণ কৰিব এটা সংগ্ৰহালয়ৰ লগতে এটি অত্য়াধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰ (Asam Sahitya Sabha will build a museum and archive) ৷ লগতে সভাই গঠন কৰিব 'চিন্তন কোষ', উদযাপন কৰিব 'অভিধান অধ্যয়ন দিৱস'। দিল্লীত স্থাপন হ'ব অসম সাহিত্য সভাৰ কাৰ্যালয় ৷ সংবাদ মেলযোগে এই কথা সদৰী কৰিলে সভাপতি সূৰ্য্য হাজৰিকাই ৷

press conference Assam Sahitya Sabha
সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাৰ সংবাদ মেল

গুৱাহাটী, ৮ মাৰ্চ: আগন্তুক দিনসমূহৰ বাবে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাই এক সংবাদ মেল সম্বোধন কৰি অৱগত কৰিলে এই তথ্য ৷ গুৱাহাটীৰ সাহিত্য সভা ভৱনত(Bhagwati Prasad Baruah Bhavan Guwahati) অনুষ্ঠিত হৈছিল এই সংবাদমেলখন ৷

অসম সাহিত্য সভাই নিৰ্মাণ কৰিব এটা সংগ্ৰহালয়ৰ লগতে সাহিত্য বিষয়ক এটি ডিজিটেল অভিলেখাগাৰ(Asam Sahitya Sabha will build a museum and archive) ৷ বুধবাৰে আয়োজিত এখন সংবাদমেলত এই বিষয়ে সদৰী কৰে সভাৰ সভাপতি ড৹ সূৰ্য্য হাজৰিকাই । লগতে এটা অত্যাধুনিক কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ কথাও উল্লেখ কৰিলে সভাপতিগৰাকীয়ে । তদুপৰি খিলঞ্জীয়া ভাষাসমূহক লৈ এখন শব্দ কোষো প্ৰকাশ কৰিব সভাই ৷

তাৰোপৰি অসম সাহিত্য সভাৰ পত্ৰিকাখনি পুনৰ প্ৰকাশৰ চিন্তাচৰ্চা কৰিছে সভাই। আগন্তক বৰ্ষ সমূহত সমগ্ৰ অসম সাহিত্য সভা পত্ৰিকা একত্ৰিত ৰূপত, একাধিক খণ্ডৰে প্ৰস্তুত কৰিব সভাই ৷ তদুপৰি অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ যিসকল নবীন প্ৰতিভা আছে তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ লগতে আগবঢ়াই নিবৰ বাবে সাহিত্য সভাৰ উদ্যোগত বিভিন্ন কৰ্মশালা আৰু আলোচনাচক্ৰৰ আয়োজন কৰা হ'ব বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷ লগতে অসমৰ বহু বৰেণ্য ব্যক্তিৰ গ্ৰন্থ পুনৰ প্ৰকাশ কৰিব অসম সাহিত্য সভাই।

অসমীয়া আৰু ইংৰাজী ভাষাৰ অভিধান অধ্যয়নৰ এটা বিশেষ দিন অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰে আগন্তুক বৰ্ষত 'অভিধান অধ্যয়ন দিৱস' উদযাপন কৰিব অসম সাহিত্য সভাই । লগতে বাণিজ‍্য বিশ্বকোষ আৰু কৃষি বিশ্বকোষ প্ৰকাশ কৰিব অসম সাহিত্য সভাই । তাৰোপৰি দিল্লীত স্থাপন হ'ব অসম সাহিত্য সভাৰ এটি কাৰ্যালয় । লগতে তেখেতে ক‘লে, আগন্তুক দিনত এখন আন্তৰ্জাতিক অসমীয়া সাহিত্য সন্মিলন অনুষ্ঠিত কৰিব অসম সাহিত্য সভাই। অসমৰ এশটা বিষয়ক লৈ অনুষ্ঠিত কৰা হ'ব এই বিশেষ সন্মিলন । লগতে সভাপতিগৰাকীয়ে জনালে, অসম সাহিত্য সভাই গঠন কৰিব এটি চিন্তন কোষ ৷

সংবাদমেলখনত অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যকালৰ বাবে এখন কাৰ্যনিৰ্বাহক কমিটিৰ তালিকাও প্ৰকাশ কৰা হয় । অসম সাহিত্য সভাৰ সংবিধান অনুসৰি প্ৰস্তত কৰা হৈছে তালিকাখন । আগন্তুক ২ এপ্ৰিলত প্ৰকাশ কৰা হ'ব ইয়াৰ দ্বিতীয় খন তালিকা । তাৰোপৰি ২ এপ্ৰিলত যোৰহাটত অনুস্থিত হ'ব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাখন ৷

লগতে পঢ়ক: Baresaharia Bhauna 2023: বাৰেচহৰীয়া ভাওনাৰ থলীলৈ ২ কোটি আৰ্থিক সাহায্যৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.